Showing posts with label লিমাৰিক. Show all posts
Showing posts with label লিমাৰিক. Show all posts

11 August, 2013

লিমাৰিক

স্বাধীনতা দিৱস আহিলে বুলি অহুকাণে পহুকাণে শুনিছো
 গাড়ীত কেইবাৰ চেকিং কৰে বাটে পথে গনিছো
নিউজ নাচালে পাহৰিয়ে থাকে
 দিৱসটো যে স্কুলতো পাতে
 ১৫ আগষ্ট কি তাৰিখে পাতে নিজকে নিজেই সুধিছো।

15 March, 2013

লিমাৰিক



১
অনিমেষৰ দুখ
সদায় শুকান মুখ
মনিয়ে ৰাতি ফেচবুক কৰে
আনৰ লগত চেটিং মাৰে
ফোন নম্বৰটোও বন্ধ হোৱাত সকলো হেৰাল সুখ ।

২
ৰিয়ান কাৰ তামোলৰ পাক
মাতে আহিয়ে বেটিৰ মাক
চুমা এটা লোৱা
যদি ভালপোৱা
তুমি যে মোক পালা সেইয়াই তোমাৰ লাক ।

৩
ৰিয়ান কায়ে শিকালে
যিমান পাৰে বুজালে
কৰি আছো ট্ৰাই
হৈ গৈছো ফ্ৰাই
পটকৈ পঢ়ি লওঁক পাছত নহ'ব পাবলে ।

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।