আপুনি গুলাপী ভেটফুলীয়া ওঁঠ দুপাহিত ৰং নাসানিব।
সেই যে, আপুনি কচমেটিকছৰ দোকান দেখিলেই লিপষ্টিক কিনিব খোজে......
আজিৰ পৰা নিকিনিব সেইবোৰ,
ওঁঠত নাসানিব ৰং,
লুকায় সোঁফালে
চুকৰ ক'লা তিল...
আপুনি যেতিয়া হাঁহে,
অনিৰুদ্ধই সপোন দেখিব লগা নহয় ৰাতি
অগ্নিগড়ত প্রসাৰিত কৰে দুহাত
পোৱাৰ আশাত...
তেজপুৰৰ গাভৰুজনী,
আপুনি দুওঁঠত ৰং নাসানিব...
ক'লা তিলটো লুকালে
বেয়া লাগে দেখি
গনেশ ঘাটৰ আবেলি এটাক বালিৰে সাজিম
আপোনাক সোঁৱৰি উটি উটি
কণীপৰা নাৰ মাছ জাঁকক জোকাম
আপুনি উজানত অহাৰ দৰে, হাঁহি হাঁহি...
য'ত সেই হাঁহি বোৰ থাকিব,
হাঁহিবোৰত কলিয়া ভোমোৰাৰ সন্ধিয়াটোৱে চৰ্চৰণি খাব
মই বেহেলা বুলি ক'ম,
আপুনি ক'ব বাহীঁ
মই গিটাৰ বুলি ক'ম
আপুনি ক'ব
আপুনি ক'ব...
কি ক'ব আপুনি তেতিয়া ?
কওঁক না...
মায়াবীনি কলীয়া তিলৰ গৰাকীনি !
উষাই ৰঙ সানিছিল নেকি কেতিয়াবা ?
চিত্ৰলেখাই ?
সপোনবোৰ কেনভাছত বুলাওতে
ৰঙ আঁকিছিল নেকি তিলটো লুকুৱাই ?
চকুত বাৰু পৰিছিলনে আপোনাৰ?
তিলটো...?
কৃষ্ণৰ নাতিৰ...?
তিলটো আপোনাৰ বিলাসিতা,
কাৰণে অকাৰণে তিলটোৱে আপোনাক তাগিদা দিয়েনে?
আবতৰীয়া বৰষুণজাঁক বিচাৰি...
ৰঙা নীলা সেউজীয়া
কোনযোৰ পোচাকেৰে তিলটোক শুৱাব?
নাই নাই,
আজাৰবুলীয়া কাপোৰ এযোৰ ল'ব
পাৰিলে মিছন চাৰিআলিত...
ঢেকীয়াজুলিত...
কালিকা লগা তিলটো ঢাকি নথব,
বেৰঙী কৰি...
খুওব ধুনীয়া লাগে তিলটো দেখি
আপোনাৰ ওঁঠত জিলিক মিলিক কৰে সি
সপোনত দেও দি!
তেজপুৰৰ গাভৰুজনী...
[৬ জুলাই, ২০১৩]
No comments:
Post a Comment