18 July, 2013

মাজুলী:মাজুলী [ষষ্ঠ খণ্ড]

যথা সময়ত আন্ধাৰতেই মোক জগাই দিয়া হ'ল। অৱশ্যে মোৰ গভীৰ টোপনি নাছিল। শুই উঠি গা-পা ধুই চাহ খালোঁ। আন্ধাৰতেই উঠি বাইদেউৱে মোলৈকে কেৱল ৰুটি বেলি খোৱাই পঠাইছিল। ছাৰৰ একমাত্ৰ পুত্ৰ ভাষ্কৰ বৰুৱা। তেওঁ নি মোক ঘাটত থবোলৈ ওলাল। পোহৰ পোহৰ হওঁতেই আমি নদীৰ পাৰ পালোগৈ। কুৱঁলীৰ পৰা দুই মিটাৰ মান ভালকৈ মনিব পাৰি মাথো। সুধি গম পালো মেচিন নাওঁৰে এঘ্ণ্টা একেৰাহে গৈ থাকিলে সিটোপাৰ লাগিবগৈ। ঘড়ীত পুৱা ৪-৩০ হৈছিল। মেচিন নাওঁ মানে, এখন মাথো হাত নাওঁ, তাতে এটা সৰু মেচিন লগাই থোৱা আছে। পাঁচজন অনায়াসে যাব পাৰে। সদায় ইমান ৰাতিপুৱাই গাখীৰ আনেগৈ মাজুলীৰ চাপৰিৰ পৰা। বুজি পালো যে মোৰ বিদ্যালয়খনো চাপৰিতেই অৱস্থিত। মিছিং জনগোষ্ঠীৰ বসবাস। অলপ পাছত গুৱালজন ওলালহি। লগত আৰু এজন। তেখেতে নাওঁ চলাব। নাওঁখন ঠিক কৰোঁতেই বামুণ এজন চাইকেল এখনৰ সৈতে ঘাট পালেহি। মোনা এটাত কপোৰ। এখেতে এসপ্তাহৰ কাৰণে চাপৰিৰ ফালে পাৰ হৈ যাব। সকাম বিয়া সকলো শেষ কৰিহে লক্ষীমপুৰমুৱা হ'ব। তেনেকৈয়ে তেখেতে জীৱন নিৰ্বাহ কৰি আছে। ভাষ্কৰ দাদাই বামুনজনৰ হাততে মোক গতালে। বামুনজনে বিদ্যালয়খন মোক দেখোৱাই দিব। ৫ বজাত সেইখন নাওঁত মুঠ চাৰিজন মানুহ আৰু দুখন চাইকেলৰ সৈতে বিশাল লুইতত নাওঁখনে নিজকে পাৰি দিলে। মাথো পানী আৰু কুৱঁলী। আৰু ধপ্‌ ধপ্‌ মেচিনটোৰ মাত। ডেৰ মিটাৰমান বহল নাওঁখনৰ কাঠ এডালৰ ওপৰত বহি গৈছো চকুমুদি। কাষত কেৱল ঢৌ। পানী এচলু মুখত লৈ ভগৱানৰ নাম ল'লো। সকলো নিমাত। মাজে মাজে পকনীয়া আৰু কুৱঁলীত মনিব নোৱাৰা দূৰত ধাৰাম ধাৰাম সোঁতৰ শব্দ। জীউটো হাতৰ মুঠিত তুলি লৈছিলো ইতিমধ্যে। ব্ৰ হ্ম পুত্ৰ দেখাৰ দুদিনৰ পাছৰ দিনাই কেৱল পানীৰ মাজত এনে এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ ভগৱানৰ নাম লোৱাৰ বাদে মোৰ গত্যন্তৰ নাছিল।

এঘন্টা দহ মিনিট একেৰাহে গৈ গৈ থাকিও কোনো মাটি দেখা নোপোৱাত নাওঁ চলোৱাজনে ক'লে বাট হেৰাল।
আনদুজনৰ কি হৈছিল মোৰ বোধৰ সামর্থ্যৰ বাহিৰত আছিল।
চকুপানী কোনেও নেদেখাকৈ মোহাৰি পেলাইছিলো।
মোবাইলটোত অলপো নেটৱর্ক নাছিল।
তেতিয়া পুৱা ৬ বাজি গৈছিল।

prasuya's editing

প্ৰায় ৬-৩০ বজালৈকে অনাই বনাই ঘুৰি ফুৰাৰ পাছত আমাৰ ভাগ্য উদয় হৈছিল।
পূৱ আকাশত দীনমণিয়ে ভূমুকি মাৰিছিল।
প্ৰথম দেখাৰ দহমিনিটমান পাছতেই কুঁৱলীৰ পৰিমাণ লাহে লাহে কমিছিল।
নৈৰ মাজৰ বিৰিণা,খাগৰিৰ সৰু সৰু চাপৰিবোৰ দেখিছিলো।
আমি গম পাইছিলো লক্ষীমপুৰৰ পাৰতেই সম্পূর্ণ এঘন্টা আমি ঘূৰি ফুৰিলো কেৱল উজাই,ভটিয়াই...
যি কি নহওঁক লাহে লাহে পৰিস্কাৰ হৈ অহাত চকুৰে মনিব পৰালৈকে কেৱল পানী আৰু পানী দেখিলো আৰু চেঁচা হাড় কঁপোৱা বতাহ।
আমি মাজুলীৰ অভিমুখে নাওঁ পোনালো।
ডেৰঘন্টামানৰ মূৰত এটা চাপৰিত নাওঁখন ৰ'ল।
চাইকেলখন নমোৱা হ'ল।
মোক জনালে ইয়াৰপৰা দেউৰ লগতে খোজকাঢ়ি যাব লাগিব।
ভাড়া ১৫ টকা ল'লে।
ভালকৈ সমাজখনত মিলি থাকিবলৈ কৈ নাৱৰীয়া আৰু গুৱালজনে আমাৰপৰা বিদায় ল'লে।
দেউৱে ময়ে নিজৰ বাট বুলিলো।

(আগলৈ...)

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।