Showing posts with label চাৰ্জলাইট ভূঞাৰ বেজী [ব্যংগ ৰচনা]. Show all posts
Showing posts with label চাৰ্জলাইট ভূঞাৰ বেজী [ব্যংগ ৰচনা]. Show all posts

04 April, 2014

আধুনিক গৰু বিহু


বিহু অসমৰ খৰচী উৎসৱ । অতিজৰে পৰাবাপতি সাহোন সকলে এই বিহুৰ নামত মগনীয়াক প্লেটখনত দিবলৈ অনা চাউলকেইটাৰো চান কাঢ়ি থোৱাৰ দৰে খৰচ কৰি আহিছে । এই বিহু, নামত তিনিটা । তাৰে এটা, বহুত দিনৰ আগৰ পৰা আয়োজন আৰু বহুত দিনৰ পাছত সামৰণী মৰা হয় । এই বিহুত বহুত ৰঙ বিৰঙ কাপোৰ আৰু শাক পাচলি ওলাই কাৰণে ইয়াক ৰঙালী বিহু বুলি কোৱা হয় । মাৰ্চ মাহৰ পৰাই এই বিহুৰ প্ৰস্তুতি আৰম্ভ হয় । বেনাৰ মৰা, কাৰ্য্যালয় পতা, গাড়ী ৰখাই পইচা তোলা আদি এই বিহুৰ উপলক্ষে পালন কৰা হয় । তাৰ পাছত মেইন বিহু বুলি এপ্ৰিলৰ মাজভাগতে তিনিদিন স্কুল কলেজ, অফিচ কাছাৰী বন্ধ থাকে । সেই বন্ধতে বহু দিন নিজৰ ঘৰলৈ যাবলে নোপোৱাবোৰ ঘৈনিয়েক, পুতেকহঁতক টাউনতে এৰি গাৱলৈ ঢাপলি মেলে । বৰষুণৰ কাৰণে গাৱত বোকা বাবে ঘৈনিয়েক আৰু পুতেক যাবলৈ অমান্তি হয় ।
বিহুৰ আগদিনা বিহু বজাৰ । তাত শাকপাচলিৰ পৰা আৰম্ভ কৰি পঘা, মুখ বন্ধা টেকেলী আৰু বহু কিবা কিবি পায় । বিশেষকৈ সেইদিনা জাতিলাউ, বেঙেনা, কেৰেলা, টিয়হ, থেকেৰা, হালধি বিক্ৰী বেছি হয় । সস্তাও হয়। সেউজীয়া সৰু সৰু পাত থকা মুঠি মুঠিকে বিকে । মানুহে কিনে ।
বন্ধৰ প্ৰথম দিনা গৰু বিহু । সেইদিনা ৰাতিপুৱা গৰু কেইটাক ভালকৈ গছত বান্ধি লৈ গাত কিবা ক'লা মাহ আৰু হালধীয়া সানি লৈ বাল্টিয়ে পানী তুলি সেইবোৰ ধুই পেলোৱা হয় । তাৰ পাছতেই ফ্ৰাই কৰিবলৈ কটাৰ দৰে কাটি জোঙা মাৰি এডালত থোৱাৰ পৰা এপিচ এপিচকে কেচাঁ বোৰ খাবলৈ দিয়ে গৰুক । নাখাই, তামাম চেকুৰ মাৰে । তাৰ পাছতে মানুহৰ চেকুৰা চেকুৰ বোৰ আৰম্ভ হয় । সৰু ল'ৰা ছোৱালীবোৰ বেলেগে আৰু ডাঙৰবোৰো বেলেগকে । ডাঙৰবোৰে খেদা খেদি কৰি চাঞ্চ ল' চাঞ্চ ল' বুলি চিঞৰে । ভাগৰ লাগিলে বাদ দিয়ে । বাথৰুমত সোমাই গা ধুই আজৰি হয় মানে ভৰ দুপৰীয়া হয় । ল'ৰাবোৰে বজাৰৰ পৰা কিনি থোৱা লাটুমটোৰ নিচিনা পেণ্ট পোকৰওলোৱাকে পিন্ধে, পলিথিনৰ নিচিনা গামোচাৰে বনোৱা নাড়ীলৈকে পৰা চোলা এটা পিন্ধে । ছোৱালী বোৰে কিপিন্ধে নাম কোনেও নাজানে, আদিম যুগৰ পৰম্পৰা অব্যাহত ৰাখি তেওঁলোকে সাজপাৰ পৰিধান কৰে । ডায়েটিংৰ বিশেষ সূচী অনুযায়ী সকলোৱে জলপান নামৰ আউটডেটেড মালবোৰ নাখায় । তেনেকেই মহিলা সকলে বিহু সামৰণী মাৰে ।
পুৰুষ সকলৰ আৰম্ভ হয় । আঠজন মান লৰা গোট খাই কাৰোবাৰ ঘৰৰ আচুতীয়া জেগা এডুখৰ বাছি লৈ 'তিনিপাতি' চৰু কৰি দিয়ে । বিহু বুলি বোনাচ পোৱা কাৰোবাৰ যোগ হয়, কাৰোৱাৰ লাউলোৱা হয় । সেইখন খেল ৰাতি বহু দেৰিলৈ চলে । তাৰ পাছতে সকলোৱে পুৰণা ভগা টিং, ঢকুৱা ইত্যাদি যি যেনেকৈ পাৰে হাতত লৈ মানুহ মখাৰ টেমা গৰম কৰে । টোপনি ভাঙে । সেইভাগ কাম পুৱতি নিশালৈকে চলে । দেশী বিদেশী যিয়ে নহওক সেইবোৰৰ চোক কমাৰ লগে লগে সকলোৱে অৰিহনা সমূহ ভাগ কৰি পাছদিনাৰ তিনিপাতিলৈ টঙালী বন্ধাৰ ৰঙীন সপোনৰে সৈতে শুই থাকে । বাপুতি সাহোন গৰু বিহু এনেদৰেই অন্ত হয় ।

15 March, 2013

• ৰাঙলী গাই •



ණ চাৰ্জলাইট ভূঞা

''শুৱনি আমাৰ গাওঁখনি অতি
প্ৰেমেৰে উপচি পৰে
আবেলি হ'লেই ৰাস্তাই ঘাটে
লোকেল পিৰিতি চলে. . . ''

আমাৰ গাওঁখনেই এনেকোৱা । প্ৰত্যেক দুঘৰৰ অন্তৰে অন্তৰে ছোৱালী এজনি হ'লেও আছেই, ল'ৰাও সমান । গাওঁ মানে ভীমে ভাতখোৱা চৰিয়াটোৰ সমান । নামঘৰত বাৰ্ষিক সবাহ পাতিলেহে হিচাপ ওলাই । বিলনিয়া কেইতাৰ চুৰিয়া তিতি যায় । আবেলি টাইমত একচক্কৰ দিবলে যোৱাৰ অভ্যাস আমাৰ গাৱৰ সকলো ডেকাৰে আছে ।

সেইমতেই গাটো দুবাল্টি পানীৰে পখালি মুৰত মিঠাতেল এজেবা আৰু কাজিনেমু ৰস অলপ লৈ বিন্দাছ সানি টেৰেনাম ষ্টাইলত সেওটা ফালি সুহুৰিত 'তেৰি মেৰি প্ৰেম কাহানি..' লগাই টিপটপ হিৰ' বাইচকুল খন চলাই ওলাই মই যাওয়ে ।
কালি কি হ'লঃ ওলাই যাওতেই ককা এজনে পালে । ককা মানে তামাম ককা । ৰঙা গাই গৰু এজনি মাত্ৰ, যি কথাই নাপাতক যেনেতেনে গাইজনীৰ কথা কবই । মোৰ দৰে সকলোৱে কামোৰ পাই । মোক ৰখালে । ভাবিলো আজি বৰবাদ । এফালে ইজনে ষ্টাৰ্ট দিলেই ।
: কলৈ যাৱ ? বুইছনে, তহতঁৰ বাপেৰ তেতিয়া সৰু ;এই যে অহাযোৱা কৰা ৰাষ্টাটো,
আমি মাটি তুলি বন্ধোৱা । তাৰ বহু বছৰৰ পাছত PWDয়ে লৈছে । PWDত আকো মোৰ ভাগিন এটা আছে । ঘৰ শৰাইঘাটৰ ফালে । শৰাইঘাটত আকৌ বৰ ডাঙৰ যুদ্ধ এখন হৈছিল বুইছ' । লাচিতে নবচোৱা হ'লে....। গৌৰীসাগৰৰ পৰা অলপ সিফালে লাচিতৰ নামৰ কলেজ এখন আছে, দেখিছনে তই ? সেইখিনে পৰাই মোৰ গাইজনী আনিছিলো । এতিয়াহে গাটো ধৰিছে তাইৰ । ৰাতিপুৱা শুই উঠিয়েই. . . . .

: ককা, কালি ৰাতিপুৱাই আপোনাৰ গাইজনীয়ে আমাৰ ঘাঁহ খালেহি । ঘাঁহখিনি আকৌ ৰমেন খুড়াই কিনি থৈছিল । সেই ৰমেন খুড়াৰ সৰুটোৰ লগত মই একেলগে পঢ়ো । সিয়ে মোক আজি কাটা ৪ বজাত সিহতঁৰ ঘৰ পোৱাকে মাতিছিল । চাপৰি ফালে ফুৰিবলৈ যাম । চাপৰিত আকৌ . . . .

: বুপাই তোৰ দেৰি হৈছে । যা ।

মই একে উশাহে ১৭ বাৰ ফুল পেদেল মাৰি হে ভাবিছোঃ আজি ভাল বাছিলো ।

চাঞ্চতে চাই ল'





নিসিংহ মুৰাৰী ভাওনাত আটাইতকৈ ওজু ভাওঁ দুটাই আছে । এটা কৃষ্ণৰ লগত ওলাব লাগে, লক্ষ্মী । বচনৰ নামত সঁচ একো মাতিব নালাগে । মনমোহন কাইদেউৰ নিচিনা টুৱেনটি টাইট হৈ আগলে গৈ থাকিব লাগে বিজুলী দুই এটা মাৰি মাৰি । ভজ নাইকিয়া লেডিজ বোৰেও সেইটো ভাও ভাগত পায় । দুইনম্বৰটো হ'ল দানৱ-গন । চাৰিটা মানুহ লাগে । চাৰিটা দানৱ । সেইকেইটাই বচন নিজে তিনিআলিৰ তক্তাত বহি চাদা মলি যিকেইটা পাতে তাকে পাতিলেই হ'ল । সেয়ে সকলোৱে তাকে ল'বলে হেতা ওপৰা কৰে । কাম মাথো এটাই ভক্ত প্ৰহ্লাদক শাস্তি প্ৰদান কৰিব লাগে বাপেকৰ কথা মতে ।
সেইবাৰ ভাবিলো মইও লও । লগত আৰু তিনিটা ।দুটা মোতকৈ সৰু, এটা ডাঙৰ । যেনেতেনে প্ৰবেশ মাৰিলো । প্ৰবেশ মৰাৰ পাছত প্ৰহ্লাদক আমাৰ লগত পঠিয়াই দিলে শাস্তি দিবলে । দুটা শাস্তি দিলো । তিনি নম্বৰটো শাস্তি দিছো পাহাৰৰ পৰা পেলোৱা । বাহিৰলে নি থৈ আহিলোগে । চাৰিওটা আহি নামঘৰৰ মজিয়া পালোহি । মইয়ে কলোঃ 'ভাইহঁত, এইবাৰ সেইপিচ মৰিবই । আমি পুৰষ্কাৰ পামেই । গতিকে অলপ সময় বিশ্ৰাম কৰো আহ ।'
বাকী কেইটাও মোৰ লগতে শুলে, মানে মাটিতে দীঘল দিলে । মই পটকে দেখিলো দুই নম্বৰ লাইনতে চালিয়া ছোৱালী এজাক বহি আছে ।
মোতকৈ সৰু দুটাক ক'লোঃ 'এইটো চাঞ্চতে মালকেইটা চাই ল' ।'
ওপৰত মাইক । সাওতকে গৈ গোতেইখন ওলাই গ'ল । তাৰপাছত গিৰ্জনী । আমি চকু মোহাৰি উঠি বহিলো । যেন একো গম নাপাওৱে । প্ৰহ্লাদেও কিবা বাং বিং গাই আহি আমাৰ ওচৰ পাইছিলহি ।

08 March, 2013

• প্ৰেম এনেকেহে হয় •

.............
বতাহীৰ নাকফুলি পাত দেখিয়েই গহীনে পুইতকেনে প্ৰপ'জ ডাল মাৰি দিলে । ঘৰত থাকিলে গছৰ পৰা কলিতে ছিঙা তিনি বেগেত মান ইস্কাৰ্ট এটা, আৰু কলেজলৈ আহিলে নাড়ীৰ পোনলৈকে দুইফালে কটা ইউনিফৰ্মৰ চুৰিদাৰ । দুপাত্তা বুলিবলে যি এখন লয়, সেইখনে ডিঙিত চেইন নিপিন্ধিলে নেদেখিবলেহে লয় । এইবোৰ শগুন মানে বতাহীৰ । গহীন নালাগে ষোল্লশ ল'ৰা পাগল হ'ব । দেখদেখকৈ কলেজলৈ অহা দিনাৰ পৰা প্ৰপজ মাৰিম মাৰিম কে থাকোতে থাকোতে গহীনৰ টেন্দাৰ নটিছ খনো আঠ নম্বৰতহে পৰিলগে । ক'বলে গলে গহীনো চকুত নলগাবিধৰ নহয় । পুৱাই উঠি গুচোৱা পিয়াজটোৰ গতে মুখখন চুচে । হাফ চাৰ্টটোও দুইটা হাতত দুকোছ মাৰে । ওপৰফালে দুটা বুটাম খুলি গেঞ্জি এটা পিন্ধি অহা গোপনীয় সত্যটো ঘোষনা কৰে । চুলি কেইদাল যেনিবা জেণ্টল ষ্টাইল । পেণ্ট যিটো পিন্ধে, খোলোতে প্লাছ এটা লাগে । সেয়ে প্ৰায়ে জৰুৰী নহলে নুখুলেই । বগা আকটিভা এখন লৈ বাপেকৰ পইচাৰে তেল ভৰাই । হাতত নকিয়াৰে এপিচ ম'বাইল । বতাহিয়েও কি ভাল দেখি নাজানো টোটেল তেৰটা লৰাৰ ভিতৰত আমাৰ গহীনকে ইয়েছ কৈ দিলে । সেইদিনাৰ পৰা আৰু দুইটাকে যোৰা ভগাই দেখা নগ'ল । থাপতে পাই এদিন গহীনক সুধিলো -''বোলো বতাহীৰ কি খবৰহে ? কেনে চলিছে প্ৰেম ?''
: ''ধুইৎ... ধান্দা এটা লগাই আছো । এদিন দুটকা এটা খৰছ হ'ব । তাৰ পাছত মোকো চিনি নাপাই, মইও ।'' আমাৰ গহীনৰ মটলব চাওঁক ।

• বিষ ফুহাঁ •

................এইবিধ এক সাংঘাটিক ধৰণৰ ষ্টেটাছ টেগ । যতেই টেগ কৰে তাৰপৰাই টিঙিছ টিঙিছ নটিফিকেচন আহিয়ে থাকে, আহিয়ে থাকে । একেটা নটিফিকেচনে মুৰৰ যিকন ঘিউ নামৰ গোবৰ আছে, সেইয়া গাহৰিয়ে হেৰি নেফানেফ কৰাদি কৰে । চবে দেখা জেগাত অথবা চবকে দেখুৱাব পৰা জেগাত বিষ ফুহাঁ টেগ কৰিলে যি কি নহওঁক ছিণ্ডিকেটত মাল কমোৱাদি ফেচেলিটি কমাব পাৰি । কিন্তু যেতিয়াই ভুটানত আলফা লুকুৱাদি চুকে কোনে টেগ হব, উই মা অপাৰেচন অল ক্লীয়েৰেও পাত্তা নাপাই । মানুহক দেখোৱাবও নোৱাৰি টেগবোৰ ৰিমভ কৰিবও নোৱাৰি, ৰিপৰ্ট কৰি দিবও নোৱাৰি । সহি থাকা আৰু ধাম ধাম নটিফিকেচন । কোনোবা এপাকত ডেল ষ্টেইনক গেইলে দিয়া ১০৫ মিটাৰৰ কানতলিয়াটোৰ দৰে লাগে । কেতিয়াবা আকৌ দেওবাৰে অকনমান শুম বুলি ব্লেংকেটখন টানি লওতেই অফিচৰ বছে ফোন কৰি এক্সটা ডিউটি দিবলে মতা নিচিনা লাগে । আটাইতকৈ বেয়া টেগ কৰা ঠাই হ'ল ভৰি দুখনৰ মনিকাঞ্চন সংযোগত । সেইঠাইত কি সংগ দোষে কোবাই নাযানো কাকও দেখিব নোৱাৰা হৈ টিঙিৰি তুলা হয় । পাকে প্ৰতি হিৰুচিমা, পাকে প্ৰতি গনেচগুৰি । অখিল গগৈৰ চিঞৰত দিছপুৰ কঁপাদি বডিৰ চব ডিপাৰ্টমেণ্ট হিলি যায় । আঠুকেইটাই লুকাই চুৰকে আলিংগন কৰিবলে চেষ্টা কৰিলেই গহপুৰত অৰ্ডাৰ দিয়ে ফায়াৰিং । আপুনি পিকচাৰত বিদ্যা বালানক চাও বুলি বহিবহে, ৬ বজাৰ এলাৰ্ম বজাদি মাৰি থাকে টিটিটিটি টিটিটিটি । কেতিয়াবা মন যায় চাল্লা চেটেই উঠাই দিও নেকি, পিছে মেমৰীয়ে ফৰমেট হৈ যোৱাৰ ভয়ত বিধান সভাৰ অধিবেশনত ১০২ নং সমষ্টিৰ বিধায়ক জন বহি থকাদি থাকো আৰু । এইবিধ অনশন শেষ নোহোৱালেকে নকল পকেটত থকাৰ পাছতো কলম কামুৰি বহি থকা সুভাগ্যৱান ল'ৰাটোৰ দৰে থাকিব লাগে । সান্ধ্য আইন আগতেই উঠাই ললে যেনিবা আগতেই টেগ ৰিমভ কৰিব পাৰি । তাৰ পাছত জেগা ডুখৰ যেনেকুৱা হয় উন্নত দেশত চাল্লা তেনেকুৱাই দি গৰুও নাযায় । আচলতে কি হ'ল গম পাইনে ? বৰ্তমান মইও এভাগৰ অনশন কাৰ্যসুচী নিৰবে চাই আছো । বাওঁফালে, জেগাতে । :পি

• ওৱান মেছেজ ৰিছিভড •

'কিতাপৰ মাজতে লুকুৱাই থৈছিলো তোলৈ লিখা চিঠিখন
ভণ্টি জহনীজাতিয়ে পাই কৰে উকালতি
ধান বনাদি বানিছে মোৰে বুকুখন ।''

চিঠিবুলি কলেই ৰমৰমাই যায় । কিতাপে পত্ৰইহে পঢ়া কথা । ততা চোতালখনত লভ লেটাৰ বুলিও চিঠি এখন নিলিখিলে । বেলেগৰ চিঠি নপঢ়া নহয়। লুকাই চুৰকে বাকচৰ তলফালে থকা আমাৰ পেৰেণ্টচৰ লভ লেটাৰবোৰ পঢ়িছো । লগৰ ল'ৰাবোৰক প্ৰেয়সীলে আমিয়ে লিখি দিয়াইছো ।

'গৰম পানী যিমান গৰম,
তোমালে মোৰ সিমান মৰম ।'

' হাঁহে মাতে পেত পেত
তোমালৈ মোৰ মৰম বাঢ়ে নিতৌ এবেগেত ।'

চিঠি কেতিয়াবা কঢ়িয়াব লগাও হয় । হাতৰ টিপত, চকুৰ টিপত চিঠি বিলাই মাক বাপেকৰ আগত আলেকজেণ্ডাৰটো হৈ পৰো । পিছে নিজৰ বেলিকা পুজা হৈ যোৱাৰ পাছত গছৰ তলত থৈ দিয়া বিশ্বকৰ্মা মূৰ্তীটোৰ দৰে হয়গে । এদিনো নিজৰ নামটো ওপৰত অহা পঢ়ি পোৱা নাই, তলত নিজৰ নামেৰে লিখি পোৱা নাই । ভাবিলে ধৰ্মেন্দ্ৰৰ গতে হাতত চুলাই এবতল লৈ পানী টেংকীৰ পৰা জপিয়াই দিবলে মন যায় বুইছেনে । নাভাবো কাৰণে ।

তাৰ পাছতে কান ফুচ ফুচ আহিলে । ১১ বজাৰ পাছত যাদু সেৱা । ফ্ৰী । দিনটো মেছেজ মেছেজ । তেতিয়াও ভাবো ৰং নাম্বাৰ এটাও লাগিব নাপাইনে মোৰ ফোনটোত । কেতিয়াবা মবাইলটোক কওঁ ইটো জনমত তইয়ে পাপ কৰিছিলি, যাৰ কাৰণে ফল ভুঞ্জিছো মই । ভাঙি পেলাবও নোৱাৰি, নতুন এটা কিনিবলে যাওঁতে গাখীৰে মুখখন ধুই যাবলেও পইচা নাই । যি কেইটা মেছেজ আহে বাপেকৰ টেমা, ভুচুংপহু সেৱা । অপেন-ডিলিট । মাথা বেয়া । ফোন কৰো ১৯৮ । ছোৱালীকেইজনীৰ মাতটো বৰ ধুনীয়া । ৰিলায়েঞ্চে দিয়ে, বাকীবোৰে কাটি দিয়ে । নুবুজে পাই আমাৰ বোৰৰ কথা । তথাপিও ৰং নাম্বাৰ এটাৰ পৰা ফোন অহালে বাট চাও ।

আজি তাকে ১২ বজাত মেছেজ এটা আহিল । কণাগোসাঁইটোলৈ দীঘল সেৱা এটা কৰি খুলিছো আৰু, প্ৰথম লাইনটো দেখিয়ে ১২০ টকা দি দৈ টেকেলি এটা কিনি আনি পনীয়া দেখিলে যেনে লাগে, মাথাটো তেনেকোৱা হ'ল । ১১ মাৰ্চ ২০১৩ ৰ পৰা ১৫ দিনীয়া প্ৰশিক্ষন এটা ডিব্ৰুগড়ৰ লাহোৱাল কলেজত । চব বৰবাদ । ১২ তাৰিখে ভোজ এটা আছিল সেইটোও গ'ল । ১৭ তাৰিখে গুৱাহাটী যাম ভাবিছিলো সেইটোও গল । মোক মাডাৰে কি খাই পাইছিলে অ' । এতিয়া টালি টুপোলা লৈ ঘৰ ।



(০৮-০৩-২০১৩)

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।