''. . . .মোক তুমি ভালপাওঁ বুলি কোৱা
মই তোমাক এখন চোলা দিম
তাত ঢাকিব পাৰিবা তোমাৰ সত্তা ।''
ডায়েৰিখনৰ প্ৰথম পৃষ্ঠাতে ধুনীয়া হাতৰ আখৰ কেইটাৰে লিখি থোৱা শাৰী কেইটা পঢ়ি জুনে হুমুনিয়াহ এটা এৰিলে । ডায়েৰিখন চন্দনৰ । বিকুৰ হাতত দি থৈ গৈছিল । তাৰ পৰাই জুনে পাইছে । দহ দিন মানৰ আগতে কলেজতে পাই টোপোলাটো দি বিকুৱে কৈছিল : ''এইটো চন্দনে তোক দিবলৈ কৈছিল । তাৰ শেষ ইচ্ছা ।'' সেইটো লৈ আনি যি থলে থলেই । মেলিবলৈ সময়ে হোৱা নাই জুনৰ । আচলতে আগ্ৰহ নাই । লোকৰ ডায়েৰি । তাতে মৰা মানুহ এটাৰ ডায়েৰিখনত পঢ়িবলগা কি কি থাকিব পাৰে সকলো ওপৰি ওপৰিয়ে জুনে গম পাইছে ।
চন্দন । জুন হঁতৰ লগৰে আছিল । কলেজলৈ আহোতে দুই এবাৰ দেখিছিল । বিশেষ গুৰুত্ব নাছিল । লগৰ ল'ৰা ক্লাছ কৰে একেলগে, ইমানেই । এবছৰ গ'ল তেনেকেই । লাহে লাগে অলপ সি জুনৰ ওচৰ চাপিছিল । মানে ৰাস্তাই ঘাটে পালে মাত বোল, ইত্যাদি । জুনে সপোনতো ভবা নাছিল যে তাইক সিভাল পায় । ''কাম যে নাই আৰু ল'ৰাজাকৰ; ছোৱালী দেখিলেই ভালপোৱা ।'' - জুনে ভাবে । জুনক দেখি কোনোবা এটা ল'ৰাই যে ভাল পাই পেলাব, সেই কথাটো একেবাৰেগছত গৰু উঠা কথাও নহয় । চকু-মুখ ধুনীয়া, মাৰ্জিত, ভদ্ৰ, পঢ়া শুনাত ভাল জুন, লগৰ বহুততকৈ চকুত লগা । সেইবাবেই চাগৈ চন্দন তাইৰ প্ৰেমতপৰিল । জুনে কথাবোৰ আজিহে ভাবিছে । আগতে এইবোৰ একো চিন্তা কৰি থকা নাছিল ।ভালপোৱা বেয়াপোৱা এইবোৰ বাহিৰা ধান্দা বুলি ভাবিলোৱা জুনে পোনচাটেই নাকচ কৰিছিল চন্দনৰ ভালপোৱাৰ প্ৰস্তাব ।
পাঁচবছৰীয়া কলেজীয়া জীৱনৰ দুটা বছৰ সুখ্যাতিৰে পাৰ হৈছিল জুনৰ । বিধিৰ বিপাকতেই জুন আৰু চন্দনৰ চিনাকী হৈছিল কোনোবা এদিনা, তাৰ মাজতেই । চিনাকীৰ পাছত সৌজন্যতা । লোকচক্ষুত চন্দন জুনৰ প্ৰেমিক হৈ পৰিছিল । ''বন্ধু । অ' তুমি মোৰ বন্ধু নিশ্চয় হ'ব পাৰিবা ।'' জুনে তাক কৈছিল । বন্ধুত্বৰ এনাজৰি ডালৰ তলত আকৌ এটা বছৰ পাৰ হৈছিল সিহঁতৰ ।
নাই ; ডায়েৰিত এইবোৰ একো নাইচোন । জুনে ভবাৰ দৰে ডায়েৰিখনে একো সঁহাৰি নিদিলে । এগালমান কবিতা । কবিতা পঢ়ি ভাল নোপোৱা জুনৰ কাৰণে ডায়েৰিখনও আমনিদায়ক যেন হে লাগিল। অলসভাৱে পাতবোৰ লুটিয়াই থাকিল । কলেজৰ পৰা আহি সাধাৰণতে এই সময়ততাই এনেই থাকে । আজি সেইয়ে ডায়েৰিখনলৈ পটকৈ মনত পৰাত, মেলি লৈছে । পৃষ্ঠা এটাৰ ডাঙৰ ডাঙৰ শাৰী কেইটাত তাইৰ চকু ৰৈ গ'ল . . .
''মোৰ জীৱনৰ এখন সোনোৱালী পৃষ্ঠা ।''
তাই কাহানিও চন্দনৰ ব্যক্তিগত জীৱনৰ ভিতৰলৈ সোমাব বিচৰা নাছিল । সেয়ে বন্ধু হোৱাৰ পাছতো, একো কথাতে গভীৰ জীৱন দৰ্শনৰ পাতনি মেলা নাছিল জুনে । কলেজতে কথা বতৰা, মাতবোল । মাৰ্জিত, ভদ্ৰ, কথা জুখি মাখি কোৱা চন্দনৰ লগত কথা পাতি ইমান বেয়া পোৱাও নাছিল জুনে কাহানিও । পাতিছিল ।
''৭ আগষ্ট, ২০১১ . . . বন্ধুত্বৰ দিন "
ডায়েৰিত লিখাখিনি পঢ়িবলৈ কৌতুহল উপজিল জু নৰ ।
''আজি মই ক'ব মোৰ জীৱনলৈ ডাঙৰ দিন এটা আহিল । ভাবি আছিলো মোৰ মবাইল নম্বৰটো তাইৰ ওচৰত আছে যেতিয়া, মেছেজ এটা তাই দিব । সঁচাকৈয়ে দিলে । কথা পাতিলো । বহু কথা । জীৱনৰ কথা । তাইৰ . . . মোৰ । কেনেকৈ ৰাতি দুটা বাজিল ক'ব নোৱাৰিলো । তাই উচুপিছিল আৰু মই . . .
তাইক কি সান্ত্বনা দিম ? . ..কান্দিলো । মই তাইক ভালপাওঁ বহুত। তাই আজি মোৰ বহু কাষ চাপিল । ভাললৈ নে কাললৈ নাজানো । ভগৱান, সুখ বিছাৰো মই ।''
তাৰ পাছত আৰু একো বিশেষ শাৰী নেদেখিলে তাত । কেৱল এজাপ কবিতা ।কবিতাৰ পাছত কবিতা । তাই লুটিয়াই গ'ল ।
জুনহঁতে কলেজীয়া জীৱন সামৰিবলৈ বেছিদিন আৰু নাই । এইখিনি সময়তে পঢ়া শুনাৰ পৰিমান এনেও অলপ বেছি হয়েই । তাৰ মাজতে ইটো সিটো থাকে । জুনে আজিকালি প্ৰেম ভালপোৱা এইবোৰ বাহিৰা ধান্দা বুলি ভাবিবলৈ এৰিলে । কি বুলি ভাবে নিজেও নাজানে । আচলতে এইবোৰ কি, ক'ত, কিয় ভাবিবলৈ সময় নাই অথবা প্ৰয়োজনো নাই । ধানৰ পৰা চাউল হয় । সিমানেই জানে ।
চন্দনৰ লগত জুনৰ বন্ধুত্ব এবছৰতকৈ বেছি হোৱাগৈ নাছিল । তাৰ তৎপৰতাতেই জুন আৰু চন্দনৰ সম্পৰ্কও এইখিনি সময়তে আগতকৈ যথেষ্ঠ গাঢ় হৈছিল । চন্দনে পুনৰ দিয়া ভালপোৱাৰ প্ৰস্তাবক উপযুপৰি নাকচ কৰিছিল জুনে ।
''সেইদৰে সকলোকে ভাবিব নোৱাৰি চন্দন ।'' - জুনে তাক বুজাইছিল । স্বাৰ্থপৰ যেন নলগা ল'ৰাটো তাইৰ পৰা লাহে লাহে আতঁৰি গৈছিল । মানুহ নিঃস্বাৰ্থ কিয় হ'ব নোৱাৰে তাক ভাবি জুনৰ খং উঠিছিল ।
''আত্মহনন''
শব্দটো দেখি জুন আকৌ থমকি ৰ'ল । এইখিনিতে এপৃষ্ঠা লিখিছে সি । পঢ়ি চালে জুনে ।
. . .''তোকলৈ যোৱা দুবছৰে বহুত কিবা কিবি সপোন দেখিছিলো । নিজতকৈও কাৰোবাক ভালপোৱাৰ পাছত সপোনবোৰ যেতিয়া ভাগে, একো নাথাকে, জুন । তই সকলোবোৰ বুজিও একো নজনাৰ অভিনয় কৰ । মোক হেৰুৱাই তোৰ একো দুখ নাই জানো । কিন্তু . . . তোক আনৰ হোৱা চাব মই নোৱাৰো । বহুত স্বাৰ্থপৰ বুলি ভাবিছ চাগে মোক . . ন ?
উপায় যে নাই অ' মোৰ । মই আতঁৰি আহিলো সচাকৈয়ে । তোৰ সুখ হওঁক ।
সৰুৰে পৰা মনে বিচৰা একো নাপালো ।খাবলৈ, পঢ়িবলৈ, থাকিবলৈ । শেষ আশা তই আছিলি । ভগৱানে তোকও নিদিলে চা। মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই ।
সেইদিনা কলেজলৈ চাদৰ মেখেলা পিন্ধি আহিছিলি যে, বহুত ধুনীয়া লাগিছিল । সেইয়াই শেষ দেখা । জুন .. . তোৰ কপালৰ ঘাঁ টুকুৰাই মোক মৰিবলৈ দিয়া নাই অ' । বৰ কষ্ট ।
ঘৰৰ সকলো নামঘৰলৈ গ'ল । শৰাই দিবলৈ । ঘৰৰ হেনো বিপদ আহিব । গনক এজনে কৈছিল । হাঁহিহে উঠিছে । মই যাওগৈ । তোক কইনাৰ সাজত চুই চোৱাৰহেপাহ আছিল । সেইবোৰ দিনলৈ থাকিব নোৱাৰো । তই সুখী হ । ভালকৈ থাকিবি । নিজৰ যত্ন লবি । মছলা দিয়া বস্তু খালে পেট বিষাই তোৰ, নাখাবি . . .
আৰু ডাক্তৰক সোনকালে দেখুৱাবি ।
.
.
.
.
তাৰালৈ ফোন কৰিলো । বিকুলৈও । ডায়েৰিখন তোক দিবলৈ কৈছো । সি আকৌমোৰ কি হ'ল, কি হ'ল বহুত বাৰ সুধিলে। মোৰ ভাল বন্ধু আছিল অ' সিহঁত । সকলোলৈ মনত পৰিছে ।
. . . . স্বপ্নালী । তাইলৈ ফোন কৰিব নোৱাৰো । পাগলীয়ে কান্দিয়ে দিব ।
ফোনটো অফ কৰিলো ।
জুন . . . যাওঁ ।
. . . . . . মা-ৰ একমাত্ৰ কপাহী চাদৰখননষ্ট হ'ব । পঘা কেইডালে গৰু কেইটাক বন্ধা আছে যে । খুলিবলে সত নগ'ল ।
xxxxxxxx00¤00xxxxxxxx
[ জুন, বিকু, তাৰা, স্বপ্নালী, চন্দন (মই) সকলোলৈ ক্ষমা প্ৰাথনাৰে . . . . ]
No comments:
Post a Comment