04 May, 2013

চিনেমা বুলিলে মনত পৰে . . .

চিনেমা বুলিলে মনত পৰে সেইদিনাৰ কথা । '১২ চনৰ ১৫ আগষ্ট । বডিগাৰ্ড ৰিলিজ দিছে । গনেশগুৰিৰপৰা অট' লৈ অনুৰাধা পালোগৈ । মই আৰু দাদা দুটা । গেটৰ বাহিৰলৈকে মানুহ । ১১ঃ৩০ৰ পৰা লাইন কৰি ২ বজা মানত মাজভাগতকে অলপ আগবাঢ়িছো। হঠাতে কাউণ্টাৰ বন্ধ । চিঞৰ বাখৰ মাৰপিট । মাৰপিটখন চাবলৈ নাপালো । তেনেতে ব্লেকাৰ এটা আমাৰ কাষত আহি পাইছিলহি । ৬০ টকাৰটো ২৫০ লাগে । দৰ দাম কৰোতেই পুলিচ এটা ওলালহি । পুলিচটোৱে তাক সুধিলে কি হ'ল ? সি আমাৰ তিনিটাক দেখুৱাই চাৰিটা টিকেট আনিছে বুলি ক'লে । পুলিচো গ'ল, ব্লেকাৰো গায়েব । গৰমত ঘামে জুৰুলি জুপুৰি হৈ ওলাই আহিলো । বন্ধ নগৰীত বিচাৰি বিচাৰি কল্ড ড্ৰিংছ তিনিটা কিনি পল্টন বজাৰ হৈ খোজকাঢ়িয়ে ভঙাগড় পালোহি । এটাও হলতো পিছদিনাৰো টিকেট নাই ।ফান চিনেমাৰ মুখত ৰৈ আইচক্ৰিম খালো । আকৌ খোজকাঢ়ি আহি মাংস কিনি ৰুম পালোহি । তিনিওটাৰে মুখত ভোৰভোৰনি । বডিগাৰ্ড এনেও দুদিনৰ পাছতে টিভিত দিবই । বৰ খাছ হোৱাও নাই ইত্যাদি ইত্যাদি । ভাগৰে জোগৰে সেইদিনা শুই থাকিলো । পিছদিনা খঙতে গনেশগুৰিত বৃন্দাবন থিয়েটাৰ দুই শ্ব' বজাই দিলো । বডিগাৰ্ড চোৱা নহ'ল ।

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।