এই যে কিবা এটা উদুলি মুদুলি মনৰে পদূলি। 'ছেহ, সন্ধিয়াটো পাৰ হৈ গলেই নে ইমান সোনকালে', এনেভাবত বিচনাতে বাগৰ দি কি কৰো কি নকৰো ভাবত পৰি থাকিলেই মনলৈ অনেক কথা আহে। একেলগে থকা দাদা জনৰ সমস্যা। গুৰুতৰ সমস্যা। মনটো তাৰ বেয়া। সেই যে একেলগে থকা এজনৰ মনটো বেয়া; কাৰনো শান্তিৰে থাকি ভাল লাগে। এনেই হ'লে আড্ডাৰেই সময়খিনি উৰি গুছি যায়। এতিয়া এনে গোমোঠা পৰিবেশত সময় নাযায় নোপুৱায়। খাওঁতে, বওঁতে, উঠোতে, বহোতে স্ফূৰ্তিত থাকিবলৈ পালে মনবোৰো সতেজ আৰু সবল হৈ থাকে।
অন্ন, বস্ত্ৰ, বাসস্থান এই তিনিটা মৌলিক প্ৰয়োজন বুলি ভাবিবলৈ গ'লে যত আঁওলখন লাগে। দেখ দেখকৈ ওলাই আছে। খাবলৈ নোপোৱাকে ফুটপাথত পৰি থকা ভিক্ষাৰীসকলেও বুকুৰ মাজত আপোনজনক আকোঁৱালী লৈ শুৱে। অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱৰ পিছতো এনে আবেগ। সেই আবেগ, ভালপোৱা, আন্তৰিকতা, সুহৃদতা এনেবোৰেই প্ৰায়ে শলথেকত পেলায় সকলোকে। সকলোতে থমকে ভৰি। আৱৰি ৰাখে আত্মীয়তাই, আন্তৰিকতাই। বাধা দিয়ে কেতিয়াবা, সাহস দিয়ে কেতিয়াবা। এনেকৈয়ে জীৱন।
'অনুৰাগ'। জীৱনত কিমান প্ৰয়োজন বুলি আপুনি ভাবে? অলপ বেলেগকৈ চিন্তা কৰিলে এনেদৰে ভাবিব পাৰি নেকি যে, অনুৰাগ কিয় উপজিব পাৰে অথবা অনুৰাগৰ অবিহনে জীয়াই থকা অসম্ভৱ কথা নেকি ? সেইখিনিতো আপুনি প্ৰায়ে উজুটি খাব পাৰে। আগতে যে কৈ আহিছোঁ, একেলগে থকা দাদাজনৰ কথা। দাদাজনৰ সমস্যাৰ কথা। সমস্যাটো সেই 'অনুৰাগ'। অনুৰাগৰ কাৰণে অশান্তি সমানেই হয়, যেতিয়া মৌলিক প্ৰয়োজনৰ অভাবত আমি ছটফটাও। অনুৰাগখিনিয়ে সমানেই যান্ত্ৰণা দিয়ে, যিমানে মৌলিক প্ৰয়োজনৰ অভাবে দিয়ে। দাদাৰ এটা চৰকাৰী চাকৰি নাই। সেই বাবেই ছবছৰীয়া সম্পৰ্ক এটাৰ যৱনিকা পৰাৰ উপক্ৰম। প্ৰেমিকাৰ ঘৰত হেচাঁ। ছোৱালী উপায়ন্ত। এতিয়া চাওঁক অনুৰাগখিনিৰ লগত এই চাকৰিৰ প্ৰয়োজনীয়তাখিনি আহিল। দ' কৈ ভাবিলে এনেকোৱা হ'ব- দাদাৰ সৰুকৈ হ'লেও এটা চাকৰি আছে। আলী-বলীকৈ নহ'লেও মৌলিক প্ৰয়োজন কেইটা পূৰাব পৰা সামৰ্থ আছে। তেতিয়া হ'লে সেই চৰকাৰী চাকৰি এটাৰ চাহিদা কিয়? উত্তৰ এটাইঃ আনন্দদায়ক জীৱন। সেইখিনি মৌলিক প্ৰয়োজনত নপৰিলেও মানুহ দৌৰিছে কিয়? অনুৰাগো মৌলিক প্ৰয়োজন নহয়। কিন্তু দৌৰিছে কিয়?
জটিল। আমি প্ৰকৃতাৰ্থত কি বিচাৰো, কি আশা কৰোঁ, কি আশা কৰিলে জীয়াই থাকিবলৈ যথেষ্ট হ'ব, কি আশা কৰিলে সুখেৰে জীয়াই থাকিবলৈ যথেষ্ট হ'ব ইত্যাদিবোৰে জঁট লগাই জীৱনত। হয় নহয় ভাবি থাকোতেই একেই জঁটতেই ভৰি দিয়া যায়। অজানিতে...