Showing posts with label চনেট. Show all posts
Showing posts with label চনেট. Show all posts

27 November, 2016

চকুপানীতো নোলোৱা নহয়, শুকাই গৈছে ...


ডবাকোবোৱা সময়বোৰ আগুৱাই গৈছে,
মোজা নিপিন্ধা, জুই নেদেখা ভৰিবোৰ হৈছে শিল
মই ধূপৰ ধোঁৱা হৈ বিচাৰি ফুৰিছো গল্পৰ মেহফিল
নিজানৰ দুখনি হাত দুটা বাটেদি গৈ আছে, গৈ আছে৷

শীতৰ ৰাতিবোৰে আইৰ শৰীৰৰ বিষ আনিছে
আৰু পিতাইৰ ডাঙৰী কঢ়িওৱা খোজবোৰৰ অমিল৷
দূৰৰ পথাৰত হালধীয়া সপোনৰ জিলমিল
আধাৰাতিৰ টোপনিত যেন সৌৱা নৰাৰ পেঁপা বাজিছে৷

কলৈ যে গৈছে মন, ক'ত ক'ত যে গৈ পৰিছে!
দিনৰ শুকান ওঁঠ, ৰাতিৰ টোপনিও চিলমিল
হঠাৎ সাৰপাই উঠি বহো৷ চিন্তাৰ জীৱন্ত মিছিল
এই যেন চিঞৰিছে, এই যেন মোকো টানি নিছে ...

মূৰ নথকা নৰাবোৰে মোৰ দৰে কান্দিছে,
চকুপানীতো নোলোৱা নহয়, শুকাই গৈছে৷

(২৭৷১১৷২০১৬)

23 November, 2016

চাকি

গিৰিজনি ভয়ানক, বোকা পানী, খাল
চেকুঁৰা চেকুঁৰ ৰঙা, আলি কাঁইটৰ
ঠায়ে ঠায়ে জেং-জোঙ, ঠায়ে ঠায়ে গড়
অতবোৰ আন্ধাৰতো বাট আছে ভাল৷

ৰাজআলিত মানুহ, ঘৰৰ ন-চাল
জ্বলি উঠে, গাঁৱে ভূয়ে জুই মৰ্‌মৰ্৷
কুটনীতি-ৰাজনীতি, ৰজা খৰধৰ
বাট সি ঘূৰ্মুটিয়াই, ৰাগী যাৰ ভাল৷

চেতন মনৰ মানুহ, নাই কোৰ্হাল
এটি দুটি আহি আহি, সাগৰ সমান
সত্য পোহৰ অন্বেষী, হৃদয় মহান
চাকি সন্ধানী লোক নহওঁক আকাল৷

মিলন চাকিয়ে ফালে শোষণৰ জাল
প্ৰেমৰ চাকিত সমন্বয়ৰ চোতাল৷

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।