16 February, 2013

• প্ৰেমৰ দিনত মোলৈ... •

 



আজি প্ৰেমৰ দিন (!)
প্ৰেমৰ ৰাতিবোৰত হৃদয়খন ক'ত বন্ধকত দিওঁ 

আজি সঁচা কথা কওঁ আপোনাক 
পিতাইৰ এহাল মাথো চাৰিদাঁতৰ গৰু 
এটা বগা এটা মুগা ।
তিনিবিঘা আধি খেতি, 
নিজৰ আধা । 

কাতি পালেই পিতাইয়ে আইক দিয়ে ভালপোৱা
পেট নভৰে আইৰ
মই কান্দো ।

আইৰ পেট নভৰাৰ দৰেই
আপোনাৰো আধাপেটি পেট
সেইয়া মোক ভালপোৱা দিনৰ কথা ।

আজি আভোক সন্ধিয়াত
আপোনাৰ অচিন চিনাকী
ভাতখোৱাৰ আলহী...
আমাৰ ঘৰত আজিও আন্ধাৰ
কেৰাচিন নাই ।

দিনত ফচল আকাশ
আকাশৰো ওপৰত মোৰ ভালপোৱা
সদায়ে প্ৰেমৰ দিন উদযাপনৰ হেপাঁহ
মুধৰ খুটাত ভঙা পইচা ।
( আপুনি সুখত থাকক প্ৰেমৰ নিশাও,
সঁচা ভালপোৱাহীন হৈও ।
শুভকামনা । )••

[ ১৪.০২.১৩ ]

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।