নিতান্তই জীয়াই থকাৰ তাড়নাতেই আমি কোনেও জীয়াই থকা নাই, কঢ়িয়াব লাগিব বুলিয়েই অসহনীয় জীৱনটোক ইতৰ প্ৰাণীৰ দৰে কঢ়িয়াই লৈ ফুৰা নাই। এক প্ৰচ্ছন্ন আশাবাদে ক্ৰিয়া কৰে অহৰহ আমাৰ মনোজগতত। এক অবিৰাম যাত্ৰা, তাতেই একাঁজলিআশা। সেই যাত্ৰাৰ শেষ নাই জাঁক হেৰুৱা পক্ষী হৈ, কেতিয়াবা জাঁকৰভৰত বাট আগুৱাই দিগন্তলৈ। নিষ্ঠুৰ বাস্তৱৰ ৰুঢ়তাই ক্ষত-বিক্ষত কৰে এধানমান প্ৰাণটি। তথাপি মুমূৰ্ষ প্ৰাণতোপুনৰ সৃষ্টি হয় স্পন্দনৰ, আশাই সঞ্চাৰ কৰে প্ৰাণৰ, সেউজীয়াই ভিৰকৰে দুচকুত।
আশাবাদক মূল হোতা কৰি লৈয়ে মানুহজীয়াই থাকে। তথাপি মন কৰিবলগা কথাটো হ'ল- বৰ্তমান যিমানেই সুন্দৰ নহওঁক কিয় তাক লৈ কোনো সুখী নহয়। পোৱাতকৈ অধিক সুন্দৰ জীৱনৰ স্বপ্ন সকলোকে আশাবাদে দেখুৱাই। জৰ্জ এলিয়টে কৈছিল,"আশাবাদ মানে হ'ল এনে এটা প্ৰত্যয় যে, বৰ্তমানটো মোটামুটিভাৱে অতীততকৈ ভাল আৰু আমি যদি চেষ্টা কৰি থাকো, ভৱিষ্যতে বৰ্তমানতকৈ নিশ্চয় ভালহ'ব।''
মানুহৰ জীৱনটো আন্ধাৰ আৰু পোহৰৰ সংমিশ্ৰণতে গঢ় লৈ উঠে। আন্ধাৰৰ পিছত যিদৰে পোহৰ আহে আৰু পোহৰৰ পিছত আন্ধাৰ আহে আমাৰ জীৱনতো দুখৰ পিছত সুখ আহে। শংকাৰ প্ৰয়োজন নাই।
জীৱনটো কেনেদৰে সজাব, কিদৰে ৰাখিব সেইয়া নিজস্ব, একান্ত ব্যক্তিগত। যিবোৰ কৰিলে আত্মসন্মান লাঘৱ হয়, আনে দুখ পায়,সেয়া বাদ দিবই লাগিব। পৰিৱৰ্তে যিখিনিয়ে আত্মবিশ্বাস আৰু আত্মপ্ৰত্যয় জন্মাই সেইয়াহে গ্ৰহনযোগ্য। সুখ অৱধাৰিত।
...জীৱনৰ খলাবমাত দুখ জীৱনৰ লগৰীয়া। দুখ হ'ল এক মানসিক অৱস্থা। মানসিক স্তৰৰ ওপৰত নিৰ্ভৰ কৰি দুখৰ ওজন কম বেছি হয়। এনে কিছু মানুহো আছে যিজনে বুকুৰভিতৰতে বা মনৰ ভিতৰতে দুখ লুকুৱাই ৰাখি আনক দেখুৱাই হাঁহি-ধেমালি কৰে। মুঠৰ ওপৰত দুখৰ সময়ত ধৈৰ্য্য ধৰিব পাৰিলেহে হতাশাক আঁকোৱালি ল'বলগীয়া নহয়। দুখে মন আৰু আৱেগিক কৰি তুলিলেও দুখৰ পৰা জ্ঞান লাভ কৰিব পাৰি। এই পৃথিৱীত বহুতো কবি, সাহিত্যিকবা সৃষ্টিশীল লোক আছে যি দুখৰ পৰা অৰ্জন কৰা শিক্ষাক লৈ সৃষ্টিকৰ্মত মূল্যৱান অৱদান যোগাইছে।...''কবি মই নাছিলো কোনোকালে/ ব্যৰ্থতাৰ আন্ধাৰে সত্যক সহজে ল'বলৈ শিকালে/ কবি মই নাছিলো কোনোকালে।'' -হীৰেন ভট্টাচাৰ্য... ''জীৱনটো আজিয়েই উপভোগ কৰা। কাইলৈ ই সলনি হৈ যাব।'' -ৰামজীৱেন আহকছোন জীৱনটো উপভোগ কৰো। (সহায় লৈ)

No comments:
Post a Comment