খোজবোৰ গৈ থাকে
বহাগ ৰৈ থাকে
ফাগুন আহিব
মেঠনি মাৰি দিম
বুকুখন লুকাব . . .
মিলকি ৰৈ থাকে
মামৰলগা বাকচটো সাবতি
একাষে দহবছৰীয়া দুটা আধাপেটী পেট
বাপেকটো ৰঙাঘৰত সুখেৰেই আছে ,থাকক !
নিৰীহ জীৱনে মৰা ছাঁইৰ গোন্ধ পোৱা নাই অন্ততঃ ।
বাটেৰে সদায় যোৱা বগীধৰে
আলু দুটা পেলাই থৈ যায় চুকত
আৰু দুপাত নোপোৱাৰ শৰ
উপাইও যে নাই
সাত বছৰীয়া এযোৰ হে কাপোৰ
কেনেকৈনো ঢাকিব চৌত্ৰিশ বছৰীয়া বুকু ।
বাকচটো মইনা যেন লাগে
কৰালবন্ধা তেজৰ মাজে মাজে
ফুটুকীয়া সেউজীয়া হাঁহি !
ইস . . .
তোৰ কি মনত নাই ?
এদিন যে কৈছিলি
ভালপোৱাৰ সেউজীয়া ৰং
নীলাবোৰ লগতে থাকে . . .
( নীলাবোৰ কি বুলি মই সুধিলো, মই নজনাকৈ, জানিয়ে তই ক'লি যন্ত্ৰনাৰ নীলা নীলা ৰং । )
মিলিকিয়ে ভাবেঃ
আজি এটা বেয়া সপোন দেখিম ।
বতাহজাকে ক'ৰবাৰ পৰা আহি ক'ব
নীলা বোৰেই সঁচা
তেজবোৰ ক'লা ক'লা হ'ব
সেউজীয়া, সাধু কথা হ'ব
বাকচটো হেৰাই যাব ক'ৰবাত . . .
( তই হেনো আন কাৰোবাক তই হ'বলে কৈছিলি । )
ল'ৰা হঁতক উঠাই দিম
'বগীধৰক ক'বি, কাইলৈ আইলৈ কাপোৰ এযোৰ আনিবি
. . . . নতুন ।'
[ বিঃ দ্ৰঃ
''উদং বাকচ'' মামণি ৰয়চম গোস্বামীৰ এটা হৃদয় বিদাৰক গল্প । তেখেতক এই আপাহতে সোঁৱৰিছো । ]
No comments:
Post a Comment