ডবাকোবোৱা সময়বোৰ আগুৱাই গৈছে,
মোজা নিপিন্ধা, জুই নেদেখা ভৰিবোৰ হৈছে শিল
মই ধূপৰ ধোঁৱা হৈ বিচাৰি ফুৰিছো গল্পৰ মেহফিল
নিজানৰ দুখনি হাত দুটা বাটেদি গৈ আছে, গৈ আছে৷
শীতৰ ৰাতিবোৰে আইৰ শৰীৰৰ বিষ আনিছে
আৰু পিতাইৰ ডাঙৰী কঢ়িওৱা খোজবোৰৰ অমিল৷
দূৰৰ পথাৰত হালধীয়া সপোনৰ জিলমিল
আধাৰাতিৰ টোপনিত যেন সৌৱা নৰাৰ পেঁপা বাজিছে৷
কলৈ যে গৈছে মন, ক'ত ক'ত যে গৈ পৰিছে!
দিনৰ শুকান ওঁঠ, ৰাতিৰ টোপনিও চিলমিল
হঠাৎ সাৰপাই উঠি বহো৷ চিন্তাৰ জীৱন্ত মিছিল
এই যেন চিঞৰিছে, এই যেন মোকো টানি নিছে ...
মূৰ নথকা নৰাবোৰে মোৰ দৰে কান্দিছে,
চকুপানীতো নোলোৱা নহয়, শুকাই গৈছে৷
(২৭৷১১৷২০১৬)