04 April, 2014

আধুনিক গৰু বিহু


বিহু অসমৰ খৰচী উৎসৱ । অতিজৰে পৰাবাপতি সাহোন সকলে এই বিহুৰ নামত মগনীয়াক প্লেটখনত দিবলৈ অনা চাউলকেইটাৰো চান কাঢ়ি থোৱাৰ দৰে খৰচ কৰি আহিছে । এই বিহু, নামত তিনিটা । তাৰে এটা, বহুত দিনৰ আগৰ পৰা আয়োজন আৰু বহুত দিনৰ পাছত সামৰণী মৰা হয় । এই বিহুত বহুত ৰঙ বিৰঙ কাপোৰ আৰু শাক পাচলি ওলাই কাৰণে ইয়াক ৰঙালী বিহু বুলি কোৱা হয় । মাৰ্চ মাহৰ পৰাই এই বিহুৰ প্ৰস্তুতি আৰম্ভ হয় । বেনাৰ মৰা, কাৰ্য্যালয় পতা, গাড়ী ৰখাই পইচা তোলা আদি এই বিহুৰ উপলক্ষে পালন কৰা হয় । তাৰ পাছত মেইন বিহু বুলি এপ্ৰিলৰ মাজভাগতে তিনিদিন স্কুল কলেজ, অফিচ কাছাৰী বন্ধ থাকে । সেই বন্ধতে বহু দিন নিজৰ ঘৰলৈ যাবলে নোপোৱাবোৰ ঘৈনিয়েক, পুতেকহঁতক টাউনতে এৰি গাৱলৈ ঢাপলি মেলে । বৰষুণৰ কাৰণে গাৱত বোকা বাবে ঘৈনিয়েক আৰু পুতেক যাবলৈ অমান্তি হয় ।
বিহুৰ আগদিনা বিহু বজাৰ । তাত শাকপাচলিৰ পৰা আৰম্ভ কৰি পঘা, মুখ বন্ধা টেকেলী আৰু বহু কিবা কিবি পায় । বিশেষকৈ সেইদিনা জাতিলাউ, বেঙেনা, কেৰেলা, টিয়হ, থেকেৰা, হালধি বিক্ৰী বেছি হয় । সস্তাও হয়। সেউজীয়া সৰু সৰু পাত থকা মুঠি মুঠিকে বিকে । মানুহে কিনে ।
বন্ধৰ প্ৰথম দিনা গৰু বিহু । সেইদিনা ৰাতিপুৱা গৰু কেইটাক ভালকৈ গছত বান্ধি লৈ গাত কিবা ক'লা মাহ আৰু হালধীয়া সানি লৈ বাল্টিয়ে পানী তুলি সেইবোৰ ধুই পেলোৱা হয় । তাৰ পাছতেই ফ্ৰাই কৰিবলৈ কটাৰ দৰে কাটি জোঙা মাৰি এডালত থোৱাৰ পৰা এপিচ এপিচকে কেচাঁ বোৰ খাবলৈ দিয়ে গৰুক । নাখাই, তামাম চেকুৰ মাৰে । তাৰ পাছতে মানুহৰ চেকুৰা চেকুৰ বোৰ আৰম্ভ হয় । সৰু ল'ৰা ছোৱালীবোৰ বেলেগে আৰু ডাঙৰবোৰো বেলেগকে । ডাঙৰবোৰে খেদা খেদি কৰি চাঞ্চ ল' চাঞ্চ ল' বুলি চিঞৰে । ভাগৰ লাগিলে বাদ দিয়ে । বাথৰুমত সোমাই গা ধুই আজৰি হয় মানে ভৰ দুপৰীয়া হয় । ল'ৰাবোৰে বজাৰৰ পৰা কিনি থোৱা লাটুমটোৰ নিচিনা পেণ্ট পোকৰওলোৱাকে পিন্ধে, পলিথিনৰ নিচিনা গামোচাৰে বনোৱা নাড়ীলৈকে পৰা চোলা এটা পিন্ধে । ছোৱালী বোৰে কিপিন্ধে নাম কোনেও নাজানে, আদিম যুগৰ পৰম্পৰা অব্যাহত ৰাখি তেওঁলোকে সাজপাৰ পৰিধান কৰে । ডায়েটিংৰ বিশেষ সূচী অনুযায়ী সকলোৱে জলপান নামৰ আউটডেটেড মালবোৰ নাখায় । তেনেকেই মহিলা সকলে বিহু সামৰণী মাৰে ।
পুৰুষ সকলৰ আৰম্ভ হয় । আঠজন মান লৰা গোট খাই কাৰোবাৰ ঘৰৰ আচুতীয়া জেগা এডুখৰ বাছি লৈ 'তিনিপাতি' চৰু কৰি দিয়ে । বিহু বুলি বোনাচ পোৱা কাৰোবাৰ যোগ হয়, কাৰোৱাৰ লাউলোৱা হয় । সেইখন খেল ৰাতি বহু দেৰিলৈ চলে । তাৰ পাছতে সকলোৱে পুৰণা ভগা টিং, ঢকুৱা ইত্যাদি যি যেনেকৈ পাৰে হাতত লৈ মানুহ মখাৰ টেমা গৰম কৰে । টোপনি ভাঙে । সেইভাগ কাম পুৱতি নিশালৈকে চলে । দেশী বিদেশী যিয়ে নহওক সেইবোৰৰ চোক কমাৰ লগে লগে সকলোৱে অৰিহনা সমূহ ভাগ কৰি পাছদিনাৰ তিনিপাতিলৈ টঙালী বন্ধাৰ ৰঙীন সপোনৰে সৈতে শুই থাকে । বাপুতি সাহোন গৰু বিহু এনেদৰেই অন্ত হয় ।

26 October, 2013

সময়ৰ পকনীয়া খেদি... ৬

এই যে কিবা এটা উদুলি মুদুলি মনৰে পদূলি। 'ছেহ, সন্ধিয়াটো পাৰ হৈ গলেই নে ইমান সোনকালে', এনেভাবত বিচনাতে বাগৰ দি কি কৰো কি নকৰো ভাবত পৰি থাকিলেই মনলৈ অনেক কথা আহে। একেলগে থকা দাদা জনৰ সমস্যা। গুৰুতৰ সমস্যা। মনটো তাৰ বেয়া। সেই যে একেলগে থকা এজনৰ মনটো বেয়া; কাৰনো শান্তিৰে থাকি ভাল লাগে। এনেই হ'লে আড্ডাৰেই সময়খিনি উৰি গুছি যায়। এতিয়া এনে গোমোঠা পৰিবেশত সময় নাযায় নোপুৱায়। খাওঁতে, বওঁতে, উঠোতে, বহোতে স্ফূৰ্তিত থাকিবলৈ পালে মনবোৰো সতেজ আৰু সবল হৈ থাকে।

অন্ন, বস্ত্ৰ, বাসস্থান এই তিনিটা মৌলিক প্ৰয়োজন বুলি ভাবিবলৈ গ'লে যত আঁওলখন লাগে। দেখ দেখকৈ ওলাই আছে। খাবলৈ নোপোৱাকে ফুটপাথত পৰি থকা ভিক্ষাৰীসকলেও বুকুৰ মাজত আপোনজনক আকোঁৱালী লৈ শুৱে। অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱৰ পিছতো এনে আবেগ। সেই আবেগ, ভালপোৱা, আন্তৰিকতা, সুহৃদতা এনেবোৰেই প্ৰায়ে শলথেকত পেলায় সকলোকে। সকলোতে থমকে ভৰি। আৱৰি ৰাখে আত্মীয়তাই, আন্তৰিকতাই। বাধা দিয়ে কেতিয়াবা, সাহস দিয়ে কেতিয়াবা। এনেকৈয়ে জীৱন।

'অনুৰাগ'। জীৱনত কিমান প্ৰয়োজন বুলি আপুনি ভাবে? অলপ বেলেগকৈ চিন্তা কৰিলে এনেদৰে ভাবিব পাৰি নেকি যে, অনুৰাগ কিয় উপজিব পাৰে অথবা অনুৰাগৰ অবিহনে জীয়াই থকা অসম্ভৱ কথা নেকি ? সেইখিনিতো আপুনি প্ৰায়ে উজুটি খাব পাৰে। আগতে যে কৈ আহিছোঁ, একেলগে থকা দাদাজনৰ কথা। দাদাজনৰ সমস্যাৰ কথা। সমস্যাটো সেই 'অনুৰাগ'। অনুৰাগৰ কাৰণে অশান্তি সমানেই হয়, যেতিয়া মৌলিক প্ৰয়োজনৰ অভাবত আমি ছটফটাও। অনুৰাগখিনিয়ে সমানেই যান্ত্ৰণা দিয়ে, যিমানে মৌলিক প্ৰয়োজনৰ অভাবে দিয়ে। দাদাৰ এটা চৰকাৰী চাকৰি নাই। সেই বাবেই ছবছৰীয়া সম্পৰ্ক এটাৰ যৱনিকা পৰাৰ উপক্ৰম। প্ৰেমিকাৰ ঘৰত হেচাঁ। ছোৱালী উপায়ন্ত। এতিয়া চাওঁক অনুৰাগখিনিৰ লগত এই চাকৰিৰ প্ৰয়োজনীয়তাখিনি আহিল। দ' কৈ ভাবিলে এনেকোৱা হ'ব- দাদাৰ সৰুকৈ হ'লেও এটা চাকৰি আছে। আলী-বলীকৈ নহ'লেও মৌলিক প্ৰয়োজন কেইটা পূৰাব পৰা সামৰ্থ আছে। তেতিয়া হ'লে সেই চৰকাৰী চাকৰি এটাৰ চাহিদা কিয়? উত্তৰ এটাইঃ আনন্দদায়ক জীৱন। সেইখিনি মৌলিক প্ৰয়োজনত নপৰিলেও মানুহ দৌৰিছে কিয়? অনুৰাগো মৌলিক প্ৰয়োজন নহয়। কিন্তু দৌৰিছে কিয়?

জটিল। আমি প্ৰকৃতাৰ্থত কি বিচাৰো, কি আশা কৰোঁ, কি আশা কৰিলে জীয়াই থাকিবলৈ যথেষ্ট হ'ব, কি আশা কৰিলে সুখেৰে জীয়াই থাকিবলৈ যথেষ্ট হ'ব ইত্যাদিবোৰে জঁট লগাই জীৱনত। হয় নহয় ভাবি থাকোতেই একেই জঁটতেই ভৰি দিয়া যায়। অজানিতে...

11 August, 2013

বিশ্বাসৰ হাততে সফল জীৱন...

বিশ্বাসেই হ'ল জীৱনত সফলতা অৰ্জনৰ প্ৰধান চাবিকাঠি। বিশ্বাস শব্দটো কওঁতে, কৰিবলৈ লোৱা কামটো আৰু কৰিবলৈ যোৱা জন অৰ্থাৎ নিজৰ ওপৰত থাকিবলগা বিশ্বাসৰ কথা অনুকিওৱা হৈছে। সেই বিশ্বাসৰ ফলত সাহস আৰু আগ্ৰহ বৃদ্ধি পায়। কামটো অতি সহজ হৈ পৰে। ক'ৰবাত চামচুল হুদা নামৰ লেখক এজনে লিখা মনত আছে- 'বিশ্বাসক চিন্তাৰ সতে ভাল ধৰণে মিশ্ৰণ কৰিব পাৰিলে আত্মিক ক্ষমতাক গতিময় কৰি জীৱন ৰঙীন কৰি তুলিব পাৰি। নিজ ইচ্ছা পূৰণৰ নিৰ্দিষ্ট পৰিকল্পনাই স্বতঃস্ফুটভাবে কাম কৰি যায়।' তেখেতৰ ভাষাতেই কওঁ- বিশ্বাসে মানুহৰ ভিতৰৰ আত্মিক শক্তি আৰু আত্মিক সাহস জগাই তোলে। যাৰ ফলত মানুহে ক'ব নোৱাৰাকৈয়ে, বহু জটিল কামো সহজতেই সমাধা হৈ যায়। এতিয়া কথা হ'ল, বিশ্বাস ক'ত থাকে আৰু ক'ৰ পৰা আহিব? লেখক জনে আকৌ এঠাইত লিখিছে- 'সদৰ্থক চিন্তাৰ পৰিপূৰ্ণতাই বিশ্বাসৰ স্থায়ী আশ্ৰয়। বিশ্বাসৰ ব্যপ্তি অসীম।' সহজ অৰ্থত যি সকল মানুহে কাম কৰা বা পৰিকল্পনা কৰাৰ পূৰ্বে বিয়োগাত্মক চিন্তাৰ কণমানো যদি অবতাৰণা কৰে, তেতিয়া কামটোত আশানুৰূপ ফল লাভ কৰা নাযায়। কাৰণ,জলজল পটপট। নিশ্চয়কৈ বিশ্বাসে ধনাত্মক চিন্তাৰ গৰাকীক হে লগ দিয়ে। বিশ্বাস জগাই তোলক, নিসন্দেহে কঠোৰ পৰিশ্ৰমী, নিষ্ঠাবান হ'ব পাৰিব। শেষত কওঁ, জীৱন সঁচাকৈয়ে সুন্দৰ, দুৰ্দান্ত প্ৰাণ প্ৰাচুৰ্যময়। অপৰিসীম শক্তিৰ উৎস জীৱন। জীৱনক ভাল পাওঁক, জীৱনেও আপোনাক ভাল পাব।

মিনিৰ খবৰ...

''এই পাত তোলা হাতবোৰ অভ্যাসত খৰ/
এবুকু চাহৰ কুঁহিপাত/
 তাত মিনিৰ চকু/
তাত মিনিৰ বুকু/
 আচলতে নাই...''
 (মিনিৰ খবৰঃকেশৱ মহন্ত )
... ... ...
আমাৰ সকলোৱে অৱগত যে কৃষি ভিত্তিক উদ্যোগ চাহ খেতি অসমত আৰম্ভ কৰিছিল ঔপনিৱেশিক ব্ৰিটিছসকলে। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাচত অসমলৈ অহা ব্ৰিটিছসকলে ১৮৩৪ চনতেই অসমচাহ সমিতি গঠন কৰে। ১৮৩৬ চনত পৰীক্ষামূলকভাৱে প্ৰথমখন চাহ বাগিচা পাতি ১৮৩৭ চনত সফলতাৰে চাহপাত প্ৰস্তুত কৰে। ১৯০০ চনত অসমত চাহ বাগিচাৰ সংখ্যা হ'লগৈ ৮০৪ খন। আৰম্ভণিতে বাগিচাৰ কাৰণে প্ৰয়োজন হোৱা শ্ৰমিক হিচাপে স্থানীয় দৰং, গোৱালপাৰা, কামৰূপ আদিৰ কছাৰী লোকসকলক নিয়োগ কৰা হৈছিল। কিন্তু এই জনগোষ্ঠীৰ মাত্ৰ ৫% শ্ৰমিকহে চাহ শিল্পৰ লগত জৰিত আছিল। অধিকাংশ শ্ৰমিকেই অসমৰ বাহিৰৰ পৰা অহা। ড° উমানন্দ ফুকনৰ মতে অসমৰ জনসংখ্যাৰ বিশ শতাংশ চাহ জনজাতিৰ লোক। এই ক্ষেত্ৰত এক পৰিসংখ্যা আগবঢ়াব পাৰি। ১৮৮৪-৮৫চনত অসমৰ চাহ শ্ৰমিকৰ ৪৪.৭% আছিল ছোটনাগপুৰৰ, ২৭.২% আছিল বংগদেশৰ, ২১.৬% আছিল উত্তৰ প্ৰদেশ আৰু বিহাৰৰ, ০.২% আছিল বম্বেৰ, ০.৭% মাদ্ৰাজৰ আৰু ৫.৫% আছিল অসমৰ স্থানীয় লোক। ব্ৰিটিছসকলে অসমৰ বাগিচালৈ প্ৰথম চাহ শ্ৰমিক আনিছিল ১৮৪১ চনত ছোটনাগপুৰৰ পৰা।

এই চাহ শ্ৰমিকসকল আৰম্ভণিৰেপৰা মালিকসকলৰ শোষণৰ আহিলা হিচাপে ব্যৱহৃত হৈছিল। ইয়াৰ মূল কাৰণ হ'লঅধিকাংশ শ্ৰমিকৰে স্থানীয় অৱলম্বনৰ অভাৱ আছিল।~~ আমি সকলোৱেই দেখি থকা সাধাৰণ ছবিখন এনেকোৱাঃ ৰাতিপুৱাই মিনিৰ পৰিয়ালৰ সকলো সদস্য (কেচুঁৱাৰ বাদে) ঘৰৰ পৰা ওলাই যায়। মিনিহঁত প্ৰায়ে যায় পাত তুলিবলৈ, বাগানত। চাহ বাগানবোৰৰ স্থায়ী কৰ্মচাৰী সকলৰ সেইয়াই দিনলিপি। এটি কলি দুটি পাতৰ আঁৰে আঁৰে হাঁহি খিকিন্দালিকৰি পাত তুলি যায়। ভোক লাগিলে মোনাত অনা আহাৰ মেলি লয়। আবেলিলৈকে সেই কাম। কেঁচা পাতৰ আৰু ঘামৰ গোন্ধৰ সংমিশ্ৰনত জীৱনবোৰ আগুৱাই যায়। আবেলি মূৰত এবোজা খৰি বান্ধি ঘৰমুৱা মিনিহঁততেনেদৰেই সুখী। সুখৰ অন্বেষণত ব্ৰতী। দুখ আৰু হাৰিয়া ৰাগীত মাতাল সময়। কেঁচা পাততেই সিহঁতৰ জীৱন-যৌৱন, প্ৰেম-বিৰহ। আড়ম্বৰহীন মিনিহঁতৰ সুকীয়া জীৱন।¤¤


~~ তথ্যমুলক টোকাখিনি ''অসমৰ চাহ জনগোষ্ঠী, এটি আলোকপাত'' (শান্তিছায়া বৰুৱা) পৰা আলম লোৱা হৈছে।

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।