16 February, 2013

শৈশৱে ৰিঙিয়াই...

মই শিক্ষকতা কৰা পহুমৰা প্ৰাঃ বিঃ প্ৰাংগনত আনন্দত মতলীয়া এজাক শিশু
''লাও পুলি ল'ৰাই ৰুলোঁ
ৰুলোঁ লৰাই লফা
ঘূৰাই ঘূৰাই উৰাই ঘূৰাই

তাঘূৰ ঘূৰাই মাতা ।''

আখৰ চিনিব ধৰোতেই বোৱাৰী পুৱাতে উঠি পিৰালিত থৈলা পাৰি গগন ফালিছিলো । আইয়ে চোতাল ঘৰ অতাই গা পা ধুই পঢ়াতে পিঠাগুৰি এবাতি, গুৰ এজেবা, এৱাঁ গাখীৰেৰে উপঙাই দিছিলহি । মাতটো ক্ৰমান্বয়ে ডাঙৰ হৈছিল ।

''নাৰ বাত পাভ মাছ
আৰু এটা কাছ ,
বাৰ টকাত কিনি আনি
কিয় বাৰু নাছ ?''


স্কুললৈ লৰ দিছিলো । সময়ৰ বহু আগতেই পাই খেলিছিলো, জপিয়াইছিলো ।
কি দিন আছিল সেইয়া ।

মোৰ শৈশৱ আকৌ ঘুৰাই দিয়া... সময় ।
তাত জটিলতা নাই, পংকিলতা নাই ।

পাহাৰৰ জুৰিটিৰ দৰে শান্ত, নিৰ্মল ।

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।