06 February, 2013

পাপী শ্ৰীকৃষ্ণ


ষোল্লশ ব্ৰজবাসীৰ
সংসাৰত জুই লগোৱা
চ'ত মহীয়া পথাৰৰ
উদং দমৰা

কি গোন্ধ পাইছিলি
অবলা ৰাধাত ?

ন মহীয়া কেঁচুৱাই কান্দিছিল তেতিয়া
মাকৰ স্তন
যেতিয়া চুপিছিলি কাঢ়ি
নাজাননে,
কলেষ্টৰেল নবজাতকৰ সুষম আহাৰ !

তই কেনেকৈ বুজিবি
পুত্ৰ-মাতৃৰ বেথা
কি দোষত বা কন্দোৱালি
নন্দ-যশোদাক !!

আছিলি যদিয়ে
তই সৰ্বশক্তিমান
ওপজিয়ে কৰা নাই কংস সংহাৰ
ভীৰুতাৰ অন্য নাম
 

 আৰু . . .
কি বুজিবি তই
প্ৰেম ভালপোৱা,
মাথো চিনিপাৱ'
পৰকীয়া যৌনতা

তোৰ বিচাৰ হলে ক'ৰবাত . . .
ঘৃণাত নাক কোছাই হাজাৰ জল্লাদ

সেইখন হাতেৰে নুচুবি ৰাধাক
পাপী ,
পাপী শ্ৰীকৃষ্ণ,
তাই অবলা !

©

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।