15 March, 2013

বৰদৈচিলা ...

[...মৰমৰ একমাত্ৰ 'ভাইটি'ৰ হাতত ]

বৰদৈচিলা
চালখন হেৰাই যায়
বৰষুণে মজিয়া তিয়াই
উৰুখা পঁজাটো পিতাইৰ
মোৰ দৰে চকুপানী মচে

ভোকত ভালপোৱা
সদায়ে আন্ধাৰ

ভাইটি আইৰ পেটমছা
চকুত তাৰ সুখৰ আখৰা
ফটা কেথাখন গাত দি দিও
ঘৰৰ সেইখনেই শুকান বিচনা ।

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।