পুৱাৰ পৰা অহৈতুক ব্যস্ততা । ৰঙিয়াল
মুখ । কাম কৰোতেওঁ মুখত পুৰনা গানৰ
কলি । পেৰাৰপৰা যোৱা বছৰেই
বৈ থোৱা পকোৱা সুতাৰ চাদৰখনো বৰ
আগ্ৰহেৰে গাত ল'লে জয়ন্তীয়ে ।
পাতিহাঁহৰ আঞ্জাখন
দিওঁতেহে গিৰিয়েক বলীনে উৰহি গছৰ
ওৰটো পালে । ''আপোনাৰ পাটিৰ
লগৰী হোৱাৰ আজি একুৰিত সোমাল'' -
কৈয়ে ওৰনিখন
টানি জয়ন্তী পাকঘৰলৈ লৰ মাৰিলে ।
বলীনে তাইক খুব ধুনীয়া দেখিলে আজি ।
No comments:
Post a Comment