15 March, 2013

• ৰাঙলী গাই •



ණ চাৰ্জলাইট ভূঞা

''শুৱনি আমাৰ গাওঁখনি অতি
প্ৰেমেৰে উপচি পৰে
আবেলি হ'লেই ৰাস্তাই ঘাটে
লোকেল পিৰিতি চলে. . . ''

আমাৰ গাওঁখনেই এনেকোৱা । প্ৰত্যেক দুঘৰৰ অন্তৰে অন্তৰে ছোৱালী এজনি হ'লেও আছেই, ল'ৰাও সমান । গাওঁ মানে ভীমে ভাতখোৱা চৰিয়াটোৰ সমান । নামঘৰত বাৰ্ষিক সবাহ পাতিলেহে হিচাপ ওলাই । বিলনিয়া কেইতাৰ চুৰিয়া তিতি যায় । আবেলি টাইমত একচক্কৰ দিবলে যোৱাৰ অভ্যাস আমাৰ গাৱৰ সকলো ডেকাৰে আছে

সেইমতেই গাটো দুবাল্টি পানীৰে পখালি মুৰত মিঠাতেল এজেবা আৰু কাজিনেমু ৰস অলপ লৈ বিন্দাছ সানি টেৰেনাম ষ্টাইলত সেওটা ফালি সুহুৰিত 'তেৰি মেৰি প্ৰেম কাহানি..' লগাই টিপটপ হিৰ' বাইচকুল খন চলাই ওলাই মই যাওয়ে ।
কালি কি হ'লঃ ওলাই যাওতেই ককা এজনে পালে । ককা মানে তামাম ককা । ৰঙা গাই গৰু এজনি মাত্ৰ, যি কথাই নাপাতক যেনেতেনে গাইজনীৰ কথা কবই । মোৰ দৰে সকলোৱে কামোৰ পাই । মোক ৰখালে । ভাবিলো আজি বৰবাদ । এফালে ইজনে ষ্টাৰ্ট দিলেই ।
: কলৈ যাৱ ? বুইছনে, তহতঁৰ বাপেৰ তেতিয়া সৰু ;এই যে অহাযোৱা কৰা ৰাষ্টাটো,
আমি মাটি তুলি বন্ধোৱা । তাৰ বহু বছৰৰ পাছত PWDয়ে লৈছে । PWDত আকো মোৰ ভাগিন এটা আছে । ঘৰ শৰাইঘাটৰ ফালে । শৰাইঘাটত আকৌ বৰ ডাঙৰ যুদ্ধ এখন হৈছিল বুইছ' । লাচিতে নবচোৱা হ'লে....। গৌৰীসাগৰৰ পৰা অলপ সিফালে লাচিতৰ নামৰ কলেজ এখন আছে, দেখিছনে তই ? সেইখিনে পৰাই মোৰ গাইজনী আনিছিলো । এতিয়াহে গাটো ধৰিছে তাইৰ । ৰাতিপুৱা শুই উঠিয়েই. . . . .

: ককা, কালি ৰাতিপুৱাই আপোনাৰ গাইজনীয়ে আমাৰ ঘাঁহ খালেহি । ঘাঁহখিনি আকৌ ৰমেন খুড়াই কিনি থৈছিল । সেই ৰমেন খুড়াৰ সৰুটোৰ লগত মই একেলগে পঢ়ো । সিয়ে মোক আজি কাটা ৪ বজাত সিহতঁৰ ঘৰ পোৱাকে মাতিছিল । চাপৰি ফালে ফুৰিবলৈ যাম । চাপৰিত আকৌ . . . .

: বুপাই তোৰ দেৰি হৈছে । যা ।

মই একে উশাহে ১৭ বাৰ ফুল পেদেল মাৰি হে ভাবিছোঃ আজি ভাল বাছিলো ।

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।