Showing posts with label গল্প. Show all posts
Showing posts with label গল্প. Show all posts

23 November, 2016

মৌচুমীৰ কথাৰে ...

হেল্ল'___পল্লবী গোহাঁই হয়নে?___ মই মৌচুমী আকৌ।___ ঘৰতে আছোঁ। ___আছোঁ জীয়াই যেনেতেনে। তোৰ কি খবৰ? বৈভবৰ? মাইনাৰ? পিংকীৰ? ___কিমানজনী হ'ল তাই? ___জানিছিলোৱেই। কিমান দিন যে হ'ল নেদেখা। মোক চিনি পাবনে? ___নাপাই দে। ___অফিচৰ পৰা অহাই নাই। ___এনেই কৰিলো আকৌ। মোৰ ভাল বান্ধবীজনীলৈ ফোন কৰিবলৈ কাক সুধিব লাগে অ'? ___এইজনী হ'ব থ'। আমাৰ ফালে নহা হ'লি কিয়? কিবা বেয়া পালি? ___জানো দে। তই মোক বেয়া পাব নোৱাৰ'। ___লেৰেলা সাদৰ দেখোৱা নাই মাই চুইট হাৰ্ট। ___শুন তেতিয়াহলে। কথা এটা ক'বলৈহে ফোন লগালো। আজৰি আছ'নে? ___লাহে লাহে ক'বলৈ দে। ___অ' নমাই ল'। কি বনাইছ ঐ? ___বিদ্যা... মই যে কিমান ভালপাওঁ। আমি যে ৰূমত আগতে ৰান্ধিছিলো মনত আছেনে তোৰ? জলকীয়া সহৰকৈ খাই জঁপিয়াই ফোৰোঁ। ___এহ ৰহ, শুন কওঁ। তই আমাৰ ঘৰলৈ নহা তিনি বছৰ হ'ল। আৰু খবৰ খাতি নৰখাৰ দুবছৰ। দুবছৰ মোৰ কাৰণে কেইবাযুগ যেন। ঘৰতে থাকো। কেতিয়াবা টিভি চাওঁ। মেগাজিন পঢ়ো। ফেচবুক চলাওঁ। মনদ্বীপ ৰাতি দেৰিকৈ ঘৰলৈ আহে। ___নাই নাই, মদ নাখায়। ___কিয় নাজানো। এদিন সুধিছিলো। যেনেকৈ ক'লে, আৰু সুধিবলৈ সাহস নহ'ল। বাদ দে সেইবোৰ। ___মৰম? মৰম কৰে ৰাতি। হাঃহাঃ... কি পাই মোৰ দেহটো? পল, কেৱল মই তাক বিচনাত হে সুখ দিয়াৰ অধিকাৰ আছেনেকি? মইতো তাৰ পত্নী।
ঘৰত মানুহ সেই দুটাই। বিয়াৰ এবছৰ পাছলৈ ঠিকেই আছিল। যোৱা তিনিবছৰ এনেদৰেই চলি আছে। মোৰ কাৰণে তাৰ হাতত সময় নাই। ___কি কৈছ'? নাজানো নহয়। কাৰোবাক ভালপায় বুলি কোৱা নাই। জনাৰো উপায় নাই। ___শাহু কেতিয়াবা আহে। মোক মৰম কৰে। ___কাক? ___মই কিয় নকৰিম? সদায় কৰিবৰ মন যায়। মোৰ বুকুৰ ভিতৰত, মোৰ কোলাত লৈ জীৱন কটাবৰ ইচ্ছা হয়। বিনিময়ত কি পাওঁ? ভেকাহি। বহুত কষ্টত আছো জান'? ___নাই, নাইকন্দা। চকুপানী শুকাই গ'ল। আজিকালি নোলায়। তইছোন আগতে কৈছিলি, ''মৌচুমী তোৰ ঢেৰ সুখ হ'ব। ঢেৰ সুখ।'' ঢেৰ সুখ মোৰ এতিয়া। টকা পইচাই সকলো নহয় অ'। মা-দেউতাৰ কথা মতেই বিয়া হ'লো। কাক দোষ দিম ক'? ___প্ৰীতম? তাৰ কথাকে ক'বলৈ ফোন কৰিছিলো। এসপ্তাহৰ আগত ফেচবুকত পালো। সি বিয়া নাইপতা ৰে আজিলৈকে। কিয় সি তেনেকোৱা কৰিলে হা? মোক কৈছে সুখেৰে থাকিবলৈ। পাগলটো ক'ৰবাৰ। ___কি? কি কৈছ'? ___নাই, নাইকোৱা একো। কেনেকৈ কওঁ এইবোৰ। মই তাৰ ওচৰত বহুত সৰু হৈ যাম পল। নকওঁ বুলিয়ে ভাবিছোঁ। মোৰ গাততো তেতিয়া দোষ আছিল। ঘৰত নিদিও কৈছিল তালৈ। তাৰ চাকৰি নাছিল। পঢ়ি আছিল। কিন্তু তাৰ সকলো আছিল। মোক সুখী কৰিব পৰা সকলো আছিল তাৰ।
___সি ভাল বিজনেচ কৰে। অসমতে তাৰ বিজনেচৰ শাখা। ___সুধিছিলোঁ।মন নাই বুলি ক'লে। জোৰ কৰিছিলোঁ। মোক কি ক'লে জান'? ''বিয়া কৰোৱাটো ইমান সৰু কাম নহয়। অন্ততঃ তাৰ কাৰণে নহয়।'' মই সেইদিনাও কান্দিছিলো। বহুত কান্দিছিলো। ৰাতি মনদ্বীপ সেইদিনাও দেৰিকৈ আহিছিল। মোক আগৰদৰেই নাঙঠ কৰিছিল। মোৰ থু মাৰি দিবলৈ মন গৈছিল তাৰ মুখত। কাঠ হৈ পৰি ৰৈছিলোঁ। বুকুখনে কান্দি উঠিছিল। সেইদিনাৰ পৰা, আৰু দুৰ্বিসহ হৈ পৰিছে মোৰ জীৱন। বুকুখনে সদায় কান্দে। যন্ত্ৰ হৈছোঁ যন্ত্ৰ। ___পাতো। ফোন নম্বৰটো ল'লো। বেছি দেৰি নাপাতো। তাৰ সময় নাই। ___কোনে মাতিছে তোক? বৈভৱে? ___শুৱ? ___যা যা। তইতো মোৰ দৰে নহয়। তইতো কাঠ নহয়। সঁচা মৰমত সময় অপব্যয় নকৰিবি। পিছত পাতিম এদিন। আহিবিছোন আমাৰ ঘৰলৈ। ___যাম অ' যাম। মইয়ে যাম দে। ___গুড নাইট।

14 May, 2013

মদাৰ ফুলৰ উচুপনি


: ''ককা, মনিয়ে কান্দি আছে । মায়ে মনিৰ মাকক কাটিলে ।''

কনমাইহঁতৰ বৰঘৰতে গোটেইমখাই খিকিন্দালি মাৰি আছিল । ন-বোৱাৰীয়েকজনীয়ে চুৱাখন পাছচোতাললৈ নি কথমপি থৈছিলগৈ । ৰেণুৱে দৌৰি আহি ককাকক মাতিলে । ককাকে এহাতে কনমাইয়ে চকলিয়াই দিয়া তামোলখিনি মুখত ভৰাবলৈ লৈও ৰৈ গ'ল । পাঁচ বছৰীয়া ছোৱালীজনীয়ে কয় কি অ' ? ককাকে সেইবাৰত তামোলখিনি মুখত সুমুৱাই একাষে থৈ ললে । দাঁত নাই, কথা পাতিলে তামোল ওলাই অহাৰ সম্ভাৱনা সৰহ । নতুন বোৱাৰীয়েকজনী অনা চাৰিমাহ হৈছে । কামিলা । আহিয়ে ঘৰ ধৰিছে । তাই ঢপলিয়াই আহি বৰঘৰ নোপোৱা হ'লে তাত থকা কোনেও ৰেণুৰ কথা বিশ্বাস নকৰিলেইহেতেন চাগে । বৰঘৰটোৰ দুৱাৰখনৰ পৰা আতঁৰি মজিয়াতে কথাৰ মহলা মাৰি আছিল গোটেইমখাই । দুপৰীয়া ভাত খাই অতোৱাৰ পাছত এনেদৰে কিছুসময় বহা সিহঁতৰ পুৰণি অভ্যাস । বৰঘৰৰ দুৱাৰখনৰ পোনে পোনে তামোলৰ ঢকুৱাৰে চকুৱা এখন দিয়া আছে । তাৰ পৰাই সেইখন পথাৰ । পথাৰখন শেষ হ'লেই ৰেণুহঁতৰ ঘৰ । এবিঘা মাটিৰ পথাৰখন ৰেণুহঁতৰে । পথাৰখন আৰু ৰেণুহঁতৰ ঘৰটোৰ মাজেৰেই লুংলুঙিয়া বাটটোৱে গৈ মথাউৰি লাগিছেগৈ । পাছচোতালৰ পৰা সেই বাটটো সম্পূৰ্ণকৈ দেখি । বোৱাৰীয়েকেও সেইটো বাটেদি ৰেণুৰ মাকক তেজেৰে ৰাঙলী দা এখন হাতত লৈ ৰণচণ্ডী মুৰ্তী ধৰি মথাউৰিৰ ফালে গৈ থকা কথাটো ঢপলিয়াই আহি বৰঘৰৰ মেলত জনালে । গোটেইমখাৰ তেতিয়াহে চেতনা আহিল । বোৱাৰীয়েকজনীয়ে কথাষাৰ কৈয়ে লৰ মাৰিলে । পাছচোতালেদি পথাৰখনলৈ সৰু জপনা এখন আছে । সেইফালেদি চকুৰ পলকতে লুংলুঙিয়া বাটটোত উঠি ৰেণুৰ মাকৰ পাছে পাছে বোৱাৰীয়েক জনী দৌৰিছে । পাছে পাছে বাকীমখা । চিঞৰ বাখৰ কৰি গোটেই গাওঁখনত খবৰটো জনা জনি হ'ল । গাঁৱৰ বাকীমখাও মথাউৰিত উঠিলগৈ । ৰেণুৰ মাকে মুখেৰে কিবা কিবি ভোৰভোৰাই গৈ আছে । চকুত যেন মাঘৰ কেচাঁ মেজিৰ জুই হে জ্বলিব । কোনো ওচৰ চাপিবলৈ সাহস কৰা নাই । কোনোবাটোৱে ক'লে বিপুলক খবৰ দিব লাগে । গিৰিয়েকটো ক'ত গ'ল ? ক'ত আছে সি ?
- সি আজি পুখুৰী খান্দিবলৈ কদমগুৰিলৈ গ'ল । ঘটনাস্থলিৰ পৰা দুমাইল বাট । খবৰা খবৰি কৰিবলৈ চেঙেলীয়া দুটাক পঠালে । সচাঁ কথাটো বিপুলক যাতে কোৱা নহয় সেইকথা দহাই দহাই কৈ পঠোৱা হ'ল । বিপুলে নহ'লে কি কৰে ঠিক নাই । যি হ'ল হৈ গ'ল, ভালে থকাবোৰ অন্ততঃ ভালহৈ থাকক ।

মথাউৰিয়েদি গৈ থাকিলে চাচঁনি থানাখন পাবগৈ । ৰেণুৰ মাকো সেইটো মতলবেৰেই গৈ থকা বুলি মানুহখিনিয়ে ভাবি লৈছে । হত্যাকাৰিণী নিজৰ মতত অটল । ইফালে বেলি মূৰৰ ওপৰত । দহ গজমান আতঁৰি বাকী মানুহখিনিও ৰেণুৰ মাকৰ পাছ লৈছে । আজি মানুহখিনিৰ দুখ ভাগৰ নাই, ভোক পিয়াহ নাই । ৰেণুৰ মাকক চাইছে সিহঁতে । দাগী অপৰাধীক দেখিছে সিহঁতে । বহুতে অনুনয় বিনয় কৰিও তাইৰ হাতৰ পৰা দাখন কাঢ়ি আনিব পৰা নাই । ওচৰ চাপি গৈ টানি আজুৰি অনাটোও সমুচিন নহ'ব । এই অৱস্থাত তাই আকৌ কি কৰে ঠিক নাই । কদমগুৰিত আঠ নে ন বছৰৰ আগতে একেই ঘটনা এটাত মানুহ এজনীয়ে পুলিচ এটাকে ঘাপ মাৰি দিছিল । ভাগ্যক্ৰমে পাছত পুলিচটো বাছিল । সেইজনী মানুহৰ গোটেই জীৱনটো জেল হ'ল । ৰেণুৰ মাকৰো হ'ব । ৰেণুজনীলৈহে বেয়া লাগে । মানুহবোৰে কোৱা কুই কৰিবলৈ ধৰিলে ।

: 'খবৰদাৰ । কোনো ওচৰলৈ নাহিবি । চফা কৰি দিম । এজনীক শেষ কৰি থৈ আহিছো । তাই নাওনমুৱাজনীয়ে মোক চাকৰ পাইছিল ।'
ৰেণুৰ মাকৰ মাতষাৰ এইবাৰ ডাঙৰকৈয়ে ওলাল । গোটেই মানুহমখাই ভালকৈ শুনিলে । তাইৰ পাছে পাছে গৈ থকা দলটোৰ প্ৰথমশাৰী থমকিল । মানুহখিনিৰ ফালে চায়ে মানুহজনীয়ে কৈছে । এইজনীক বলোৱাতো আজি টান হ'ব । শেষৰফালে গুনগুননি উঠিল ।

: 'নবৌ দাখন দলিমাৰি দেছোন । বাঁহ এডাল কাটি লওঁ । আকৌ তোকে দি দিম ।'
সমন্ধীয় দেওঁৰেক এটাই ৰেণুৰ মাকক উদ্দেশ্যি কথাষাৰ ক'লে ।
মানুহখিনিয়ে ভাবিলে ফল নধৰে । তাই এতিয়া কাৰো কথা শুনাত নাই । তাই অন্য এক নাৰীলৈ সলনি হৈছে । খঙ মূৰত উঠি আছে । মানুহজনীৰ সচাঁকৈয়ে সহ্যৰ সীমা অতিক্ৰম কৰিছিল । নহ'লে এনেকুৱা এটা কাম কৰিবলৈ মাইকী মানুহ এজনীয়ে সাহস নকৰে । কিমান অসহ্য হ'লে মাইকী মানুহ এজনীয়ে মানুহ কাটিব পাৰে ? কিমান খঙ উঠিলে পাৰে ? তাত থকা কোনো এজনী মাইকী মানুহেও উত্তৰটো ভাবি পাৰ নাপালে । সকলোকে আচৰিত কৰি ৰেণুৰ মাক ৰ'ল । পাছে পাছে যোৱা মানুহমখাও । দাখন দেওঁৰেকৰ ফালে দলিমাৰি দি ৰেণুৰ মাকে খোপাটো খুলি দিলে । তাইৰ কিচকিচিয়া চুলিকোচা ককাঁললৈকে বৈ পৰিল । নাই, মানুহজনীৰ খঙ উঠিয়েই আছে । কমা নাই অলপো । কিজানি বাঢ়িছেহে । চকুকেইটা ৰঙা । পিন্ধি থকা কাপোৰবোৰ অসংযত । গাৱৰ বয়োজেষ্ঠ সকলৰ আগত কেতিয়াও মূৰ দাঙি কথা নোকোৱা, ওৰনিৰে মুখ ঢাকি থকা ৰেণুৰ মাক আজি সেইসকলোৰে সমুখত অৰ্ধউলংগ । আজিৰ কথা সুকীয়া । তাই আঠুলৈকে মেখেলাখন কোচাই থৈছে । দলিমাৰি দিয়া দাখন আতঁৰাই মানুহখিনি তাইৰ ফালে আগুৱাই গ'ল । পাঁচটা মানুহে যেনেতেনে ধৰি বান্ধি তাইক ঘৰলৈ ওভটাই লৈ অনা হল । বাটটোত আহোতে জোখতকৈ চাৰিগুণ সৰহ সময় লৈছিল ।

ৰেণুৰ মাকক আনি চ'ৰাঘৰতে বহুৱালে। চকী কেইখনে ঘৰটো পূৰ কৰি থয় । বৰ এটা পুৰণি নহয় । চাৰিবছৰমানৰ পুৰণি । চ'ৰাঘৰটোৰ পাছতে ঘৰটো দুভাগ হৈছে । সিফালে এটা ঘৰ , ইফালে এটা ঘৰ । মাজতে নেওঁৰা দি ঘৰদুটাক একেলগ কৰা । শেষলৈ পাকঘৰটো । ৰেণুহতঁৰ চোতালত বিৰ দি বাট নোপোৱা অৱস্থা । চ'ৰাঘৰত মানুহ সোমাবলৈ দিয়া নাই । মাইকী মানুহ দুজনী আৰু পাঁচটা মতা মানুহে ৰেণুৰ মাকক ৰখি আছে । তাই ক্ষান্ত হোৱা নাই । তললৈ মূৰ কৰি খৰকৈ উশাহ লৈছে । গাওঁবুঢ়াক খবৰ দিলে । আহিল । গাওঁবুঢ়াক বাটটো এৰি দি মানুহমখাই জুমিবলৈ ধৰিলে । আহিয়ে ষাঠিৰোৰ্দ্ধ বুঢ়ামানুহজনে চ'ৰাঘৰটোৰ পৰা সকলোকে বাহিৰলৈ পঠালে । দুৱাৰ খিড়িকী সকলো মাৰি ৰেণু মাকৰ সমুখলৈ চকী এখন টানি আনিলে । ৰেণুৰ মাকৰ চুলিখিনি তেতিয়াও খুলি থোৱাই আছিল । মেখেলাখন মাথো তললৈ নামিল ।

 : 'ফুল, আইজনী অ' । কি হ'ল কছোন ? কিয় তই এনেকুৱা এটা কাম কৰিলি ?'গাওঁবুঢ়াই ৰেণুৰ মাকৰ মুখলৈ চালে । তাই মাজতে এবাৰ বুঢ়াৰ চকুলৈ পোন্দোৱাকৈ চাই পুনৰ তললৈ মূৰ কৰিলে । কিছু সময় নিৰৱ হৈয়ে থাকিল কোঠাটো । ক'ৰবাত জেঠিৰ টিকটিকনি । টিকাফটা ৰ'দৰ কাৰণে ঘৰৰ চালত থকা টিঙবোৰে কিটিক কিটিক মাত দিছে । চোতালত গুনগুননি । মানুহ ক্ৰমান্বয়ে বাঢ়িছেহে । কমা নাই ।


দুৱাৰমুখতে মনিৰ মাকৰ লাচটো চিতভুলুঙা খাই পৰি আছে । মনিজনী কান্দি কান্দি শুলে । কোনোবাই ভিতৰৰ বিচনাখনত থৈ আহিলগৈ । মনি ৰেণুতকৈও সৰু । থিয় দঙা দিয়াই নাই । তাইৰ গাতো তেজ । ৰেণুজনীকহে কোনেও বিচাৰি পোৱা নাই । কোনোবা এজনীয়ে ক'লে ৰেণুক কনমায়ে ফুচুলাই ফুচুলাই শুৱাইছে । দুৱাৰমুখৰ ঠাইখিনিত ডাঠ কেচাঁ তেজবোৰে ডাঙা পাতি পৰি আছে । বগীকৈ মানুহজনী ঐ । চুলিখিনি ভালৈ শুকুৱাই নাছিল । তেজ লাগি কোনো কোনো ঠাইত কৰাল বান্ধিছে । মনি মাকৰো চুলিকোছা দীঘল । ওচৰতে সৰু আইনাখন পৰি আছে । দেহি ঐ বেচেৰীয়ে চুলি কেইডালো আচুৰিবলৈ নাপালে । হাত এখনে তেতিয়াও ফনিখন খামোচ মাৰি ধৰি আছে । মুঠিটো টান । লাচটো কোনেও চুবলৈ সাহস কৰা নাই । পুলিচক খবৰ দিয়া হৈছে । আহিব । 

' ভগৱান আছে বুইছ । সকলো চাই থাকে । দোষীক শাস্তি দিয়ে ।' 
মাইকী মানুহবোৰে ফুচফুচাই কথা পাতিছে । ৰ'দত মানুহখিনিয়ে ক'ৰবাত ছাঁ বিচাৰি পাই নেকি ভাৱত ইফাল সিফাল কৰি ফুৰিছে । মূৰৰ ওপৰৰ বেলিটো থকাৰ কাৰণে ছাঁ বৰকৈ নাই । তথাপিও যি যেনকৈ পাৰে মাটিয়ে বালিয়ে বহিছে । আজি মানুহমখাই সিহতঁৰ ঘৰত ফুৰিবলৈ অহা নাই । ৰেণুৰ মাকক চাবলৈ আহিছে । মানুহজনীয়ে মানুহ কাটিলে । দুঘাপ । এঘাপ কানৰ ওচৰত আৰু সিটো ডিঙিত । ডিঘিত পৰা ঘাপটো বাওঁকানখনৰ ঠিক তলতেই । মৰা মানুহজনীয়ে ছটফটাই ছটফটাই মৰিল । কষ্ট খালে মৰোতে । কাপোৰতেই চিন । তথাপি যেন মানুহখিনিৰ মৰা মানুহজনীলৈ বেয়া লগা নাই । তেওঁলোকৰ বেয়া লাগিছে ৰেণুৰ মাকলৈ । তাইক পুলিচে ধৰি নিব । পিটিব । জেলত ভৰাই থব । ৰেণুজনী আলৈ আথানি হ'ব । পাঁচবছৰীয়া ছোৱালীজনীয়ে কষ্ট পাব । মানুহবোৰৰ চকুত সেইবোৰ কথাই ।

কোনোবা এটাই ঢপলিয়াই আহি ক'লেহি পুলিচক খবৰ দিয়া হ'ল । আহিব । বিপুল কাই অহাই নাই নেকি ?অ'তো বিপুলৰ কথা সকলোৱে পাহৰিছিলেই । সিটো এতিয়াও পোৱাহি নাই । কি বা হৈছে তাৰ ? কথাটো গম পাই সি কিবা কৰি দিয়া নাইতো ? মানুহখিনিৰ নতুন চিন্তা এটা হ'ল । সেইটো কথাকে কিছুসময় আলোচনা চলিল ।

খবৰ দিবলৈ যোৱা ল'ৰাকেইটাই বিপুলক পহিলাতে ৰেণুৰ গাটো খুব বেয়া বুলি ঘৰলৈ আনিবলৈ চেষ্টা কৰিলে । বিপুল কামলৈ আহোতে ৰেণু আৰু মাক শুই উঠায়ে নাছিল । মাত এটাও নমতাকে আহিল বিপুল । নিজকে তাৰ বৰ দোষী দোষী লাগিল । মাকৰহে জ্বৰ উঠিব লাগিছিল, ছোৱালীজনীৰ আকৌ কি হ'ল । ল'ৰাকেইটাই কিবা মিছা মাতিছে নি ? বিপুলে পাকে প্ৰতি ল'ৰাকেইটাক পেঘেনীয়াই পেঘেনীয়াই আহিল । ল'ৰাকেইটাই কিবা কথা তাৰ পৰা লুকুৱাইছে । ঘৰত কিবা এটা হ'ল নেকি ? নহ'লে ইহঁতে তাক কিয় এনেকৈ মাতি আনিলে ? মনিৰ মাক ঠিকেই আছেনে ? ৰেণুৰ মাক একা ?' ফুল বৌয়ে মনিৰ মাকক ঘপিয়ালে । দুঘাপ । লগে লগেই সকলো শেষ ।'বাৰে প্ৰতি নকবলৈ সকীয়াই পঠিওৱা স্বত্তেও কথাটো কোনোবাটোৰ মুখেৰে ওলাল । বিপুলে বিকত চিঞৰ এটা মাৰি বাটটোৰ কাষৰ দ' খালটোলৈ জাঁপ মাৰি দিলে । ল'ৰা কেইটা সাজু হৈ আছিলেই । ভাগ্যে খালটোত পানী নাছিল । পানীৰে জুৰুলি জুপুৰি বিপুলক ল'ৰাকেইটাই ধৰি ধৰি ঘৰলৈ আনি আছে । এতিয়াও ঘৰ পাবলৈ এমাইলতকৈও বেছি বাট বাকী । বিপুলে চিঞৰিছে । কান্দিছে । সিহঁতি কি বুলি সান্ত্বনা দিব ?

ৰেণুৰ মাকে মুখ খুলিছে । গোটেই মানুহমখাৰ মাজত গুনগুনিৰ ঢৌ এটাই খেলি গ'ল । যি যেনেকৈ পাৰে বিপুলহতঁৰ চ'ৰাঘৰটোৰ বেৰত কান থৈ বাহিৰৰ পৰা ৰেণুৰ মাকৰ কথাবোৰ শুনিবলৈ যত্ন কৰিলে । এনেও পাছত কথাবোৰ গম পামেই বুলি একে ঠাইতে বহি থকা মানুহৰ সংখ্যা তাকৰ । সকলোৰে মুখত উৎকণ্ঠা । মানুহবোৰে ভালদৰে একো শুনা নাই । ভিতৰলৈ কাকো সোমাবলৈ দিয়া নাই । ৰেণুৰ মাকে গাওঁবুঢ়াক সকলো কৈছে । চোতালখন নিজম পৰিল । আগফালৰ পথাৰডৰাৰ পৰা ছাগলী পোৱালী এটাৰ বেবনি এটা আহি মানুহবোৰৰ কানত পৰিল । সকলোৱে সেইফালে ঘূৰি চালে । মাকজনী দূৰলৈ গ'ল বোধহয় । 

: ''কালি ৰাতি ৰেণুৰ বাপেকে মোক মাৰিছিল । পিঠিখন তেনেই অৱস্থা নাই । আপোনাকনো কি বুজাম ফুকন দেউতা । বয়োজেষ্ঠ আৰু গাওঁখনৰ মুৰব্বী । ক'লেই বুজি পাব । সৰু সৰু কথা নহয় দেউতা । সকলো ক'ম । পুলিচে নিয়াৰ আগতেই সকলো কৈ যাম ।'' ৰেণুৰ মাকে মুখ খুলিলে । তাই তললৈ মূৰ কৰি মাথো কৈ গ'ল । কেতিয়াবা সৰুকৈ, কেতিয়াবা খঙত ডাঙৰকৈ । কেতিয়াবা কেতিয়াবা আকৌ খৰকৈ কয় । গাওঁবুঢ়াই শুনি যায় ।

: ''ঘৰৰ শিপাডালেই কলি । তেখেতৰ কাৰণেই সকলো হৈছে । তেওঁ ৰেণুকে মোকে মানুহ যেনেই নেদেখা হ'ল । খোৱা-বোৱা, থকা-মেলা সেই বনৰী জনীৰ ফালেই কৰে । সিহঁতৰ হাঁহি খিকিন্দালি শুনি কেনেকৈ সহি থাকো অ' দেউতা । ৰেণু কাইলৈ ডাঙৰ হ'ব । বাপেকটোৰ মৰম বুলি এতিয়া নুবুজিলেও এসময়ত বুজিব । যদি তেখেতৰ আৰু এজনী আনিবলৈয়ে মন আছিল আমাৰ হালক মাৰি নেপেলালে কিয় ? ৰেণু গাত আছিল তেতিয়া । চফা হ'বলৈ দুমাহ আছিল কি নাছিল । নতিনীজনীক আনি সোমোৱালেহি । বহুদিনৰ পৰা লিলিমাই হেনো । মই লোকৰ মুখেৰে শুনা । নাচ গান কৰা পটেশ্বৰী । তেজখাতীয়ে মানুহটোৰ মূৰটো খালে । সতিনী মাইকী ক'ত সংসাৰ চলিব কওঁক আপুনিয়ে । ঘৰ, দুটা কৰি বেলেগ কৰি দিলে । তেখেত ইফালে থাকে । সেইখিনিলৈকে আপুনি জানে হ'বপায় । তাই অহা দিন ধৰি এই বান্দীয়ে লেদেনা উকটিয়ে আছো । ৰ'বলৈ আহৰি নাই । সিহঁতি ভালৰ ভাল বস্তুটো খাব । মোক নালাগে, ৰেণুলৈও কেও কিছু সৰি পৰিব নাপায় নে ? সেইটো মতাৰে মই পাটীৰ তিৰী আছিলোনে ? ভাবিলে খুব দুখ লাগে দেউতা কেতিয়াবা । খুব কান্দো অকলে অকলে বিচনাখনতে পৰি । ৰেণুৱে চকুপানীবোৰ মচি দিয়ে । তাইক বুকুত লৈ শুই থাকো । তেনেকৈয়ে জীয়াই থাকিলোহেতেন । পিছে তাই মোক ইমানতো ৰেহাই নিদিলে অ' দেউতা । মতাটোক মোৰ কথা মিছাতে কিবা লগায় । পহিলা একো চমজিবই নোৱাৰিছিলো । ৰাতি মাথো কেতিয়াবা কথা নাই বতৰা নাই ৰেণুৰ বাপেকে মোক মাৰে । কেতিয়াবা ৰেণুকো মাৰে । এদিন তাইৰ মুখতে ওলাল নহয় কথাটো । এখেত নাথাকোতে হেনো মোৰ ওচৰলৈ ক'ৰবাৰ মতা এটা আহে । মই চপাই লৈছো হেনো । তাই থাকে সিটো কোঠাত, এইটো কোঠাত মই । ফুচফুচাই কথা ক'লেও শুনে । দেউতা অ' এইয়া ঘৰৰ মাজত আছো, কোনো মতাক মই লাই দিয়া নাই অ' । মই মা-ৰ ঘৰলৈও যাবগৈ পাৰিলোহেতেন অ' দেউতা । নগ'লো । মানুহটোক কেনেকৈ এৰিম ? সেইটো মানুহৰ লগতে জুইক সাক্ষী কৰি বিয়াত সোমাইছিলো মই । সেইটো মানুহৰ বাদে আজিলৈকে মোক কোনেও চুই পোৱা নাই অ' দেউতা । তাই কালিও সেইবোৰ কথা লগায় লগায়ে মোক মাৰ খোৱালে । গোটেই ৰাতি মোক মাৰধৰ কৰিছে দেউতা । ৰাতি তিনি মান বজালৈকে বাজতে আছো । পিৰালিতে বহি থাকিলো । ৰেণুৱে সাৰ পাই কন্দাৰ কাৰণে ভিতৰলৈ গ'লো । মই কালিয়ে চাদৰ এখন ফাচ লগাই উলমি দিবলৈ মন আছিল । ৰেণুৰ মুখখনে নিদিলে । পিঠিৰ বিষত বিছনাত শুবও পৰা নাই, বহি আছিলো কান্দি কান্দি । কাউৰীয়ে কা কা কৰাৰ কথা গম নাপাওঁ । টোপনি গৈছিল সম্ভৱ । এই পাখৰীজনীৰ চিঞৰত সাৰ পাই গ'লো । তাই মনিক উদ্দেশ্যিয়ে কথা কৈছে, শুনাইছে মোক ।''

একেলেথাৰিয়ে ইমানবোৰ কোৱাৰ পিছত ৰেণুৰ মাক অলপ ৰ'ল । আকৌ আৰম্ভ কৰিলে । 

: ''মনি ঐ, বাপেৰটো পুখুৰী খান্দিবলৈ গ'ল পুৱাতে, মইও ঢলপুৱাতে উঠিলো । তই হে শুই থাক' । কুলক্ষনী হবি তই আগলৈ । তোৰ চেহেৰাতে আছে । দেৰীলৈকে শুই থকাবোৰ কুলক্ষনী । ঘৰ ভাঙে ।''
থিয় দঙা দিবলৈকে বাকী থকা ছোৱালীজনীক এইবোৰ কথা কয় নেকি দেউতা ? মোকেই শুনাইছে । মোকেই কৈছে তাই । মই ৰৈ থাকিব নোৱাৰিলো । কি হৈ গ'ল নাজানো একো । আগৰাতিৰ খঙ খিনি আছিলেই মূৰত । বিচনা তলতে দা এখন থওঁ । ৰাতি বাজলে যাওঁতে লৈ যাওঁ । সেইখন টানি আনি মই কি কৰিলো নিজেই নাজানো । মনি ওচৰতে বহি কল এটা খাই আছিল । মাকজনীয়ে সিহঁতৰ ফালৰ দুৱাৰডলিতে আইনাখন থৈ চুলি আচুৰিছিল । আমাৰ কোঠাৰ দুৱাৰখন আৰু সিহঁতৰখন প্ৰায় মুখামুখি । এইফালে পিঠি দি থকাৰ কাৰণে তাই একো তৎ ধৰিব নোৱাৰিলে । মনিয়ে কান্দিছিল । মোৰ অলপো বেয়া নালাগিল । ৰেণুজনী বিচনাত নাছিল । ক'ত আছিল নাজানো । বাহিৰে বাহিৰে থানাত হাজিৰ হওঁগৈ বুলি গৈছিলোগৈ ।''

ৰেণুৰ মাকে পানী খাবলৈ বিচাৰিলে । মাকৰ ঘৰৰ ফালৰ ককায়েকটো পালেহি । মনি মাকৰ ফালে ঘৰত কোনো নাই । একমাত্ৰ মাকজনী কেতিয়াবাই মৰি ভূত হ'ল । বিপুল আহি নৌপাওঁতেই পুলিচে একেখন গাড়ীতে লাচটো আৰু ৰেণুৰ মাকক থানালৈ লৈ গ'ল । মানুহবোৰ কমি কমি শেষ হ'ল । বিপুল আহি ঘৰখনত একো নাপালে । বিচনাত মনি দুৱাৰমুখতে তেজৰ ডোঙা । সি শুঙি চালে । হয়, তেজবোৰ নিৰুৰ । মৰমৰ নিৰুৰ । ¤¤

সমাপ্ত । 

06 February, 2013

''গণতান্ত্ৰিক'' ­ [ অণু গল্প ]

  কাৰ্যালয়ৰ সমূহ কৰ্মচাৰীৰ উপস্থিতিত মুৰব্বী শইকীয়াই পুৱা জাতীয় পতাকাখনি উত্তোলন কৰিলে থিকেই কিন্তু ভুলতে পতাকাখন ওলোটা হৈ থাকিল ।
সিংহভাগ কৰ্মচাৰীয়ে ক'লে - 'থাকক দিয়ক, এতিয়া নমাই আনিব নালাগে ।'
বিকৃতৰূপত দিনটো জাতীয় পতাকাখন কাৰ্যালয়ৰ সন্মুখত উৰি থাকিল ।



24 January, 2013

''জোনবাইটো আৰু অলপ ওচৰত থকা হ'লে . . .''

: ''৬০০ৰ ভিতৰত ৩১৬ ।
 ঐ এনেকৈ মেট্ৰিকত কি ফালিবি হা ? নালাগে দিব পৰীক্ষা থ' । বাপেৰৰ লগত হাল বাগে যা । মাটি কেইদৰা সোনকালে শেষ হ'ব ।'' - খুড়ীয়েকে বিতুলক কয় ।

 বিতুলে আগৰবোৰ পৰীক্ষাত কেইটামান নম্বৰ পাইছিল । এইট'ৰ পৰা কি কেনা লাগিল ঠিক নাই । মেট্ৰিক পাছ কৰিবনে নাই ঘৰৰ সকলোৰে সন্দেহ । মাক-বাপেক, খুড়াক-খুড়ীয়েক, সকলোৰে এটা মাথো চিন্তা কেনেকে এইটো মেট্ৰিক পাছ কৰে । এনেই পাছ কৰি আজিকালি কি লাভ । ফাৰ্ষ্ট ডিভিজনত নগলে মিছা । মাকে কয় - ''তই কম্পিউটাৰ আনি দে ; চৰকাৰে এনেও কাৰেণ্ট দিব ।'' সি তলমুৰকৈ শুনে , তাৰপাচত স্কুললৈ দেৰি হৈছে বুলি বাকি থকা তিনিটা আওচ নোবোৱাকৈয়ে ঘৰলৈ লৰ দিয়ে । বাপেকে একো নকয়, কোৰখন আলিটোলৈ থৈ হালখন ধৰেহি । মাকে ভোৰভোৰাই ।

 পানীয়ে নামাৰিলে বিতুলহঁতৰ পুৰণা ধানে মাঘ পাইগৈ । মাঘত ন' বুলি চাউল এমুঠি দিয়ে । আকৌ তেনেকৈয়ে এবছৰ যায় । বাপেকে দেওবাৰে বজাৰলৈ কিবা কিবি নিয়ে আৰু সপ্তাহতোৰ কাৰনে বস্তু লৈ আহে । খাওঁৱৈ বেছি, পাছৰটো দেওঁবাৰলৈ দুদিন থাকোতেই সকলো শেষ হয় । পিছ খালি মানুহক কোন দোকানীয়ে বাকী দিব, থিকেইতো । দুদিন সন্ধিয়াতে ভাত নিমখে খাই সকলো বিছনাত উঠে । বিতুলে টোপনিয়াই টোপনিয়াই ঘৰত কৰিবলৈ দিয়া ইংলিছৰ প্ৰশ্ন কেইটা কৰিবলৈ লয় । শেষ চাকিটোৰ শলিতা ডালো অঙঠা হৈ নুমাইগৈ । তাৰ প্ৰশ্ন কৰা নহয় । ঘৰটো আন্ধাৰে গ্ৰাস কৰে । জোনটোৰ পোহৰবোৰ ইকৰা বেৰৰ ফাঁকেৰে সোমাই আহি মজিয়া খন পোহৰাই তুলে । কিতাপখন লৈ পোহৰ পৰা ঠাইত এবাৰ মেলি চাই সি । আখৰবোৰ নমনে । চকুপানী এটোপাল বাওঁচকুৰ পৰা ওলাই আন্ধাৰত কৰবাত হেৰাই যায় । বিতুলে ভাবে 'জোনবাইটো পৃথিৱীৰ আৰু অলপ ওচৰত থকা হ'লে . . . .।'

19 January, 2013

আত্মহনন [ গল্প ]

''. . . .মোক তুমি ভালপাওঁ বুলি কোৱা
 মই তোমাক এখন চোলা দিম
 তাত ঢাকিব পাৰিবা তোমাৰ সত্তা ।'' 

                                        ডায়েৰিখনৰ প্ৰথম পৃষ্ঠাতে ধুনীয়া হাতৰ আখৰ কেইটাৰে লিখি থোৱা শাৰী কেইটা পঢ়ি জুনে হুমুনিয়াহ এটা এৰিলে । ডায়েৰিখন চন্দনৰ । বিকুৰ হাতত দি থৈ গৈছিল । তাৰ পৰাই জুনে পাইছে । দহ দিন মানৰ আগতে কলেজতে পাই টোপোলাটো দি বিকুৱে কৈছিল : ''এইটো চন্দনে তোক দিবলৈ কৈছিল । তাৰ শেষ ইচ্ছা ।'' সেইটো লৈ আনি যি থলে থলেই । মেলিবলৈ সময়ে হোৱা নাই জুনৰ । আচলতে আগ্ৰহ নাই । লোকৰ ডায়েৰি । তাতে মৰা মানুহ এটাৰ ডায়েৰিখনত পঢ়িবলগা কি কি থাকিব পাৰে সকলো ওপৰি ওপৰিয়ে জুনে গম পাইছে । 

             চন্দন । জুন হঁতৰ লগৰে আছিল । কলেজলৈ আহোতে দুই এবাৰ দেখিছিল । বিশেষ গুৰুত্ব নাছিল । লগৰ ল'ৰা ক্লাছ কৰে একেলগে, ইমানেই । এবছৰ গ'ল তেনেকেই । লাহে লাগে অলপ সি জুনৰ ওচৰ চাপিছিল । মানে ৰাস্তাই ঘাটে পালে মাত বোল, ইত্যাদি । জুনে সপোনতো ভবা নাছিল যে তাইক সিভাল পায় । ''কাম যে নাই আৰু ল'ৰাজাকৰ; ছোৱালী দেখিলেই ভালপোৱা ।'' - জুনে ভাবে । জুনক দেখি কোনোবা এটা ল'ৰাই যে ভাল পাই পেলাব, সেই কথাটো একেবাৰেগছত গৰু উঠা কথাও নহয় । চকু-মুখ ধুনীয়া, মাৰ্জিত, ভদ্ৰ, পঢ়া শুনাত ভাল জুন, লগৰ বহুততকৈ চকুত লগা । সেইবাবেই চাগৈ চন্দন তাইৰ প্ৰেমতপৰিল । জুনে কথাবোৰ আজিহে ভাবিছে । আগতে এইবোৰ একো চিন্তা কৰি থকা নাছিল ।ভালপোৱা বেয়াপোৱা এইবোৰ বাহিৰা ধান্দা বুলি ভাবিলোৱা জুনে পোনচাটেই নাকচ কৰিছিল চন্দনৰ ভালপোৱাৰ প্ৰস্তাব ।

             পাঁচবছৰীয়া কলেজীয়া জীৱনৰ দুটা বছৰ সুখ্যাতিৰে পাৰ হৈছিল জুনৰ । বিধিৰ বিপাকতেই জুন আৰু চন্দনৰ চিনাকী হৈছিল কোনোবা এদিনা, তাৰ মাজতেই । চিনাকীৰ পাছত সৌজন্যতা । লোকচক্ষুত চন্দন জুনৰ প্ৰেমিক হৈ পৰিছিল । ''বন্ধু । অ' তুমি মোৰ বন্ধু নিশ্চয় হ'ব পাৰিবা ।'' জুনে তাক কৈছিল । বন্ধুত্বৰ এনাজৰি ডালৰ তলত আকৌ এটা বছৰ পাৰ হৈছিল সিহঁতৰ ।

          নাই ; ডায়েৰিত এইবোৰ একো নাইচোন । জুনে ভবাৰ দৰে ডায়েৰিখনে একো সঁহাৰি নিদিলে । এগালমান কবিতা । কবিতা পঢ়ি ভাল নোপোৱা জুনৰ কাৰণে ডায়েৰিখনও আমনিদায়ক যেন হে লাগিল। অলসভাৱে পাতবোৰ লুটিয়াই থাকিল । কলেজৰ পৰা আহি সাধাৰণতে এই সময়ততাই এনেই থাকে । আজি সেইয়ে ডায়েৰিখনলৈ পটকৈ মনত পৰাত, মেলি লৈছে । পৃষ্ঠা এটাৰ ডাঙৰ ডাঙৰ শাৰী কেইটাত তাইৰ চকু ৰৈ গ'ল . . .  

''মোৰ জীৱনৰ এখন সোনোৱালী পৃষ্ঠা ।'' 
                          
                 তাই কাহানিও চন্দনৰ ব্যক্তিগত জীৱনৰ ভিতৰলৈ সোমাব বিচৰা নাছিল । সেয়ে বন্ধু হোৱাৰ পাছতো, একো কথাতে গভীৰ জীৱন দৰ্শনৰ পাতনি মেলা নাছিল জুনে । কলেজতে কথা বতৰা, মাতবোল । মাৰ্জিত, ভদ্ৰ, কথা জুখি মাখি কোৱা চন্দনৰ লগত কথা পাতি ইমান বেয়া পোৱাও নাছিল জুনে কাহানিও । পাতিছিল ।

 ''৭ আগষ্ট, ২০১১ . . . বন্ধুত্বৰ দিন "
ডায়েৰিত লিখাখিনি পঢ়িবলৈ কৌতুহল উপজিল জু নৰ ।  

''আজি মই ক'ব মোৰ জীৱনলৈ ডাঙৰ দিন এটা আহিল । ভাবি আছিলো মোৰ মবাইল নম্বৰটো তাইৰ ওচৰত আছে যেতিয়া, মেছেজ এটা তাই দিব । সঁচাকৈয়ে দিলে । কথা পাতিলো । বহু কথা । জীৱনৰ কথা । তাইৰ . . . মোৰ । কেনেকৈ ৰাতি দুটা বাজিল ক'ব নোৱাৰিলো । তাই উচুপিছিল আৰু মই . . . তাইক কি সান্ত্বনা দিম ? . ..কান্দিলো । মই তাইক ভালপাওঁ বহুত। তাই আজি মোৰ বহু কাষ চাপিল । ভাললৈ নে কাললৈ নাজানো । ভগৱান, সুখ বিছাৰো মই ।''

 তাৰ পাছত আৰু একো বিশেষ শাৰী নেদেখিলে তাত । কেৱল এজাপ কবিতা ।কবিতাৰ পাছত কবিতা । তাই লুটিয়াই গ'ল । 

                        জুনহঁতে কলেজীয়া জীৱন সামৰিবলৈ বেছিদিন আৰু নাই । এইখিনি সময়তে পঢ়া শুনাৰ পৰিমান এনেও অলপ বেছি হয়েই । তাৰ মাজতে ইটো সিটো থাকে । জুনে আজিকালি প্ৰেম ভালপোৱা এইবোৰ বাহিৰা ধান্দা বুলি ভাবিবলৈ এৰিলে । কি বুলি ভাবে নিজেও নাজানে । আচলতে এইবোৰ কি, ক'ত, কিয় ভাবিবলৈ সময় নাই অথবা প্ৰয়োজনো নাই । ধানৰ পৰা চাউল হয় । সিমানেই জানে । চন্দনৰ লগত জুনৰ বন্ধুত্ব এবছৰতকৈ বেছি হোৱাগৈ নাছিল । তাৰ তৎপৰতাতেই জুন আৰু চন্দনৰ সম্পৰ্কও এইখিনি সময়তে আগতকৈ যথেষ্ঠ গাঢ় হৈছিল । চন্দনে পুনৰ দিয়া ভালপোৱাৰ প্ৰস্তাবক উপযুপৰি নাকচ কৰিছিল জুনে । ''সেইদৰে সকলোকে ভাবিব নোৱাৰি চন্দন ।'' - জুনে তাক বুজাইছিল । স্বাৰ্থপৰ যেন নলগা ল'ৰাটো তাইৰ পৰা লাহে লাহে আতঁৰি গৈছিল । মানুহ নিঃস্বাৰ্থ কিয় হ'ব নোৱাৰে তাক ভাবি জুনৰ খং উঠিছিল । 

 ''আত্মহনন''

            শব্দটো দেখি জুন আকৌ থমকি ৰ'ল । এইখিনিতে এপৃষ্ঠা লিখিছে সি । পঢ়ি চালে জুনে । . . .''তোকলৈ যোৱা দুবছৰে বহুত কিবা কিবি সপোন দেখিছিলো । নিজতকৈও কাৰোবাক ভালপোৱাৰ পাছত সপোনবোৰ যেতিয়া ভাগে, একো নাথাকে, জুন । তই সকলোবোৰ বুজিও একো নজনাৰ অভিনয় কৰ । মোক হেৰুৱাই তোৰ একো দুখ নাই জানো । কিন্তু . . . তোক আনৰ হোৱা চাব মই নোৱাৰো । বহুত স্বাৰ্থপৰ বুলি ভাবিছ চাগে মোক . . ন ? উপায় যে নাই অ' মোৰ । মই আতঁৰি আহিলো সচাকৈয়ে । তোৰ সুখ হওঁক । সৰুৰে পৰা মনে বিচৰা একো নাপালো ।খাবলৈ, পঢ়িবলৈ, থাকিবলৈ । শেষ আশা তই আছিলি । ভগৱানে তোকও নিদিলে চা। মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই । সেইদিনা কলেজলৈ চাদৰ মেখেলা পিন্ধি আহিছিলি যে, বহুত ধুনীয়া লাগিছিল । সেইয়াই শেষ দেখা । জুন .. . তোৰ কপালৰ ঘাঁ টুকুৰাই মোক মৰিবলৈ দিয়া নাই অ' । বৰ কষ্ট । ঘৰৰ সকলো নামঘৰলৈ গ'ল । শৰাই দিবলৈ । ঘৰৰ হেনো বিপদ আহিব । গনক এজনে কৈছিল । হাঁহিহে উঠিছে । মই যাওগৈ । তোক কইনাৰ সাজত চুই চোৱাৰহেপাহ আছিল । সেইবোৰ দিনলৈ থাকিব নোৱাৰো । তই সুখী হ । ভালকৈ থাকিবি । নিজৰ যত্ন লবি । মছলা দিয়া বস্তু খালে পেট বিষাই তোৰ, নাখাবি . . . আৰু ডাক্তৰক সোনকালে দেখুৱাবি ।
 . . . . তাৰালৈ ফোন কৰিলো । বিকুলৈও । ডায়েৰিখন তোক দিবলৈ কৈছো । সি আকৌমোৰ কি হ'ল, কি হ'ল বহুত বাৰ সুধিলে। মোৰ ভাল বন্ধু আছিল অ' সিহঁত । সকলোলৈ মনত পৰিছে । . . . . স্বপ্নালী । তাইলৈ ফোন কৰিব নোৱাৰো । পাগলীয়ে কান্দিয়ে দিব । ফোনটো অফ কৰিলো । জুন . . . যাওঁ । 

 . . . . . . মা-ৰ একমাত্ৰ কপাহী চাদৰখননষ্ট হ'ব । পঘা কেইডালে গৰু কেইটাক বন্ধা আছে যে । খুলিবলে সত নগ'ল ।

 xxxxxxxx00¤00xxxxxxxx 

 [ জুন, বিকু, তাৰা, স্বপ্নালী, চন্দন (মই) সকলোলৈ ক্ষমা প্ৰাথনাৰে . . . . ]

''বিবাহ বাৰ্ষিক'' [ অণুগল্প ]

পুৱাৰ পৰা অহৈতুক ব্যস্ততা । ৰঙিয়াল মুখ । কাম কৰোতেওঁ মুখত পুৰনা গানৰ কলি । পেৰাৰপৰা যোৱা বছৰেই বৈ থোৱা পকোৱা সুতাৰ চাদৰখনো বৰ আগ্ৰহেৰে গাত ল'লে জয়ন্তীয়ে । পাতিহাঁহৰ আঞ্জাখন দিওঁতেহে গিৰিয়েক বলীনে উৰহি গছৰ ওৰটো পালে । ''আপোনাৰ পাটিৰ লগৰী হোৱাৰ আজি একুৰিত সোমাল'' - কৈয়ে ওৰনিখন টানি জয়ন্তী পাকঘৰলৈ লৰ মাৰিলে । বলীনে তাইক খুব ধুনীয়া দেখিলে আজি ।

ধৰ্ষণ [ অণুগল্প ]

নিজৰ জীয়েকতকৈও চাৰি বছৰ সৰু, ভায়েকৰ শান্তি নোহোৱা ছোৱালী জনীৰ ওপৰত বুবুলৰ বহু দিনৰপৰা শেনচকু । এদিন ঘৰত কোনো নথকাৰ সুযোগলৈ পাকঘৰৰ দুৱাৰখন জপাই তাইৰ গোতেই গাতে হাত ফুৰাই ফুৰাই ডিঙিতে চুমা এটা বুবুলে খালে । তাই ভয়তে কান্দিবলৈ ধৰা দেখি কাকো নকবলৈ দহ টকীয়া এখন দি সোনকালে তাইক তাৰ পৰা উলিয়াই পঠোৱালে ।

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।