নিসিংহ মুৰাৰী ভাওনাত আটাইতকৈ ওজু ভাওঁ দুটাই আছে । এটা কৃষ্ণৰ লগত ওলাব লাগে, লক্ষ্মী । বচনৰ নামত সঁচ একো মাতিব নালাগে । মনমোহন কাইদেউৰ নিচিনা টুৱেনটি টাইট হৈ আগলে গৈ থাকিব লাগে বিজুলী দুই এটা মাৰি মাৰি । ভজ নাইকিয়া লেডিজ বোৰেও সেইটো ভাও ভাগত পায় । দুইনম্বৰটো হ'ল দানৱ-গন । চাৰিটা মানুহ লাগে । চাৰিটা দানৱ । সেইকেইটাই বচন নিজে তিনিআলিৰ তক্তাত বহি চাদা মলি যিকেইটা পাতে তাকে পাতিলেই হ'ল । সেয়ে সকলোৱে তাকে ল'বলে হেতা ওপৰা কৰে । কাম মাথো এটাই ভক্ত প্ৰহ্লাদক শাস্তি প্ৰদান কৰিব লাগে বাপেকৰ কথা মতে ।
সেইবাৰ ভাবিলো মইও লও । লগত আৰু তিনিটা ।দুটা মোতকৈ সৰু, এটা ডাঙৰ । যেনেতেনে প্ৰবেশ মাৰিলো । প্ৰবেশ মৰাৰ পাছত প্ৰহ্লাদক আমাৰ লগত পঠিয়াই দিলে শাস্তি দিবলে । দুটা শাস্তি দিলো । তিনি নম্বৰটো শাস্তি দিছো পাহাৰৰ পৰা পেলোৱা । বাহিৰলে নি থৈ আহিলোগে । চাৰিওটা আহি নামঘৰৰ মজিয়া পালোহি । মইয়ে কলোঃ 'ভাইহঁত, এইবাৰ সেইপিচ মৰিবই । আমি পুৰষ্কাৰ পামেই । গতিকে অলপ সময় বিশ্ৰাম কৰো আহ ।'
বাকী কেইটাও মোৰ লগতে শুলে, মানে মাটিতে দীঘল দিলে । মই পটকে দেখিলো দুই নম্বৰ লাইনতে চালিয়া ছোৱালী এজাক বহি আছে ।
মোতকৈ সৰু দুটাক ক'লোঃ 'এইটো চাঞ্চতে মালকেইটা চাই ল' ।'
ওপৰত মাইক । সাওতকে গৈ গোতেইখন ওলাই গ'ল । তাৰপাছত গিৰ্জনী । আমি চকু মোহাৰি উঠি বহিলো । যেন একো গম নাপাওৱে । প্ৰহ্লাদেও কিবা বাং বিং গাই আহি আমাৰ ওচৰ পাইছিলহি ।
No comments:
Post a Comment