[. . . . মাজুলী বুলি কলে সাধাৰণতে প্ৰায়ভাগ মানুহৰ মনলে অহা ছবিখনৰ বিপৰীতে থকা জ্বলন্ত ছবি এখন তুলি দিবলৈ ক্ষুদ্ৰ প্ৰয়াস মোৰ এই অভিজ্ঞতাৰ যোগেদি । ]
. . . . প্ৰায় ডেৰঘণ্টামান লুইতৰ বুকুয়েদি পানী ফালি ফালি ফেৰীখনেমাটিৰ মুখ দেখিলে । ফেৰীৰ ভিতৰ চ'ৰাত এটা মৃদু গুনগুননি সৃষ্টি হ'ল । অৰ্থাৎ আমি কমলাবাৰী পালোহি। মানুহবোৰে নিজৰ নিজৰ গাড়ীৰ ফালে ঢাপলি মেলিলে । সকলোৰে ইচ্ছা সোনকালে কেনেকৈ ফেৰীৰ পৰা মাটিত নামো । দুই এক আকৌ তাতোকৈও আগৰণুৱা । ফেৰীৰ টিংৰ পৰাই মাটিলৈ জাঁপ দিলে । ফেৰীৰ পৰা মাটিলৈ এখন তক্তা পাৰি দিয়া হ'ল । প্ৰথমে মানুহখিনি নামিল ঠেলা হেচাঁকৈ । তাৰ পাছত গাড়ীসমূহ । ফেৰীখনত চাৰিজনমান বিদেশী পৰ্যটকক দেখিছিলো । তেওঁলোকে হয়তো অসমৰ মানুহখিনিৰ প্ৰধান চাৰিত্ৰিক বৈশিষ্ট্য এটা গম পালে। ঠেলা হেচাঁ কৰি কেনেকৈ আগতে নামিব পাৰি । সচাঁ আচৰিত । সেই হেচাঁ ঠেলাৰ ফলত কেৰেলাতকৈ গুটি দীঘল হোৱাৰ প্ৰতি কানসাৰ অসমীয়াই নাৰাখে ।
কমলাবাৰী ঘাটত অসংখ্য গাড়ী ৰৈ থাকে । ফেৰীৰ পৰা নমা যাত্ৰীক উঠাই লৈ গন্তব্য স্থানলৈ যাত্ৰা কৰে । তাতো হেতা ওপৰা । যাত্ৰীক নিজৰ গাড়ীত লৈ বহোৱাৰ প্ৰতিযোগীতা চলে । খেনো জিকে, আঠজনলৈকে যাত্ৰী লাভ কৰে । খেনো হাৰে, এজন, দুজন পায় । আমি তিনিজন আৰু দুজন মুঠ পাঁচ জন যাত্ৰী লৈ আমি উঠা টাটা চুমু জাতীয় গাড়ীখন কমলাবাৰী টাউন অভিমুখে ৰাওনা হ'ল । আৰু যাত্ৰী নাপালে । ''জীৱিকাৰ তাড়নাত তেওঁলোকে হেতা ওপৰা কৰিবলৈ বাধ্য''- মনে মনে ভাবিলো ।
গাইপতি ২০ টকা ভাড়া লৈ কমলাবাৰী টাউনত গাড়ীখনে আমাক নমালে । তাতে চাহ খালো । খুড়াই (নাম ৰঞ্জিত বড়া) আমাৰ লক্ষ্যস্থান অৰ্থাৎ মোৰ সম্পৰ্কীয় বৰদেউতালৈ ফোন লগালে ।বৰদেউতাৰ নাম জগত বড়া । আগতে আমি কোনো এজনো ইয়ালৈ অহা নাই, চিনি নাপাওঁ । টাউনতে বুলি জানো, ক'ত সেইটো জ্ঞাত নহয় । বৰদেউতা মোৰ সম্পৰ্কীয় আপোন । পুৰণা ঘৰ টীয়কত যদিও বৰ্তমান কমলাবাৰীতে নিগাজীকৈ বাস কৰিবলৈ লৈছে । কমলাবাৰীৰ স্থানীয় হাইস্কুলৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ লোৱা বৰদেউতাই সামাজিক কাম কাজত বৰ্তমান নিজকে ব্যস্ত কৰি ৰাখিছে। কমলাবাৰী ঠাইখনত সৰবৰহীৰূপে জনাজাত বৰদেউতাক তাৰ প্ৰায় সকলো স্থানীয়ই চিনি পায় । তাৰেই ফলশ্ৰুতিত হোটেলৰে মালিকজনে আমাক তেখেতৰ ঘৰৰ দিশৰ বাটতো চিনাই দিলে । মুল চাৰিআলিৰ পৰা ডেৰ কি:মি: মান খোজকাঢ়ি তেখেতৰ ঘৰত আমি উপস্থিত হ'লো । এইখিনিতে বৰদেউতালৈ উক্ত আপাহতে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো । তেখেতৰ এইখিনি বদন্যতাৰ অবিহতে হয়তো মোৰ লক্ষ্যস্থান বৰুৱাচুক পাওঁতে চকুৰ পানী, নাকৰ পানী একে হ'ল হেতেন ।
আগলৈ...

No comments:
Post a Comment