06 February, 2013

''ফাগুণে কি আনে . . . .''



মোক নুসুধিব আপুনি
ফাগুণত সপোনবোৰৰ
কিমান দাম উঠে . . .
আপুনি ভবাৰ দৰেই
ফাগুণে জুই আনে
পলাশে তেজ ঢালে
ৰঙা ৰঙা !

আপুনি কেতিয়াবা
তেজবোৰ শুঙি পাইছেনে ?
মদাৰৰ দৰেই মুল্যহীন
আপোনাৰ . . .
মোৰ . . .

এতিয়া ভাবকছোন
ফাগুণে কি আনে . . .
ধূলিয়ৰী বাটত
ধূসৰ ইতিহাস (?)
সপোনবোৰ উৰি থাকে
শিমলু তুলাৰ দৰে
এদেওঁ দুদেওঁ
উৰি উৰি ক'ৰবাত পৰে
কাৰোবাৰ বিয়াত,
সকামত, অন্নপ্ৰাসনত ।

নিসংগতা ফাগুণৰেই ৰঙ
সকলোকে সানে !
নুবুজাৰ অভিনয় নকৰিব আপুনি . .
আজাৰ জোপালৈ চাওঁক
বহুদিন তেনেকৈয়ে থাকে
ফাগুণ অহাৰ আগতো,
যোৱাৰ পাছতো ।

( ০৬.০২.২০১৩ )

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।