Showing posts with label এমুঠি অনুভব. Show all posts
Showing posts with label এমুঠি অনুভব. Show all posts

22 August, 2014

•তেজপুৰৰ গাভৰুজনী•


আপুনি গুলাপী ভেটফুলীয়া ওঁঠ দুপাহিত ৰং নাসানিব।
সেই যে, আপুনি কচমেটিকছৰ দোকান দেখিলেই লিপষ্টিক কিনিব খোজে......
আজিৰ পৰা নিকিনিব সেইবোৰ,
ওঁঠত নাসানিব ৰং,
লুকায় সোঁফালে
চুকৰ ক'লা তিল...
আপুনি যেতিয়া হাঁহে,
অনিৰুদ্ধই সপোন দেখিব লগা নহয় ৰাতি
অগ্নিগড়ত প্রসাৰিত কৰে দুহাত
পোৱাৰ আশাত...
তেজপুৰৰ গাভৰুজনী,
আপুনি দুওঁঠত ৰং নাসানিব...
ক'লা তিলটো লুকালে
বেয়া লাগে দেখি
গনেশ ঘাটৰ আবেলি এটাক বালিৰে সাজিম
আপোনাক সোঁৱৰি উটি উটি
কণীপৰা নাৰ মাছ জাঁকক জোকাম
আপুনি উজানত অহাৰ দৰে, হাঁহি হাঁহি...
য'ত সেই হাঁহি বোৰ থাকিব,
হাঁহিবোৰত কলিয়া ভোমোৰাৰ সন্ধিয়াটোৱে চৰ্চৰণি খাব
মই বেহেলা বুলি ক'ম,
আপুনি ক'ব বাহীঁ
মই গিটাৰ বুলি ক'ম
আপুনি ক'ব
আপুনি ক'ব...
কি ক'ব আপুনি তেতিয়া ?
কওঁক না...
মায়াবীনি কলীয়া তিলৰ গৰাকীনি !
উষাই ৰঙ সানিছিল নেকি কেতিয়াবা ?
চিত্ৰলেখাই ?
সপোনবোৰ কেনভাছত বুলাওতে
ৰঙ আঁকিছিল নেকি তিলটো লুকুৱাই ?
চকুত বাৰু পৰিছিলনে আপোনাৰ?
তিলটো...?
কৃষ্ণৰ নাতিৰ...?
তিলটো আপোনাৰ বিলাসিতা,
কাৰণে অকাৰণে তিলটোৱে আপোনাক তাগিদা দিয়েনে?
আবতৰীয়া বৰষুণজাঁক বিচাৰি...
ৰঙা নীলা সেউজীয়া
কোনযোৰ পোচাকেৰে তিলটোক শুৱাব?
নাই নাই,
আজাৰবুলীয়া কাপোৰ এযোৰ ল'ব
পাৰিলে মিছন চাৰিআলিত...
ঢেকীয়াজুলিত...
কালিকা লগা তিলটো ঢাকি নথব,
বেৰঙী কৰি...
খুওব ধুনীয়া লাগে তিলটো দেখি
আপোনাৰ ওঁঠত জিলিক মিলিক কৰে সি
সপোনত দেও দি!
তেজপুৰৰ গাভৰুজনী...
[৬ জুলাই, ২০১৩]

28 June, 2013

'...মা...'

ভোকত থাকি তুমি
বকাসুৰৰ সাধু কোৱা দিনত 
মই নাজানিছিলো, 
কিমান ভোকত থাকি 
টোপনি যাব নোৱাৰে ৰাতি...
তাঁতৰ পাতত 
চকুপানীৰ ফুলবোৰ 
আঁৰি দিলে
কিয় বিহুৱান হৈ পৰে ?
উঘা লোৱা আঙুলীৰ ঢৌ বোৰ
চুই থাকিও
সুধিবলৈ নহ'ল কথা
কেতিয়া শুৱা...
কেতিয়া উঠা...
'মা' নামৰ নামটোত কিমান যোগ্যতা ?
সীতা... দ্ৰৌপদী...
কুন্তী... গান্ধাৰী...
কুন্তীৰ কথা কোৱা মাজনিশা
নজনাকৈয়ে গালখন
শুকান কৰি দিছিলো তোমাৰ...
আকাশৰ তৰা হোৱা সপোনবোৰ
পূৰ কিয় সোনকালেই হ'ল ?
মই নুবুজাকৈয়ে
বুজিব নুখুজাকৈয়ে...

• মূলাগাভৰু •

তাই কান্দে 
কৱচ কাপোৰ আঁৰি 
গৰ্ভৱতী নিশাটো বুকুত সাৱতি । 
অবাধ্য ৰিহাখন ইফাল সিফাল 
বঙহৰদেউ... 
চেৰেং চেৰেং তোমালৈ বেথা জাগে । 
পৰহিলৈ শালত 
গোমচেঙৰ চোলা এটি ব'ম । 
( কাইলৈ দিনটো কাউৰীজনীৰ সতে তোমাৰ কথা পাতিম ।)

২১.০৬.২০১৩

15 June, 2013

মোৰ চকু

পূৱাতে আবেলি আবেলি...
শিমলু তুলা যেন ৰঙ
আজাৰ কপৌ মদাৰ সোনাৰু
হাঁহিবোৰ কেতিয়াবা তগৰ আৰু বকুল
খবৰ পাওঁ বতাহত
বহাগৰ... ফাগুনৰ... শাওঁনৰ...
আঘোনৰ মানিকী ধান

ঘৰচিৰিকাই কুটা কঢ়িওৱাৰ বাতৰি পলকতে দিয়ে
দুখত কান্দে
সুখত হাঁহে
পোহৰ হলেই বালিমাহী হয়
মোৰ চকু...
সেউজীয়াৰ গান গাব নাজানে
মোৰ চকু...
গোলাপৰ প্ৰেম...
মোৰ চকু...

আইৰ তাঁতশালৰ নাচনী কেইযোৰা
মিতিৰো নাপাতে
মোৰ চকু...

(২৭.০৫.২০১৩)

15 March, 2013

বৰষুণ ভালপাওঁ ....

বৰষুণ ভালপাওঁ
সমগ্ৰ সত্তাৰে...
সপোন দেখো
চুই চোৱাৰ
বুকুত পিন্ধাৰ

মুঠিত নাথাকে ভালপোৱাৰ সীমনা
অন্তহীন টোপালবোৰ মোৰ ঠিকনা
আবেগবোৰ সাঁচি থবলৈ নিদিবা
মই ক'ম তেতিয়া,
মোক ভালপোৱাৰ অজুহাত ।

বৰদৈচিলা ...

[...মৰমৰ একমাত্ৰ 'ভাইটি'ৰ হাতত ]

বৰদৈচিলা
চালখন হেৰাই যায়
বৰষুণে মজিয়া তিয়াই
উৰুখা পঁজাটো পিতাইৰ
মোৰ দৰে চকুপানী মচে

ভোকত ভালপোৱা
সদায়ে আন্ধাৰ

ভাইটি আইৰ পেটমছা
চকুত তাৰ সুখৰ আখৰা
ফটা কেথাখন গাত দি দিও
ঘৰৰ সেইখনেই শুকান বিচনা ।

অকলশৰীয়া

অকলশৰীয়া
খেপিয়াই চাওঁ
গাৰুটো পাওঁ
বাঢ়ি যায় ব্যস্ততা

স্বপ্নভংগ

স্বপ্নভংগ
বাটটোৱে আদবাটত আঁত হেৰুৱাই
নিথৰুৱা হুমুনিয়াহবোৰ সিচঁৰতি হয় ।

18 February, 2013

ধৰ্ষণ

ধৰ্ষণ 
 
অগভীৰ ভালপোৱা 

 
একপক্ষীয় তাড়না ।

আদিম

ফটো-বিকু

নৈ বৈ যায় 
খেনোক পাই জোৰেৰে 
খেনোক পাই ধীৰেৰে 
ফাগুনৰ বতাহত 
যাযাবৰ হয় বুকুৰ দুকাষ ।

16 February, 2013

মুন...



মুন... 

ফুলবোৰ ৰাতি ফুলিলে বগা হয় 
মইও ৰাতিফুলা ফুল হ'ম

আবেলিৰ এজুলুকা ৰান্ধনি ৰ'দ
ভৰিৰ খোজত
বিচাৰি থাকিম আজীৱন
তোৰ অলক্ষিতে ।

• প্ৰেমৰ দিনত মোলৈ... •

 



আজি প্ৰেমৰ দিন (!)
প্ৰেমৰ ৰাতিবোৰত হৃদয়খন ক'ত বন্ধকত দিওঁ 

আজি সঁচা কথা কওঁ আপোনাক 
পিতাইৰ এহাল মাথো চাৰিদাঁতৰ গৰু 
এটা বগা এটা মুগা ।
তিনিবিঘা আধি খেতি, 
নিজৰ আধা । 

কাতি পালেই পিতাইয়ে আইক দিয়ে ভালপোৱা
পেট নভৰে আইৰ
মই কান্দো ।

আইৰ পেট নভৰাৰ দৰেই
আপোনাৰো আধাপেটি পেট
সেইয়া মোক ভালপোৱা দিনৰ কথা ।

আজি আভোক সন্ধিয়াত
আপোনাৰ অচিন চিনাকী
ভাতখোৱাৰ আলহী...
আমাৰ ঘৰত আজিও আন্ধাৰ
কেৰাচিন নাই ।

দিনত ফচল আকাশ
আকাশৰো ওপৰত মোৰ ভালপোৱা
সদায়ে প্ৰেমৰ দিন উদযাপনৰ হেপাঁহ
মুধৰ খুটাত ভঙা পইচা ।
( আপুনি সুখত থাকক প্ৰেমৰ নিশাও,
সঁচা ভালপোৱাহীন হৈও ।
শুভকামনা । )••

[ ১৪.০২.১৩ ]

06 February, 2013

পাপী শ্ৰীকৃষ্ণ


ষোল্লশ ব্ৰজবাসীৰ
সংসাৰত জুই লগোৱা
চ'ত মহীয়া পথাৰৰ
উদং দমৰা

কি গোন্ধ পাইছিলি
অবলা ৰাধাত ?

ন মহীয়া কেঁচুৱাই কান্দিছিল তেতিয়া
মাকৰ স্তন
যেতিয়া চুপিছিলি কাঢ়ি
নাজাননে,
কলেষ্টৰেল নবজাতকৰ সুষম আহাৰ !

তই কেনেকৈ বুজিবি
পুত্ৰ-মাতৃৰ বেথা
কি দোষত বা কন্দোৱালি
নন্দ-যশোদাক !!

আছিলি যদিয়ে
তই সৰ্বশক্তিমান
ওপজিয়ে কৰা নাই কংস সংহাৰ
ভীৰুতাৰ অন্য নাম
 

 আৰু . . .
কি বুজিবি তই
প্ৰেম ভালপোৱা,
মাথো চিনিপাৱ'
পৰকীয়া যৌনতা

তোৰ বিচাৰ হলে ক'ৰবাত . . .
ঘৃণাত নাক কোছাই হাজাৰ জল্লাদ

সেইখন হাতেৰে নুচুবি ৰাধাক
পাপী ,
পাপী শ্ৰীকৃষ্ণ,
তাই অবলা !

©

''ফাগুণে কি আনে . . . .''



মোক নুসুধিব আপুনি
ফাগুণত সপোনবোৰৰ
কিমান দাম উঠে . . .
আপুনি ভবাৰ দৰেই
ফাগুণে জুই আনে
পলাশে তেজ ঢালে
ৰঙা ৰঙা !

আপুনি কেতিয়াবা
তেজবোৰ শুঙি পাইছেনে ?
মদাৰৰ দৰেই মুল্যহীন
আপোনাৰ . . .
মোৰ . . .

এতিয়া ভাবকছোন
ফাগুণে কি আনে . . .
ধূলিয়ৰী বাটত
ধূসৰ ইতিহাস (?)
সপোনবোৰ উৰি থাকে
শিমলু তুলাৰ দৰে
এদেওঁ দুদেওঁ
উৰি উৰি ক'ৰবাত পৰে
কাৰোবাৰ বিয়াত,
সকামত, অন্নপ্ৰাসনত ।

নিসংগতা ফাগুণৰেই ৰঙ
সকলোকে সানে !
নুবুজাৰ অভিনয় নকৰিব আপুনি . .
আজাৰ জোপালৈ চাওঁক
বহুদিন তেনেকৈয়ে থাকে
ফাগুণ অহাৰ আগতো,
যোৱাৰ পাছতো ।

( ০৬.০২.২০১৩ )

27 January, 2013

''উদং বাকচ''




খোজবোৰ গৈ থাকে 
বহাগ ৰৈ থাকে 
ফাগুন আহিব 
মেঠনি মাৰি দিম 
বুকুখন লুকাব . . .

মিলকি ৰৈ থাকে 
মামৰলগা বাকচটো সাবতি 
একাষে দহবছৰীয়া দুটা আধাপেটী পেট 
বাপেকটো ৰঙাঘৰত সুখেৰেই আছে ,থাকক !
নিৰীহ জীৱনে মৰা ছাঁইৰ গোন্ধ পোৱা নাই অন্ততঃ । 

বাটেৰে সদায় যোৱা বগীধৰে
আলু দুটা পেলাই থৈ যায় চুকত
আৰু দুপাত নোপোৱাৰ শৰ 
উপাইও যে নাই
সাত বছৰীয়া এযোৰ হে কাপোৰ 
কেনেকৈনো ঢাকিব চৌত্ৰিশ বছৰীয়া বুকু ।

বাকচটো মইনা যেন লাগে
কৰালবন্ধা তেজৰ মাজে মাজে
ফুটুকীয়া সেউজীয়া হাঁহি !

ইস . . . 
তোৰ কি মনত নাই ?
এদিন যে কৈছিলি 
ভালপোৱাৰ সেউজীয়া ৰং
নীলাবোৰ লগতে থাকে . . .
( নীলাবোৰ কি বুলি মই সুধিলো, মই নজনাকৈ, জানিয়ে তই ক'লি যন্ত্ৰনাৰ নীলা নীলা ৰং । )

মিলিকিয়ে ভাবেঃ 
আজি এটা বেয়া সপোন দেখিম ।
বতাহজাকে ক'ৰবাৰ পৰা আহি ক'ব 
নীলা বোৰেই সঁচা 
তেজবোৰ ক'লা ক'লা হ'ব 
সেউজীয়া, সাধু কথা হ'ব 
বাকচটো হেৰাই যাব ক'ৰবাত . . .

( তই হেনো আন কাৰোবাক তই হ'বলে কৈছিলি । )

ল'ৰা হঁতক উঠাই দিম 
'বগীধৰক ক'বি, কাইলৈ আইলৈ কাপোৰ এযোৰ আনিবি 
. . . . নতুন ।'

[ বিঃ দ্ৰঃ 
''উদং বাকচ'' মামণি ৰয়চম গোস্বামীৰ এটা হৃদয় বিদাৰক গল্প । তেখেতক এই আপাহতে সোঁৱৰিছো । ]

তেওঁৰ বাবেই ৰৈ আছো, যি কেৱল মোৰ . . .


ৰ'দ জাকে ছাঁটো লৈ আনে 
তৰ্জনীত ধৰাই খোজ কঢ়ায়
আৰু লগতে লৈ যায় 
মোৰ সি কোন হয় ?
ডাৱৰীয়া নিঃকীন ! 

খৰালি নৈ খনক কোনে সুধে খবৰ
গাধোৱা দেখি কাষ চাপি অহাজনে ?
বুকুখন কুহুমবুলীয়া দেখে
গাৰঙী মেখেলাখন সৰি পৰে . . .

শীত বুলি গছজোপাই গা ঘেলোৱা নাই
পাতবোৰ সেউজীয়া
কাপোৰখন খুলি দিলেই নগ্ন
তাতে বতাহে সুখ খেপিয়াব !
পুতৌ লাগে তেওঁলৈ . .
কি বিছাৰি পাব বক্ষত ?
উঁঠজুৰি পঢ়িলে শুনিব

তেওঁৰ বাবেই ৰৈ আছো, যি কেৱল মোৰ ।

23 January, 2013

'সত্তা'

সন্মুখত সুদীৰ্ঘ শীত / এমুৰে তুমি / আনফালে আই, পিতাই আৰু মৰমৰ বহুতো . . .

21 January, 2013

শূণ্যতা

হিমশীতল বাস্তব / নৈশব্দতাৰ বগা ফলক ।

20 January, 2013

'মুন'ৰ দৰে নাহিব আপুনি . . .

'মুন'ৰ দৰে নাহিব আপুনি / বুকুত পানীজুলা বান্ধে, / ফুটে, / বিষায় ।

বিচ্ছেদ

সেইদিনাই শেষ দেখা / তোৰ গাত মাহ হালধিৰ চেকা ।

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।