বিহু অসমৰ খৰচী উৎসৱ । অতিজৰে পৰাবাপতি সাহোন সকলে এই বিহুৰ নামত মগনীয়াক প্লেটখনত দিবলৈ অনা চাউলকেইটাৰো চান কাঢ়ি থোৱাৰ দৰে খৰচ কৰি আহিছে । এই বিহু, নামত তিনিটা । তাৰে এটা, বহুত দিনৰ আগৰ পৰা আয়োজন আৰু বহুত দিনৰ পাছত সামৰণী মৰা হয় । এই বিহুত বহুত ৰঙ বিৰঙ কাপোৰ আৰু শাক পাচলি ওলাই কাৰণে ইয়াক ৰঙালী বিহু বুলি কোৱা হয় । মাৰ্চ মাহৰ পৰাই এই বিহুৰ প্ৰস্তুতি আৰম্ভ হয় । বেনাৰ মৰা, কাৰ্য্যালয় পতা, গাড়ী ৰখাই পইচা তোলা আদি এই বিহুৰ উপলক্ষে পালন কৰা হয় । তাৰ পাছত মেইন বিহু বুলি এপ্ৰিলৰ মাজভাগতে তিনিদিন স্কুল কলেজ, অফিচ কাছাৰী বন্ধ থাকে । সেই বন্ধতে বহু দিন নিজৰ ঘৰলৈ যাবলে নোপোৱাবোৰ ঘৈনিয়েক, পুতেকহঁতক টাউনতে এৰি গাৱলৈ ঢাপলি মেলে । বৰষুণৰ কাৰণে গাৱত বোকা বাবে ঘৈনিয়েক আৰু পুতেক যাবলৈ অমান্তি হয় ।
বিহুৰ আগদিনা বিহু বজাৰ । তাত শাকপাচলিৰ পৰা আৰম্ভ কৰি পঘা, মুখ বন্ধা টেকেলী আৰু বহু কিবা কিবি পায় । বিশেষকৈ সেইদিনা জাতিলাউ, বেঙেনা, কেৰেলা, টিয়হ, থেকেৰা, হালধি বিক্ৰী বেছি হয় । সস্তাও হয়। সেউজীয়া সৰু সৰু পাত থকা মুঠি মুঠিকে বিকে । মানুহে কিনে ।
বন্ধৰ প্ৰথম দিনা গৰু বিহু । সেইদিনা ৰাতিপুৱা গৰু কেইটাক ভালকৈ গছত বান্ধি লৈ গাত কিবা ক'লা মাহ আৰু হালধীয়া সানি লৈ বাল্টিয়ে পানী তুলি সেইবোৰ ধুই পেলোৱা হয় । তাৰ পাছতেই ফ্ৰাই কৰিবলৈ কটাৰ দৰে কাটি জোঙা মাৰি এডালত থোৱাৰ পৰা এপিচ এপিচকে কেচাঁ বোৰ খাবলৈ দিয়ে গৰুক । নাখাই, তামাম চেকুৰ মাৰে । তাৰ পাছতে মানুহৰ চেকুৰা চেকুৰ বোৰ আৰম্ভ হয় । সৰু ল'ৰা ছোৱালীবোৰ বেলেগে আৰু ডাঙৰবোৰো বেলেগকে । ডাঙৰবোৰে খেদা খেদি কৰি চাঞ্চ ল' চাঞ্চ ল' বুলি চিঞৰে । ভাগৰ লাগিলে বাদ দিয়ে । বাথৰুমত সোমাই গা ধুই আজৰি হয় মানে ভৰ দুপৰীয়া হয় । ল'ৰাবোৰে বজাৰৰ পৰা কিনি থোৱা লাটুমটোৰ নিচিনা পেণ্ট পোকৰওলোৱাকে পিন্ধে, পলিথিনৰ নিচিনা গামোচাৰে বনোৱা নাড়ীলৈকে পৰা চোলা এটা পিন্ধে । ছোৱালী বোৰে কিপিন্ধে নাম কোনেও নাজানে, আদিম যুগৰ পৰম্পৰা অব্যাহত ৰাখি তেওঁলোকে সাজপাৰ পৰিধান কৰে । ডায়েটিংৰ বিশেষ সূচী অনুযায়ী সকলোৱে জলপান নামৰ আউটডেটেড মালবোৰ নাখায় । তেনেকেই মহিলা সকলে বিহু সামৰণী মাৰে ।
পুৰুষ সকলৰ আৰম্ভ হয় । আঠজন মান লৰা গোট খাই কাৰোবাৰ ঘৰৰ আচুতীয়া জেগা এডুখৰ বাছি লৈ 'তিনিপাতি' চৰু কৰি দিয়ে । বিহু বুলি বোনাচ পোৱা কাৰোবাৰ যোগ হয়, কাৰোৱাৰ লাউলোৱা হয় । সেইখন খেল ৰাতি বহু দেৰিলৈ চলে । তাৰ পাছতে সকলোৱে পুৰণা ভগা টিং, ঢকুৱা ইত্যাদি যি যেনেকৈ পাৰে হাতত লৈ মানুহ মখাৰ টেমা গৰম কৰে । টোপনি ভাঙে । সেইভাগ কাম পুৱতি নিশালৈকে চলে । দেশী বিদেশী যিয়ে নহওক সেইবোৰৰ চোক কমাৰ লগে লগে সকলোৱে অৰিহনা সমূহ ভাগ কৰি পাছদিনাৰ তিনিপাতিলৈ টঙালী বন্ধাৰ ৰঙীন সপোনৰে সৈতে শুই থাকে । বাপুতি সাহোন গৰু বিহু এনেদৰেই অন্ত হয় ।