27 January, 2013

''উদং বাকচ''




খোজবোৰ গৈ থাকে 
বহাগ ৰৈ থাকে 
ফাগুন আহিব 
মেঠনি মাৰি দিম 
বুকুখন লুকাব . . .

মিলকি ৰৈ থাকে 
মামৰলগা বাকচটো সাবতি 
একাষে দহবছৰীয়া দুটা আধাপেটী পেট 
বাপেকটো ৰঙাঘৰত সুখেৰেই আছে ,থাকক !
নিৰীহ জীৱনে মৰা ছাঁইৰ গোন্ধ পোৱা নাই অন্ততঃ । 

বাটেৰে সদায় যোৱা বগীধৰে
আলু দুটা পেলাই থৈ যায় চুকত
আৰু দুপাত নোপোৱাৰ শৰ 
উপাইও যে নাই
সাত বছৰীয়া এযোৰ হে কাপোৰ 
কেনেকৈনো ঢাকিব চৌত্ৰিশ বছৰীয়া বুকু ।

বাকচটো মইনা যেন লাগে
কৰালবন্ধা তেজৰ মাজে মাজে
ফুটুকীয়া সেউজীয়া হাঁহি !

ইস . . . 
তোৰ কি মনত নাই ?
এদিন যে কৈছিলি 
ভালপোৱাৰ সেউজীয়া ৰং
নীলাবোৰ লগতে থাকে . . .
( নীলাবোৰ কি বুলি মই সুধিলো, মই নজনাকৈ, জানিয়ে তই ক'লি যন্ত্ৰনাৰ নীলা নীলা ৰং । )

মিলিকিয়ে ভাবেঃ 
আজি এটা বেয়া সপোন দেখিম ।
বতাহজাকে ক'ৰবাৰ পৰা আহি ক'ব 
নীলা বোৰেই সঁচা 
তেজবোৰ ক'লা ক'লা হ'ব 
সেউজীয়া, সাধু কথা হ'ব 
বাকচটো হেৰাই যাব ক'ৰবাত . . .

( তই হেনো আন কাৰোবাক তই হ'বলে কৈছিলি । )

ল'ৰা হঁতক উঠাই দিম 
'বগীধৰক ক'বি, কাইলৈ আইলৈ কাপোৰ এযোৰ আনিবি 
. . . . নতুন ।'

[ বিঃ দ্ৰঃ 
''উদং বাকচ'' মামণি ৰয়চম গোস্বামীৰ এটা হৃদয় বিদাৰক গল্প । তেখেতক এই আপাহতে সোঁৱৰিছো । ]

তেওঁৰ বাবেই ৰৈ আছো, যি কেৱল মোৰ . . .


ৰ'দ জাকে ছাঁটো লৈ আনে 
তৰ্জনীত ধৰাই খোজ কঢ়ায়
আৰু লগতে লৈ যায় 
মোৰ সি কোন হয় ?
ডাৱৰীয়া নিঃকীন ! 

খৰালি নৈ খনক কোনে সুধে খবৰ
গাধোৱা দেখি কাষ চাপি অহাজনে ?
বুকুখন কুহুমবুলীয়া দেখে
গাৰঙী মেখেলাখন সৰি পৰে . . .

শীত বুলি গছজোপাই গা ঘেলোৱা নাই
পাতবোৰ সেউজীয়া
কাপোৰখন খুলি দিলেই নগ্ন
তাতে বতাহে সুখ খেপিয়াব !
পুতৌ লাগে তেওঁলৈ . .
কি বিছাৰি পাব বক্ষত ?
উঁঠজুৰি পঢ়িলে শুনিব

তেওঁৰ বাবেই ৰৈ আছো, যি কেৱল মোৰ ।

24 January, 2013

''জোনবাইটো আৰু অলপ ওচৰত থকা হ'লে . . .''

: ''৬০০ৰ ভিতৰত ৩১৬ ।
 ঐ এনেকৈ মেট্ৰিকত কি ফালিবি হা ? নালাগে দিব পৰীক্ষা থ' । বাপেৰৰ লগত হাল বাগে যা । মাটি কেইদৰা সোনকালে শেষ হ'ব ।'' - খুড়ীয়েকে বিতুলক কয় ।

 বিতুলে আগৰবোৰ পৰীক্ষাত কেইটামান নম্বৰ পাইছিল । এইট'ৰ পৰা কি কেনা লাগিল ঠিক নাই । মেট্ৰিক পাছ কৰিবনে নাই ঘৰৰ সকলোৰে সন্দেহ । মাক-বাপেক, খুড়াক-খুড়ীয়েক, সকলোৰে এটা মাথো চিন্তা কেনেকে এইটো মেট্ৰিক পাছ কৰে । এনেই পাছ কৰি আজিকালি কি লাভ । ফাৰ্ষ্ট ডিভিজনত নগলে মিছা । মাকে কয় - ''তই কম্পিউটাৰ আনি দে ; চৰকাৰে এনেও কাৰেণ্ট দিব ।'' সি তলমুৰকৈ শুনে , তাৰপাচত স্কুললৈ দেৰি হৈছে বুলি বাকি থকা তিনিটা আওচ নোবোৱাকৈয়ে ঘৰলৈ লৰ দিয়ে । বাপেকে একো নকয়, কোৰখন আলিটোলৈ থৈ হালখন ধৰেহি । মাকে ভোৰভোৰাই ।

 পানীয়ে নামাৰিলে বিতুলহঁতৰ পুৰণা ধানে মাঘ পাইগৈ । মাঘত ন' বুলি চাউল এমুঠি দিয়ে । আকৌ তেনেকৈয়ে এবছৰ যায় । বাপেকে দেওবাৰে বজাৰলৈ কিবা কিবি নিয়ে আৰু সপ্তাহতোৰ কাৰনে বস্তু লৈ আহে । খাওঁৱৈ বেছি, পাছৰটো দেওঁবাৰলৈ দুদিন থাকোতেই সকলো শেষ হয় । পিছ খালি মানুহক কোন দোকানীয়ে বাকী দিব, থিকেইতো । দুদিন সন্ধিয়াতে ভাত নিমখে খাই সকলো বিছনাত উঠে । বিতুলে টোপনিয়াই টোপনিয়াই ঘৰত কৰিবলৈ দিয়া ইংলিছৰ প্ৰশ্ন কেইটা কৰিবলৈ লয় । শেষ চাকিটোৰ শলিতা ডালো অঙঠা হৈ নুমাইগৈ । তাৰ প্ৰশ্ন কৰা নহয় । ঘৰটো আন্ধাৰে গ্ৰাস কৰে । জোনটোৰ পোহৰবোৰ ইকৰা বেৰৰ ফাঁকেৰে সোমাই আহি মজিয়া খন পোহৰাই তুলে । কিতাপখন লৈ পোহৰ পৰা ঠাইত এবাৰ মেলি চাই সি । আখৰবোৰ নমনে । চকুপানী এটোপাল বাওঁচকুৰ পৰা ওলাই আন্ধাৰত কৰবাত হেৰাই যায় । বিতুলে ভাবে 'জোনবাইটো পৃথিৱীৰ আৰু অলপ ওচৰত থকা হ'লে . . . .।'

23 January, 2013

'সত্তা'

সন্মুখত সুদীৰ্ঘ শীত / এমুৰে তুমি / আনফালে আই, পিতাই আৰু মৰমৰ বহুতো . . .

21 January, 2013

শূণ্যতা

হিমশীতল বাস্তব / নৈশব্দতাৰ বগা ফলক ।

20 January, 2013

ভোগৰ ভোগালী, অসমীয়াৰ ভোগালী

অসমীয়া উত্‍সৱপ্ৰিয় জাতি । বাপতি সাহোন গজগজকৈ তিনিটা বিহু আছেই । আকৌ দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱালী, কালি পূজাকে প্ৰমুখ্য কৰি বাৰটা মাহত তেৰটা কিয়, ছাব্বিছটা উত্‍সৱ অসমত পাতে । তাত অসমীয়াই ১২০ টকীয়া হাঁহিৰ পৰা পূৰাপূৰি লাখটকীয়া হাঁহি মাৰে । লোকেলেই হওক চালানিয়েই হওক প্ৰতিটো উত্‍সৱত অকণমান মুখত লৈ আকাশ-পাতাল গৰম কৰি থকাতো অসমীয়া সমাজৰ উল্লেখনীয় বৈশিষ্ট্য । এই আনন্দৰ সময়ছোৱাত একেবাৰে হাঁহি নমৰা অসমীয়াও আছে । তথাপিতো জাতীয় উত্‍সৱ বুলিলে কথাই সুকীয়া । প্ৰকৃতিৰ লগে লগে অসমীয়াও ভৰযৌৱনা হয় । বিহু মূলতে কৃষিভিত্তিক হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃতিৰ তাড়নাত বসন্তত অসমীয়া ৰঙালী হয় । কুঁহিপাতৰ কোমল গন্ধে মতলীয়া কৰি ডেকা কি, বুঢ়া কি সকলোকে এলাহৰ পৰা জগায় । অসমৰ সাতামপুৰুষীয়া খেতি-খোলা নতুনকৈ পাতিবলৈ এইটি উত্‍সৱে বল দিয়ে । সকলোৱে মিলি গাৱৰ ৰাইজে ৰং-ৰহইচ কৰি বাৰিষাৰ লগে লগে কেঁকোৰা নাঙলত ধৰে । নগৰৰ কথা সুকীয়া্; এইটো উত্‍সৱকে গইনা লৈ পুঁজিপতিসকলে অতি কমেও তিনি মাহলৈকে পৰম্পৰা ৰক্ষাৰ আপ্ৰাণ চেষ্টা কৰে । পাৰে নে নোৱাৰে সেয়া হিচাপ-নিকাচ কৰি থাকোতেই বেলেগ উত্‍সৱ আহে । সেয়া ধোঁৱা চাঙত উঠে । 

 দুই নম্বৰ ভাগ বিহু পাতিবলৈ নগৰত সময়ে নহয় । দিনটো অফিচ-কাছাৰিত ভাগৰুৱা হৈ সন্ধিয়া বিহু বুলি পালে মাটি চাকি এগছ জ্বলায়। নাপালে মমবাতি । গাঁৱত তেতিয়া কঙাল । যদি বানপানীয়ে ধান গছবোৰ নামাৰে, তেতিয়া কাৰোবাৰ পৰা ধাৰ কৰি হ’লেও আনি ধাননি পথাৰত এগছি বন্তি দি লখিমী আদৰে । আশীটকীয়া মগুৰে তুলসীৰ তলত মাহ প্ৰসাদ দিয়ে ।


 তেনেকেই কঙালী বিহু সামৰাৰ পিছতহে ভোগৰ উত্‍সৱটি আহে। নামতেই ভোগ, নাখাই থাকিবনে ? অসমৰ শালি খেতি শেহতীয়া হোৱাৰ বাবে কিছু কিছু ঠাইত পুহৰ মাজভাগ মানতহে ভঁৰালত লখিমী তোলে । খেতি নথকা মানুহৰো পুহৰ মাজৰে পৰা মনবোৰ ভোগালী ভোগালী হ’বলৈ ধৰে । মাছ, মাংস, শাক-পাছলিৰে উভৈনদী হৈ সমগ্ৰ অসমতে এই সময়তে সুখৰ পৰিবেশে বিৰাজ কৰে । ইংৰাজী নৱবৰ্ষৰ টোপনি খতি নৌযাওঁতেই আহৰি নাইকিয়া কৰে অসমীয়াক । 


 ইমান দীঘল পাতনি মেলাৰ ইচ্ছা নাছিল যদিও ফটা মুখ ওলায় গৈ থাকিল । গাঁৱত জন্ম হৈ যি সকলে স্বচক্ষে ভোগালীৰ সোৱাদ লৈছে, তেওঁলোকৰ চিনাকি দৃশ্য কেইটামান মোৰ মনতো আছে । তাকে লিখিছো । চোতালত মৰণা সৰাই ৰাতিপুৱা লৰ মাৰো পথাৰলৈ; নৰা কাটিবলৈ । ভেলাঘৰ সাজিবলৈ নৰা কটাৰ গুৰু দায়িত্ব আমাৰ সৰুবোৰৰ । নৰা মুঠি মুঠি কৰি ভেলাঘৰৰ ওচৰলৈ অনা,ফালি থোৱা খৰি মেজিৰ ওচৰলৈ নিয়া,হাবিৰ পৰা লগনি গোটোৱা। আমাৰ এশ এবুৰি কাম । সেইকেইদিন টেঙা বল খেলা বন্ধ হয় । বিহুৰ আগদিনা বিহুৰ বজাৰ । অপাৰ আনন্দৰে আগনিশাই মোৱা-আলুৰ দীঘল শুং গুচাওঁ । দুপৰীয়ালৈকে বজাৰত ঘূৰি ফুৰোঁ । 



 লাহে লাহে ডাঙৰ হৈ আহোঁ । ভেলাঘৰ সজাৰ কাম আমি কৰিব লগা হয় । দহদিনৰ আগতেই খৰি ফলা কাম । আচল ভোগালী এইটো বয়সতহে লাগে যেন ভাব হয় । উৰুকাৰ দিনা পুৱাই এবোজা মোনা লৈ বজাৰলৈ যাওঁ । লগত দেউতা । দিনটো বজাৰত থাকি ঘৰলৈ ভোগ কিনি আনো । মোনাবোৰ খালি হয় ঠিকেই । মনত সুখ ভৰি থাকে । আবেলি আহি মেজি খৰি জাপোঁ । সকলোৰে ভাগেভাগে কাম । সাজি থোৱা ভেলাঘৰৰ সকলো যা-যোগাৰ কৰা, পাতিহাঁহৰ মাংসৰে ভোজ খাবলৈ বস্তু-বেহানি গোটাই মানে দিনমণিয়ে মেলানি মাগে । ডেকা, বুঢ়া, কণমানি সকলোৱেঠাণ্ডাত কঁপি কঁপি মেজিৰ কাষ চাপে । চৌদিশ মুখৰিত হয় : ”আমাৰ মেজি কেঁচাই পকাই ধ্বংসি নিয়ক ।” জুয়ে আকাশ চুব খোজে। ছোৱালী, বোৱাৰী সকলোৱে মিলি শাক-পাচলি কাটে । হাঁহি মাতি ডেকা-গাভৰুৱে কেছেটৰ গীতৰ তালে তালে বিহু জুৰে । সকলোৱে মিলি তৃপ্তিৰে এসাঁজ খায় । গা গৰম হৈ থাকোতেই মানুহবোৰ ঘৰাঘৰি যায়গৈ । তাৰ পাছতহে আমাৰ চেঙেলীয়া মখাৰ গাত আচল বিহু লাগে । ভেলাঘৰ ৰখীয়া হৈ দহ-বাৰজন ল’ৰা ৰৈ যায় । কেছেটৰ –”বিয়া পাতি জুতি লবি”, ”খোছনি ভৰাই থোৱা শিলিখা” বিহুগানে আকাশতালফাল কৰে । ভেলাঘৰত ‘তিনিপাতি’ বহে । ৰাতি বাৰ বজা মানলৈ দহ,বিছ টকাকৈ কোনোৱে জিকে, কোনোৱে হাৰে । গাঁওখন শুৱে । নিজম পৰে । পৰম্পৰামতে চুৰ কৰিব লগা সময় আহে । মেজিৰ জুইকুৰা নতুনকৈ জ্বলি উঠে । পাল পাতি পাতি চুৰ কৰিবলৈ যাওঁ । শুকান জেওৰা, জপনা মেজিত ছাঁই হয় । বাৰীৰ পূৰঠ আলু পাতিয়ে পাতিয়ে খান্দি আনি জুইতপুৰি খাওঁ । কাৰোবাৰ কাঁহ এটা শুনিলেও নৰাৰ মাজত লুকাওঁ । কুঁৱলীয়ে গা তিতাই । কাৰোবাৰ গোহালিত সোমাই নতুন পোৱালিৰ বান্ধ খুলি দিওঁ । মাকৰ ওহাৰত পোৱালিয়ে চপক চপক গাখীৰ পিয়ে । পুৱা গৃহস্তই গাখীৰ খিৰাবলৈ নাপাই গুৱালগালি পাৰে । জেওৰা জপনা নথকাত উদঙীয়া গৰুৱে সকলো শেষ কৰিব বুলি বিহুৰ দিনাই জেওৰা দিয়াত লাগে । মুখেৰে চৈধ্য পুৰুষক সামৰি গালি পাৰে । শাওঁ দিয়ে । আকৌ ভাল হয় । সেয়াই চহা গাৱলীয়া কৃষক । লৰালৰিকৈ গাটো তিয়াই বৰ মেজিৰ কাষলৈ আহে । সকলোৱে আশীৰ্বাদ লৈ মাহ প্ৰসাদ খায় । সুখৰ কথা ওলায় । আমিবোৰো ঘৰাঘৰি যাওঁ, আগৰাতিৰ খতি টোপনি পূৰাবলৈ । গাৱে-ভূঞে তিনিদিনলৈ এই ভোজৰ কৰ্ম ভাগ শেষ নহয় । খালে,ডোঙে মাছ-পুঠি ধৰি একেলগে ভাত খায় । ভেলাঘৰটো বহু দিনলৈ তেনেকেই থাকে । ভাঙিবলৈ কাৰো সত নাযায় । নিজেই জহি যায়গৈ । ভোগালীও শেষ হয় । অসমীয়াই পৰৱৰ্তী ভোগলৈ বাট চায় । ভোগৰ ভোগালীলৈ ।

 [ xahitya.org ৰ জানুৱাৰী সংখ্যাত প্ৰকাশিত । ]

'মুন'ৰ দৰে নাহিব আপুনি . . .

'মুন'ৰ দৰে নাহিব আপুনি / বুকুত পানীজুলা বান্ধে, / ফুটে, / বিষায় ।

বিচ্ছেদ

সেইদিনাই শেষ দেখা / তোৰ গাত মাহ হালধিৰ চেকা ।

মৰম

শব্দহীন আকুল মৌ / নিষ্কলুষ ঢৌ ।

19 January, 2013

প্ৰেম-ভালপোৱা

হিয়াৰ একোণৰ / একুৰা তূহ জুই / আড়ম্বৰহীন ।

আত্মহনন [ গল্প ]

''. . . .মোক তুমি ভালপাওঁ বুলি কোৱা
 মই তোমাক এখন চোলা দিম
 তাত ঢাকিব পাৰিবা তোমাৰ সত্তা ।'' 

                                        ডায়েৰিখনৰ প্ৰথম পৃষ্ঠাতে ধুনীয়া হাতৰ আখৰ কেইটাৰে লিখি থোৱা শাৰী কেইটা পঢ়ি জুনে হুমুনিয়াহ এটা এৰিলে । ডায়েৰিখন চন্দনৰ । বিকুৰ হাতত দি থৈ গৈছিল । তাৰ পৰাই জুনে পাইছে । দহ দিন মানৰ আগতে কলেজতে পাই টোপোলাটো দি বিকুৱে কৈছিল : ''এইটো চন্দনে তোক দিবলৈ কৈছিল । তাৰ শেষ ইচ্ছা ।'' সেইটো লৈ আনি যি থলে থলেই । মেলিবলৈ সময়ে হোৱা নাই জুনৰ । আচলতে আগ্ৰহ নাই । লোকৰ ডায়েৰি । তাতে মৰা মানুহ এটাৰ ডায়েৰিখনত পঢ়িবলগা কি কি থাকিব পাৰে সকলো ওপৰি ওপৰিয়ে জুনে গম পাইছে । 

             চন্দন । জুন হঁতৰ লগৰে আছিল । কলেজলৈ আহোতে দুই এবাৰ দেখিছিল । বিশেষ গুৰুত্ব নাছিল । লগৰ ল'ৰা ক্লাছ কৰে একেলগে, ইমানেই । এবছৰ গ'ল তেনেকেই । লাহে লাগে অলপ সি জুনৰ ওচৰ চাপিছিল । মানে ৰাস্তাই ঘাটে পালে মাত বোল, ইত্যাদি । জুনে সপোনতো ভবা নাছিল যে তাইক সিভাল পায় । ''কাম যে নাই আৰু ল'ৰাজাকৰ; ছোৱালী দেখিলেই ভালপোৱা ।'' - জুনে ভাবে । জুনক দেখি কোনোবা এটা ল'ৰাই যে ভাল পাই পেলাব, সেই কথাটো একেবাৰেগছত গৰু উঠা কথাও নহয় । চকু-মুখ ধুনীয়া, মাৰ্জিত, ভদ্ৰ, পঢ়া শুনাত ভাল জুন, লগৰ বহুততকৈ চকুত লগা । সেইবাবেই চাগৈ চন্দন তাইৰ প্ৰেমতপৰিল । জুনে কথাবোৰ আজিহে ভাবিছে । আগতে এইবোৰ একো চিন্তা কৰি থকা নাছিল ।ভালপোৱা বেয়াপোৱা এইবোৰ বাহিৰা ধান্দা বুলি ভাবিলোৱা জুনে পোনচাটেই নাকচ কৰিছিল চন্দনৰ ভালপোৱাৰ প্ৰস্তাব ।

             পাঁচবছৰীয়া কলেজীয়া জীৱনৰ দুটা বছৰ সুখ্যাতিৰে পাৰ হৈছিল জুনৰ । বিধিৰ বিপাকতেই জুন আৰু চন্দনৰ চিনাকী হৈছিল কোনোবা এদিনা, তাৰ মাজতেই । চিনাকীৰ পাছত সৌজন্যতা । লোকচক্ষুত চন্দন জুনৰ প্ৰেমিক হৈ পৰিছিল । ''বন্ধু । অ' তুমি মোৰ বন্ধু নিশ্চয় হ'ব পাৰিবা ।'' জুনে তাক কৈছিল । বন্ধুত্বৰ এনাজৰি ডালৰ তলত আকৌ এটা বছৰ পাৰ হৈছিল সিহঁতৰ ।

          নাই ; ডায়েৰিত এইবোৰ একো নাইচোন । জুনে ভবাৰ দৰে ডায়েৰিখনে একো সঁহাৰি নিদিলে । এগালমান কবিতা । কবিতা পঢ়ি ভাল নোপোৱা জুনৰ কাৰণে ডায়েৰিখনও আমনিদায়ক যেন হে লাগিল। অলসভাৱে পাতবোৰ লুটিয়াই থাকিল । কলেজৰ পৰা আহি সাধাৰণতে এই সময়ততাই এনেই থাকে । আজি সেইয়ে ডায়েৰিখনলৈ পটকৈ মনত পৰাত, মেলি লৈছে । পৃষ্ঠা এটাৰ ডাঙৰ ডাঙৰ শাৰী কেইটাত তাইৰ চকু ৰৈ গ'ল . . .  

''মোৰ জীৱনৰ এখন সোনোৱালী পৃষ্ঠা ।'' 
                          
                 তাই কাহানিও চন্দনৰ ব্যক্তিগত জীৱনৰ ভিতৰলৈ সোমাব বিচৰা নাছিল । সেয়ে বন্ধু হোৱাৰ পাছতো, একো কথাতে গভীৰ জীৱন দৰ্শনৰ পাতনি মেলা নাছিল জুনে । কলেজতে কথা বতৰা, মাতবোল । মাৰ্জিত, ভদ্ৰ, কথা জুখি মাখি কোৱা চন্দনৰ লগত কথা পাতি ইমান বেয়া পোৱাও নাছিল জুনে কাহানিও । পাতিছিল ।

 ''৭ আগষ্ট, ২০১১ . . . বন্ধুত্বৰ দিন "
ডায়েৰিত লিখাখিনি পঢ়িবলৈ কৌতুহল উপজিল জু নৰ ।  

''আজি মই ক'ব মোৰ জীৱনলৈ ডাঙৰ দিন এটা আহিল । ভাবি আছিলো মোৰ মবাইল নম্বৰটো তাইৰ ওচৰত আছে যেতিয়া, মেছেজ এটা তাই দিব । সঁচাকৈয়ে দিলে । কথা পাতিলো । বহু কথা । জীৱনৰ কথা । তাইৰ . . . মোৰ । কেনেকৈ ৰাতি দুটা বাজিল ক'ব নোৱাৰিলো । তাই উচুপিছিল আৰু মই . . . তাইক কি সান্ত্বনা দিম ? . ..কান্দিলো । মই তাইক ভালপাওঁ বহুত। তাই আজি মোৰ বহু কাষ চাপিল । ভাললৈ নে কাললৈ নাজানো । ভগৱান, সুখ বিছাৰো মই ।''

 তাৰ পাছত আৰু একো বিশেষ শাৰী নেদেখিলে তাত । কেৱল এজাপ কবিতা ।কবিতাৰ পাছত কবিতা । তাই লুটিয়াই গ'ল । 

                        জুনহঁতে কলেজীয়া জীৱন সামৰিবলৈ বেছিদিন আৰু নাই । এইখিনি সময়তে পঢ়া শুনাৰ পৰিমান এনেও অলপ বেছি হয়েই । তাৰ মাজতে ইটো সিটো থাকে । জুনে আজিকালি প্ৰেম ভালপোৱা এইবোৰ বাহিৰা ধান্দা বুলি ভাবিবলৈ এৰিলে । কি বুলি ভাবে নিজেও নাজানে । আচলতে এইবোৰ কি, ক'ত, কিয় ভাবিবলৈ সময় নাই অথবা প্ৰয়োজনো নাই । ধানৰ পৰা চাউল হয় । সিমানেই জানে । চন্দনৰ লগত জুনৰ বন্ধুত্ব এবছৰতকৈ বেছি হোৱাগৈ নাছিল । তাৰ তৎপৰতাতেই জুন আৰু চন্দনৰ সম্পৰ্কও এইখিনি সময়তে আগতকৈ যথেষ্ঠ গাঢ় হৈছিল । চন্দনে পুনৰ দিয়া ভালপোৱাৰ প্ৰস্তাবক উপযুপৰি নাকচ কৰিছিল জুনে । ''সেইদৰে সকলোকে ভাবিব নোৱাৰি চন্দন ।'' - জুনে তাক বুজাইছিল । স্বাৰ্থপৰ যেন নলগা ল'ৰাটো তাইৰ পৰা লাহে লাহে আতঁৰি গৈছিল । মানুহ নিঃস্বাৰ্থ কিয় হ'ব নোৱাৰে তাক ভাবি জুনৰ খং উঠিছিল । 

 ''আত্মহনন''

            শব্দটো দেখি জুন আকৌ থমকি ৰ'ল । এইখিনিতে এপৃষ্ঠা লিখিছে সি । পঢ়ি চালে জুনে । . . .''তোকলৈ যোৱা দুবছৰে বহুত কিবা কিবি সপোন দেখিছিলো । নিজতকৈও কাৰোবাক ভালপোৱাৰ পাছত সপোনবোৰ যেতিয়া ভাগে, একো নাথাকে, জুন । তই সকলোবোৰ বুজিও একো নজনাৰ অভিনয় কৰ । মোক হেৰুৱাই তোৰ একো দুখ নাই জানো । কিন্তু . . . তোক আনৰ হোৱা চাব মই নোৱাৰো । বহুত স্বাৰ্থপৰ বুলি ভাবিছ চাগে মোক . . ন ? উপায় যে নাই অ' মোৰ । মই আতঁৰি আহিলো সচাকৈয়ে । তোৰ সুখ হওঁক । সৰুৰে পৰা মনে বিচৰা একো নাপালো ।খাবলৈ, পঢ়িবলৈ, থাকিবলৈ । শেষ আশা তই আছিলি । ভগৱানে তোকও নিদিলে চা। মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই । সেইদিনা কলেজলৈ চাদৰ মেখেলা পিন্ধি আহিছিলি যে, বহুত ধুনীয়া লাগিছিল । সেইয়াই শেষ দেখা । জুন .. . তোৰ কপালৰ ঘাঁ টুকুৰাই মোক মৰিবলৈ দিয়া নাই অ' । বৰ কষ্ট । ঘৰৰ সকলো নামঘৰলৈ গ'ল । শৰাই দিবলৈ । ঘৰৰ হেনো বিপদ আহিব । গনক এজনে কৈছিল । হাঁহিহে উঠিছে । মই যাওগৈ । তোক কইনাৰ সাজত চুই চোৱাৰহেপাহ আছিল । সেইবোৰ দিনলৈ থাকিব নোৱাৰো । তই সুখী হ । ভালকৈ থাকিবি । নিজৰ যত্ন লবি । মছলা দিয়া বস্তু খালে পেট বিষাই তোৰ, নাখাবি . . . আৰু ডাক্তৰক সোনকালে দেখুৱাবি ।
 . . . . তাৰালৈ ফোন কৰিলো । বিকুলৈও । ডায়েৰিখন তোক দিবলৈ কৈছো । সি আকৌমোৰ কি হ'ল, কি হ'ল বহুত বাৰ সুধিলে। মোৰ ভাল বন্ধু আছিল অ' সিহঁত । সকলোলৈ মনত পৰিছে । . . . . স্বপ্নালী । তাইলৈ ফোন কৰিব নোৱাৰো । পাগলীয়ে কান্দিয়ে দিব । ফোনটো অফ কৰিলো । জুন . . . যাওঁ । 

 . . . . . . মা-ৰ একমাত্ৰ কপাহী চাদৰখননষ্ট হ'ব । পঘা কেইডালে গৰু কেইটাক বন্ধা আছে যে । খুলিবলে সত নগ'ল ।

 xxxxxxxx00¤00xxxxxxxx 

 [ জুন, বিকু, তাৰা, স্বপ্নালী, চন্দন (মই) সকলোলৈ ক্ষমা প্ৰাথনাৰে . . . . ]

''বিবাহ বাৰ্ষিক'' [ অণুগল্প ]

পুৱাৰ পৰা অহৈতুক ব্যস্ততা । ৰঙিয়াল মুখ । কাম কৰোতেওঁ মুখত পুৰনা গানৰ কলি । পেৰাৰপৰা যোৱা বছৰেই বৈ থোৱা পকোৱা সুতাৰ চাদৰখনো বৰ আগ্ৰহেৰে গাত ল'লে জয়ন্তীয়ে । পাতিহাঁহৰ আঞ্জাখন দিওঁতেহে গিৰিয়েক বলীনে উৰহি গছৰ ওৰটো পালে । ''আপোনাৰ পাটিৰ লগৰী হোৱাৰ আজি একুৰিত সোমাল'' - কৈয়ে ওৰনিখন টানি জয়ন্তী পাকঘৰলৈ লৰ মাৰিলে । বলীনে তাইক খুব ধুনীয়া দেখিলে আজি ।

ধৰ্ষণ [ অণুগল্প ]

নিজৰ জীয়েকতকৈও চাৰি বছৰ সৰু, ভায়েকৰ শান্তি নোহোৱা ছোৱালী জনীৰ ওপৰত বুবুলৰ বহু দিনৰপৰা শেনচকু । এদিন ঘৰত কোনো নথকাৰ সুযোগলৈ পাকঘৰৰ দুৱাৰখন জপাই তাইৰ গোতেই গাতে হাত ফুৰাই ফুৰাই ডিঙিতে চুমা এটা বুবুলে খালে । তাই ভয়তে কান্দিবলৈ ধৰা দেখি কাকো নকবলৈ দহ টকীয়া এখন দি সোনকালে তাইক তাৰ পৰা উলিয়াই পঠোৱালে ।

দুখ

কলিজাত গজাল / চকু কঙাল ।

বিনিদ্ৰ

তই বুকুত/ আভোক চকুত ।

জুই

তোৰ গাত এশ এডাল আম খৰিৰ উম / মই আজি সহজে চিতা সাজিব জানো ।

কবি নীলিম কুমাৰৰ জোনাক ভালপোৱা তিৰোতাজনী, তোমালৈ . . . .

তুমি যদি আজি ঘৰলৈ উভতি নাহা 
নিজ হাতে সজোৱা কোঠা তিনিটা আন্ধাৰ হৈয়ে থাকিব 
মোৰ কথা বাৰু বাদেই দিলো 
কিন্তু মাজনী . . . 
পদূলি মুৰত খোজৰ শব্দ শুনি সাৰপোৱা 

তুমি শেৱালিজোপাৰও বহুদিনীয়া চিনাকিনে 
যাক মই আজিও চিনি নাপালো 

আৰু মোক . . . 
হোমৰ গুৰিত অঁকা সেই সংসাৰৰ ইতিবৃত্ত 
আজীৱন সুখদুখৰ লগ হোৱা চুক্তিবোৰ জোনাকে ধুই নিলে ন' ? 

তোমাৰ দৰে মোৰোতো কেতিয়াবা ভাব হয় 
আমি দুয়ো 
দিন আৰু ৰাতি 
ৰ'দ আৰু বৰষুণ 

কিন্তু আমাৰ জানো একো নাই . . . 
পদুলিৰ খৰিকাজাঁই জোপা 
চোতালৰ দুবৰি জোপা আমাৰ 
বাৰান্দাৰ মাধৈ মালতি জোপা আমাৰ 
চ'ৰাঘৰৰ গোলাপজোপা 

মাজনীয়ে মই গাখীৰ দিলে নাখায় 
মোৰ কথা তেহেলৈ থোৱা 
তোমাৰ উগাৰতেই ভোক গুচোৱাৰ অভ্যাস মোৰ আছে 
মোৰ বুকু শুদা কৰি মাথো ঘৰলৈ নহাকৈ নাথাকিবা 

মাজনিয়ে বিচনাত তোমাক মোক এহাত আঁতৰ কৰিলে নহয় 
তাই যে মাজত শুৱে 
ৰাতি ৰাতি সাবতি থাকো তোমালোকৰ গ'লনে টোপনি 
এবাৰ জানো সোধা মোক 
গ'লনেকি টোপনি আপোনাৰ 
স্কুলৰ পৰা আহি কিবা খালেনে 
নুসুধিলা বাৰু নাই 
কওঁ জানো কোনোবা কাহানি 
ভাত যে কম হ'ল 
মোৰ কেইটাকে থলো সামৰি 

মোক একো নালাগে 
মাথো ঘৰলৈ তুমি নহাকৈ নাথাকিবা 
তুমি নাহিলে যে মাজনীয়ে কান্দিয়েই থাকিব 
মোৰ কলিজাতোৰ দৰে উচুপি উচুপি . . . 

মাজনীক মই কি বুলিনো ক'ম 
তাইতো নাজানে তোমাৰ দৰে জোনাক ভালপাওঁ মইও 
কিন্তু মোৰ সময় ক'ত কোৱা 
জোনাকত তিতিবলৈ 
ঠাই ক'ত 

তুমি যে মোৰ সত্তা 
কেৱল ভালপাওঁ তোমাক 
বহুত বহুত বহুত বহুত । 

ঘৰলৈ নহাকৈ নাথাকিবা তুমি 
বন্ধত লাগিলে তিনিও একেলগে পাহাৰলৈ যাম 
বগা ফুলবোৰ কেৱল তোমাৰ খোপাত আঁৰিম 
আকৌ হাতত ধৰি তিনিও একেলগে নামি আহিম 
ৰাতিপুৱা চাবা দুয়োৰে গাৰুত হাজাৰ সুখ । 

শুনা . . 
আজিৰ পৰা মৰমত তোমাক মুন বুলি মাতিম 
ঘৰলৈ তুমি নহাকৈ নাথাকিবা 

মোৰ কথা বাদ দিয়া 
মাজনীৰ শপত । 
স্বাগতম

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।