14 May, 2013

• মাজুলী : মাজুলী • ( প্ৰথম খণ্ড )

[ . . . . .মাজুলী বুলি কলে সাধাৰণতে প্ৰায়ভাগ মানুহৰ মনলে অহা ছবিখনৰ বিপৰীতে থকা জ্বলন্ত ছবি এখন তুলি দিবলৈ ক্ষুদ্ৰ প্ৰয়াস মোৰ এই অভিজ্ঞতাৰ যোগেদি । ] 


মাজুলী । 
১,২৫০ বৰ্গ কি:মি: জোৰা ব্ৰহ্মপুত্ৰ নদীৰ সৰ্ববৃহত নদীদ্বীপ । যোৰহাট জিলাৰ অন্যতম মহকুমাটিৰ ২০০১ চনৰ পৰিসংখ্যা অনুসৰি মুঠ জনসংখ্যা ১,৫৩,৩৬২ জন । সদৰ গড়মুৰ । মহাপুৰুষীয়া অন্যতম সত্ৰীয়া সংস্কৃতিৰ লগতে পৰ্যটনৰ অন্যতম কেন্দ্ৰ মাজুলী বুলিলেই জনা হোৱাৰ পৰাই মনলৈ আহে ৰাস আৰু ৰাস । জন্মস্থান টীয়কৰ পৰা নিমাতি হৈ কমলাবাৰীলৈ বেছি দূৰ যদিও নহয় ২০১২ চনৰ মাজভাগলৈকে কেৱল ছবি অথবা চলন্ত চিত্ৰ আদিৰ বাহিৰে স্বচক্ষে দেখাৰ ভাগ্য আমাৰ হোৱা নাছিল । ২০১২ চনৰ ২৮ মে তাৰিখে শিক্ষক নিযুক্তিৰ তালিকাত মোৰ নামৰ বিপৰীতে ২৩৮ নং বৰুৱা চুক প্ৰা: বিদ্যালয়, মাজুলী দেখাৰ লগে লগে চকুৰ আগত কেইবাখনো ডুখৰীয়া ছবি অগা দেৱা কৰিব ধৰিলে । সত্ৰ নগৰীত মোৰ জীৱনৰ এছোৱা পাৰ কৰাৰ সপোনে গা সাতখন আঠখন কৰিবলৈ ধৰিলে । হেপাহৰ চামনিত কিবা এটা কৰাৰ উত্‍সাহে বাহৰ পাতিলে । 

আমাক বিদ্যালয়ত যোগদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল জুন মাহৰ দহ তাৰিখৰ ভিতৰত । মোৰ লগে লগে আমাৰ ঘৰখনত সৰু এটা যুদ্ধসদৃশ পৰিবেশৰ সৃষ্টি হ'ল । 

মোৰ জন্ম ১৯৯৩ চনৰ ৫ ছেপ্তেম্বৰ । ৫ ছেপ্তেম্বৰ দিনতো শিক্ষক দিৱস হোৱাৰ কাৰনে মোৰ সমনীয়া তথা মাননীয় মোৰ শিক্ষাগুৰু সকলেও ধেমালিতে কোৱা মনত আছে 'তই আগলৈ শিক্ষকেই হ'বি' । মইও ৰচনা লিখিছিলো মোৰ জীৱনৰ লক্ষ্য শিক্ষক হোৱা । শিক্ষক নিযুক্তি পত্ৰখন পোৱাৰ পাছতে ভাবিছিলো এটা সপোন পূৰ হ'ল । তাৰ বাবে অৱশ্যেই হেৰুৱাব লগা হ'ল বহু মুল্যৱান শিক্ষা বছৰ কেইটামান আৰু বহু কিবা কিবি । কিন্তু এই যুগত তাকে যে ইমান সৰুতে পাইছ, কিমান পঢ়িও ঘৰতে বহি আছে, পঢ়িও থাকিব পাৰিবি আদি কথা শুনি মনত সান্তনা লৈছিলো । টঙালি বান্ধিছিলো ৰচনাত লিখা 'আদৰ্শ শিক্ষক' জন হ'বলৈ । (এই ছেগতে মাননীয় শিক্ষামন্ত্ৰী গৰাকীলৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছো এক নিকা ব্যৱস্থাৰে আমাক এই সুযোগকন দিয়া বাবে ।) 

জুন মাহৰ সাত তাৰিখে দেউতা, খুড়া আৰু মই মাজুলী অভিমুখে ৰাওনা হ'লো । যোৰহাট, নিমাতি তাৰ পৰা কমলাবাৰী । তাতে মাজুলী শিক্ষাখণ্ডত সুধি বৰুৱা চুক যামগৈ । হাতত অলপ কাপোৰেৰে এটা মোনা, লাগতিয়াল নথি আৰু মনত অযুত আশা । 

আগলৈ . . .

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।