08 March, 2013

• বিষ ফুহাঁ •

................এইবিধ এক সাংঘাটিক ধৰণৰ ষ্টেটাছ টেগ । যতেই টেগ কৰে তাৰপৰাই টিঙিছ টিঙিছ নটিফিকেচন আহিয়ে থাকে, আহিয়ে থাকে । একেটা নটিফিকেচনে মুৰৰ যিকন ঘিউ নামৰ গোবৰ আছে, সেইয়া গাহৰিয়ে হেৰি নেফানেফ কৰাদি কৰে । চবে দেখা জেগাত অথবা চবকে দেখুৱাব পৰা জেগাত বিষ ফুহাঁ টেগ কৰিলে যি কি নহওঁক ছিণ্ডিকেটত মাল কমোৱাদি ফেচেলিটি কমাব পাৰি । কিন্তু যেতিয়াই ভুটানত আলফা লুকুৱাদি চুকে কোনে টেগ হব, উই মা অপাৰেচন অল ক্লীয়েৰেও পাত্তা নাপাই । মানুহক দেখোৱাবও নোৱাৰি টেগবোৰ ৰিমভ কৰিবও নোৱাৰি, ৰিপৰ্ট কৰি দিবও নোৱাৰি । সহি থাকা আৰু ধাম ধাম নটিফিকেচন । কোনোবা এপাকত ডেল ষ্টেইনক গেইলে দিয়া ১০৫ মিটাৰৰ কানতলিয়াটোৰ দৰে লাগে । কেতিয়াবা আকৌ দেওবাৰে অকনমান শুম বুলি ব্লেংকেটখন টানি লওতেই অফিচৰ বছে ফোন কৰি এক্সটা ডিউটি দিবলে মতা নিচিনা লাগে । আটাইতকৈ বেয়া টেগ কৰা ঠাই হ'ল ভৰি দুখনৰ মনিকাঞ্চন সংযোগত । সেইঠাইত কি সংগ দোষে কোবাই নাযানো কাকও দেখিব নোৱাৰা হৈ টিঙিৰি তুলা হয় । পাকে প্ৰতি হিৰুচিমা, পাকে প্ৰতি গনেচগুৰি । অখিল গগৈৰ চিঞৰত দিছপুৰ কঁপাদি বডিৰ চব ডিপাৰ্টমেণ্ট হিলি যায় । আঠুকেইটাই লুকাই চুৰকে আলিংগন কৰিবলে চেষ্টা কৰিলেই গহপুৰত অৰ্ডাৰ দিয়ে ফায়াৰিং । আপুনি পিকচাৰত বিদ্যা বালানক চাও বুলি বহিবহে, ৬ বজাৰ এলাৰ্ম বজাদি মাৰি থাকে টিটিটিটি টিটিটিটি । কেতিয়াবা মন যায় চাল্লা চেটেই উঠাই দিও নেকি, পিছে মেমৰীয়ে ফৰমেট হৈ যোৱাৰ ভয়ত বিধান সভাৰ অধিবেশনত ১০২ নং সমষ্টিৰ বিধায়ক জন বহি থকাদি থাকো আৰু । এইবিধ অনশন শেষ নোহোৱালেকে নকল পকেটত থকাৰ পাছতো কলম কামুৰি বহি থকা সুভাগ্যৱান ল'ৰাটোৰ দৰে থাকিব লাগে । সান্ধ্য আইন আগতেই উঠাই ললে যেনিবা আগতেই টেগ ৰিমভ কৰিব পাৰি । তাৰ পাছত জেগা ডুখৰ যেনেকুৱা হয় উন্নত দেশত চাল্লা তেনেকুৱাই দি গৰুও নাযায় । আচলতে কি হ'ল গম পাইনে ? বৰ্তমান মইও এভাগৰ অনশন কাৰ্যসুচী নিৰবে চাই আছো । বাওঁফালে, জেগাতে । :পি

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।