[. . . . .মাজুলী বুলি ক'লে সাধাৰণতে প্ৰায়ভাগ মানুহৰ মনলে অহা ছবিখনৰ বিপৰীতে থকা জ্বলন্ত ছবি এখন তুলি দিবলৈ ক্ষুদ্ৰ প্ৰয়াস মোৰ এই অভিজ্ঞতাৰ যোগেদি । ]
এটা ৰ'দালি পুৱা । আঠ বজাতে টীয়কৰ পৰা যোৰহাট পালোগৈ । এঘণ্টা লাগে । আগতে ৰাতিপুৱা ইমান সোনকালে গাড়ী নচলিছিল । আজিকালি মেজিক নামৰ বাওনা বাহনখন হোৱাৰ পৰা সেই সমস্যাৰ ওৰ পৰিল । যোৰহাটৰ পাব্লিক বাছ ৰখা ঠাইৰ পৰা নিমাতিলৈ বাছ যায় প্ৰথমখন ফেৰীৰ কাৰনে । এনেই নিমাতিলৈ বাহনাইদি ধেই গাড়ী যদিও ফেৰীৰ কাৰনে নিৰ্দিষ্ট কেইখনমান বাছ । তিনিটিয়া ছিটত আমি তিনিটা । পাছফালে আমাৰ লগতে প্ৰশিক্ষন লোৱা চাংমাই উপাধিৰ এজন । লগত ডাঙৰ বাকচ এটা । বাছ খনত সৰহভাগ টেটৰ শিক্ষক যেন বোধ হল । যিহেতু যোৰহাটৰ বহুসংখ্যক চাকৰি আছিল মাজুলীত সেয়ে সেইদিনটোতে সৰহভাগে যোগদান কৰিবলৈ গৈছিল । ১৫ টকীয়া ভাড়াত নিমাতি পালোগৈ ৯ মান বজাত । ঠাণ্ডা এছাটি বতাহে মোক ছুই গৈছিল । লুইতৰ ওপৰেদি মোৰ জীৱনৰ প্ৰথম যাত্ৰা । মায়ে ঘৰতে গোৱাপান এভাগ আগবঢ়ায় পানী এচলু মূৰত লবলৈ দহে দহে সকিয়াই পঠাইছিল । কৰিলো । ফেৰীত মানুহ উঠিছিল । কমলাবাৰীৰ ঘাটলৈ যাব । যথেষ্ট বহল । প্ৰায় ৮৫ ৰ পৰা ৯৫ জনমান কঢ়িয়াব পৰা ফেৰী । লগত চাইকেল, বাইক, চাৰিচকীয়া, আছেই । ভিতৰত ৰেলৰ দৰে আসন । এইখন ফেৰীতেযোৰহাট বা অন্যঠাইৰ পৰা মাজুলীত কৰ্মৰত সকলো চাকৰিয়াল আহে । মাজুলী কলেজৰ বহুকেইজন প্ৰৱক্তা যোৰহাট টাউনত থাকি দৈনিক এনেদৰে অহাযোৱা কৰে । মানুহবোৰ থানথিত লগাই ফেৰী যাবৰ হ'ল বুলি ঘোষনা কৰিলে ।
এজনে আহি ফেৰীত বহা সকলোৰে পৰা বহীএখনত নিজৰ নাম, ঠিকনা, ফোন নাম্বাৰ আদি লিখি গ'লহি । ধেমাজিত হোৱা ফেৰী দুৰ্ঘটনাৰ পাছৰ পৰা এই ব্যৱস্থা কৰিছে । ফেৰীৰ ভিতৰত এখন দোকান ।
বাৰান্দালৈ ওলাই আহিলো । ফেৰফেৰীয়া বতাহ । ঠাণ্ডা লাগিল খুব । ফেৰীয়ে নিজকে সীমাহীন পানীৰ ওপৰত পাৰি দিছিল । চাৰিওফালে পানী আৰু ঢৌ । ফোনটো চালো নেটৱৰ্ক নাই । পানীৰ মাজত আমি । লক্ষ্য কমলাবাৰী ঘাট ।
আগলৈ . . .

No comments:
Post a Comment