11 August, 2013

মিনিৰ খবৰ...

''এই পাত তোলা হাতবোৰ অভ্যাসত খৰ/
এবুকু চাহৰ কুঁহিপাত/
 তাত মিনিৰ চকু/
তাত মিনিৰ বুকু/
 আচলতে নাই...''
 (মিনিৰ খবৰঃকেশৱ মহন্ত )
... ... ...
আমাৰ সকলোৱে অৱগত যে কৃষি ভিত্তিক উদ্যোগ চাহ খেতি অসমত আৰম্ভ কৰিছিল ঔপনিৱেশিক ব্ৰিটিছসকলে। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাচত অসমলৈ অহা ব্ৰিটিছসকলে ১৮৩৪ চনতেই অসমচাহ সমিতি গঠন কৰে। ১৮৩৬ চনত পৰীক্ষামূলকভাৱে প্ৰথমখন চাহ বাগিচা পাতি ১৮৩৭ চনত সফলতাৰে চাহপাত প্ৰস্তুত কৰে। ১৯০০ চনত অসমত চাহ বাগিচাৰ সংখ্যা হ'লগৈ ৮০৪ খন। আৰম্ভণিতে বাগিচাৰ কাৰণে প্ৰয়োজন হোৱা শ্ৰমিক হিচাপে স্থানীয় দৰং, গোৱালপাৰা, কামৰূপ আদিৰ কছাৰী লোকসকলক নিয়োগ কৰা হৈছিল। কিন্তু এই জনগোষ্ঠীৰ মাত্ৰ ৫% শ্ৰমিকহে চাহ শিল্পৰ লগত জৰিত আছিল। অধিকাংশ শ্ৰমিকেই অসমৰ বাহিৰৰ পৰা অহা। ড° উমানন্দ ফুকনৰ মতে অসমৰ জনসংখ্যাৰ বিশ শতাংশ চাহ জনজাতিৰ লোক। এই ক্ষেত্ৰত এক পৰিসংখ্যা আগবঢ়াব পাৰি। ১৮৮৪-৮৫চনত অসমৰ চাহ শ্ৰমিকৰ ৪৪.৭% আছিল ছোটনাগপুৰৰ, ২৭.২% আছিল বংগদেশৰ, ২১.৬% আছিল উত্তৰ প্ৰদেশ আৰু বিহাৰৰ, ০.২% আছিল বম্বেৰ, ০.৭% মাদ্ৰাজৰ আৰু ৫.৫% আছিল অসমৰ স্থানীয় লোক। ব্ৰিটিছসকলে অসমৰ বাগিচালৈ প্ৰথম চাহ শ্ৰমিক আনিছিল ১৮৪১ চনত ছোটনাগপুৰৰ পৰা।

এই চাহ শ্ৰমিকসকল আৰম্ভণিৰেপৰা মালিকসকলৰ শোষণৰ আহিলা হিচাপে ব্যৱহৃত হৈছিল। ইয়াৰ মূল কাৰণ হ'লঅধিকাংশ শ্ৰমিকৰে স্থানীয় অৱলম্বনৰ অভাৱ আছিল।~~ আমি সকলোৱেই দেখি থকা সাধাৰণ ছবিখন এনেকোৱাঃ ৰাতিপুৱাই মিনিৰ পৰিয়ালৰ সকলো সদস্য (কেচুঁৱাৰ বাদে) ঘৰৰ পৰা ওলাই যায়। মিনিহঁত প্ৰায়ে যায় পাত তুলিবলৈ, বাগানত। চাহ বাগানবোৰৰ স্থায়ী কৰ্মচাৰী সকলৰ সেইয়াই দিনলিপি। এটি কলি দুটি পাতৰ আঁৰে আঁৰে হাঁহি খিকিন্দালিকৰি পাত তুলি যায়। ভোক লাগিলে মোনাত অনা আহাৰ মেলি লয়। আবেলিলৈকে সেই কাম। কেঁচা পাতৰ আৰু ঘামৰ গোন্ধৰ সংমিশ্ৰনত জীৱনবোৰ আগুৱাই যায়। আবেলি মূৰত এবোজা খৰি বান্ধি ঘৰমুৱা মিনিহঁততেনেদৰেই সুখী। সুখৰ অন্বেষণত ব্ৰতী। দুখ আৰু হাৰিয়া ৰাগীত মাতাল সময়। কেঁচা পাততেই সিহঁতৰ জীৱন-যৌৱন, প্ৰেম-বিৰহ। আড়ম্বৰহীন মিনিহঁতৰ সুকীয়া জীৱন।¤¤


~~ তথ্যমুলক টোকাখিনি ''অসমৰ চাহ জনগোষ্ঠী, এটি আলোকপাত'' (শান্তিছায়া বৰুৱা) পৰা আলম লোৱা হৈছে।

No comments:

Post a Comment

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।