28 June, 2013

• মাজুলী : মাজুলী • ( ৫ম খণ্ড )

সম্ভৱত মোৰ চিলমিলকৈ টোপনি আহিছিল। কিমানদূৰ নাৱত উঠি গলো নাজানিলো। হঠাতে চিঞৰ বাখৰ শুনি সাৰ পালো। গম লৈ জানিলো নাওঁখন পাৰত লাগিছিলহি। পাৰত ৩০ৰো অধিক মানুহ। এইখন নাওঁ পুনৰ উভতি যাব। আমি প্ৰত্যেকেই ২০ টকাকৈ ভাড়া দিব লগা হ’ল।
ঠায়ে ঠায়ে বোকা ৰাস্তাৰ বাবে নামি নামি ঘণ্টাচেৰেকৰ পাছত আমি লক্ষীমপুৰৰ মূল পথত উঠিলো। কিছুসময়ৰ পাছত বিহপুৰীয়া। তাতে ছাৰে কিবা অলপ বজাৰ কৰিলে। তাৰ পৰা নাৰায়ণপুৰ। তাতে মাধৱদেৱ মহাবিদ্যালয়খন ৰাস্তাৰ কাষতে দেখাৰ কথা মোৰ মনত আছে। সুন্দৰ পৰিৱেশ। কলা, বিজ্ঞান আৰু বানিজ্য শাখাৰ সৈতে বহুবছৰ আগৰে পৰাই ঠাইখনত শিক্ষাৰ পোহৰ বিলাই আছে। নাৰায়ণপুৰৰ ৰাস্তাৰে বৈৰাগীছাৰৰ ঘৰলৈ ৫ কিঃমিঃ। মোক থবলৈ ঢলপুৰলৈ বাহিৰে বাহিৰে তেখেত যাব। দিনমনীয়ে আকাশৰ পৰা বিদায়ৰ যা-যোগাৰ চলাইছিল।
ঢলপুৰ তিনিআলি পোৱাৰ কিছু আগতেই ছাৰৰ চিনাকী মানুহ এঘৰত সোমাব লগা হ’ল। আমাৰ বিদ্যালয় প্ৰধান দেহিৰাম বৰুৱাৰ ঘৰটোৰ ঠিকনা আমি তেখেতৰ পৰাই পালো। হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক। মোৰ মনটোৱে অলপ সকাহ পালে ।
ঢলপুৰ তিনিআলিৰ পৰা বৰুৱা ছাৰৰ ঘৰলৈ ৪ কিঃমিঃ মান সোমাব লাগে । ঠিকনা মতেই বৰুৱাছাৰৰ পদূলিতে ৰৈ মানুহঘৰলৈ সোমাই গৈ দেহিৰাম বৰুৱাৰ ঘৰ কোনটো সুধিলো । পকামুৰীয়া আদহীয়া মানুহ এজনে হাঁহি মাৰি ঠিক ঠাইতে সোমালো বুলি উত্তৰ দিলে । তেখেত বৰুৱা ছাৰৰ কনিষ্ঠ সহোদৰ আছিল । আমি লক্ষ্যস্থানত উপস্থিত হ’লোহি। তেতিয়া প্ৰায় সন্ধিয়া লাগিছিল।
চা-চিনাকী হোৱাত গম পালো ইতিমধ্যে ফোনৰ যোগেদি মোৰ নামৰ কোনোবা এজন শিক্ষক অহাৰ কথাটো খবৰা খবৰি হৈছিল। মোৰ দৰে সৰু ল’ৰা এটা শিক্ষক বুলি জানি সকলো আচৰিত হৈছিল। ছাৰৰ ঘৰখন মৰমীয়াল। ল’ৰা এটা আৰু ছোৱালী দুজনীৰ লগত ছাৰৰ সহধৰ্মিনী থাকে । মোৰ বয়স তেখেতৰ সৰু ছোৱালীজনীতকৈ এবছৰ অথবা দুবছৰ মান বেছি হব । পুত্ৰসম সহকৰ্মী পোৱাত ছাৰ বহুত সুখী হ’ব বুলি ঘৰৰ মানুহখিনিয়ে মোক বৰ উৎসাহেৰে জনালে । তাৰ পাছতে মোৰ মনত নতুন এক কৌতুহলে বাস কৰিলেহি । বিদ্যালয়খন দেখাৰ হেঁপাহ, ছাৰক লগ পোৱাৰ হেঁপাহ । বৈৰাগী ছাৰে মোক চমজাই ঘৰলৈ যাবলৈ ওলাল । তেখেতৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰলো। তেখেতৰ ফোন নম্বৰটো এতিয়াও মোৰ ওচৰত আছে । কিন্তু বৰ্তমান যোগাযোগ বিচ্ছিন্ন হোৱাৰ সংকেত দিয়ে । ভৱিষ্যতে তেখেতক পুনৰ লগ পাওঁ নে নাই নাজানো । কিন্তু তেখেতৰ এইখিনি নিস্বাৰ্থ উপকাৰ জীৱনত পাহৰিব নোৱাৰিম।
ৰাতি সোনকালে ভাত-পানী খাই বিচনাত উঠিলো। কাহিলীপুৱাতে লোহিত পাৰ হৈ মাজুলী পোৱাগৈ কথা।
[আগলৈ...]

এই জীৱন বৰ অনুপম...

ৰাতিপুৱা চাহকাপৰ লগতে দৈনিক বাতৰি কাকত খনত চকু ফুৰাবলৈ নাপালেছোন ভালেই নালাগে। জপনাৰ ভিতৰলৈ দলি মাৰি থৈ যোৱা বাতৰি কাকত বিলোৱা হ’কাৰজনৰ চাইকেলৰ টিলিঙাৰ শব্দটো সদায়েই চিনাকী ।
আপুনি বাৰু হ’কাৰজনৰ খবৰ বাতৰি লয়নে, যিজনে নিতৌ আপোনাক দেশ বিদেশৰ খবৰ যোগান ধৰে….
কিছুলোক আছে তেওঁলোকৰ হ’কাৰজনৰ ওপৰত এশ এবুৰি অভিযোগ।
কিয় ইমান দেৰি হ’ল?
পইচা দিলেও সময়মতে সুবিধা নাপাও…
বৰষুণৰ দিনত আৰু এখোপ চৰা।
কিয় বাতৰিখন অলপ সেমেকিল?
ভালকৈ আনিব নোৱাৰ নেকি? ইত্যাদি ইত্যাদি...
এতিয়া মোৰ কথা ক’মঃ
উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত পঢ়ি থাকোতে মই দুমাহ বাতৰি বিলোৱাৰ কাম কৰিছিলো। গণিত বিষয়টো আৰু হিচাপ বিদ্যা বিষয়টোৰ অতিৰিক্ত ক্লাছ দুটাৰ মাচুল দিবলৈ এই কাম কৰিবলগা হৈছিল ৰাতিপুৱা । পুৱা ৪ বজাতেই টীয়কস্থিত দোকানত উপস্থিত হৈ বাতৰি ভাগ ভাগ কৰি দুমোনা কৰি লৈছিলো । সদায়ে অসুবিধাৰ সন্মুখীন হৈছিলো অসমীয়া প্ৰতিদিনৰ পৰা ।
ডিব্ৰুগড় ছপাশালৰ পৰা টীয়কত গাড়ীখন উপস্থিত হ’বলৈ প্ৰায়ে ৬ বাজিছিল। ফলত বাতৰি বিলোৱাত পলম হৈছিল। বৰষুণৰ দিন হ’লেতো বহু অসুবিধা। গাঁৱে গাঁৱে যাব লাগে। বাট পথবোৰ বোকা ঠায়ে ঠায়ে চাইকেল ঠেলি খোজকাঢ়ি যাবলগাত পৰে। এহাতে ছাতি, আনখন হাতেৰে চাইকেলখন। আগফালৰ হেণ্ডেলত দুটা মোনাত ভৰ্তি বাতৰি কাগজ। পলিথিনেৰে মেৰিওৱা হয় যদিও বাতৰি কাগজ উলিয়াওতে সোমোৱাওতে বৰষুণত সেমেকে। ছাতিয়ে কি বৰষুণ ৰাখিব, ভেজভেজিয়া হওঁ। বাতৰিখন ঘৰৰ ভিতৰত থৈ নাহিলে বৰষুণত তিতিব আৰু পাছদিনা গালি…।
তেনেদৰেই বৰষুণ দিবৰ দিনা কলেজৰ এটা দুটা ক্লাছ খতি হয় ।
কোনোৱে সোধাৰ উদাহৰণ নাই …
ভালনে ? কি খবৰ তোমাৰ ?
পৰিৱৰ্তে খুত উলিয়াই গালি দিয়ে।
… … … মই সৰু এটা উদাহৰণ মাত্ৰ।
মোতকৈও বহু কষ্টৰে বহু হ’কাৰে তিতা কেহা অভিজ্ঞতাৰে আজীৱন কাকত বিলাই আছে।
জীয়াই আছে এনেদৰেই….।



তোমাৰ চকুত ফুলে ...

তোমাৰ চকুত ফুলে শাওণৰ সেউজীয়া 
গালৰ দুভাঁজত নাচে হাজাৰ আকাশী গংগা 
তোমাৰ মোৰ আঙুলীৰ ভাঁজে ভাঁজে 
সন্ধিয়া এটা গজি উঠে লহপহকৈ 

'...মা...'

ভোকত থাকি তুমি
বকাসুৰৰ সাধু কোৱা দিনত 
মই নাজানিছিলো, 
কিমান ভোকত থাকি 
টোপনি যাব নোৱাৰে ৰাতি...
তাঁতৰ পাতত 
চকুপানীৰ ফুলবোৰ 
আঁৰি দিলে
কিয় বিহুৱান হৈ পৰে ?
উঘা লোৱা আঙুলীৰ ঢৌ বোৰ
চুই থাকিও
সুধিবলৈ নহ'ল কথা
কেতিয়া শুৱা...
কেতিয়া উঠা...
'মা' নামৰ নামটোত কিমান যোগ্যতা ?
সীতা... দ্ৰৌপদী...
কুন্তী... গান্ধাৰী...
কুন্তীৰ কথা কোৱা মাজনিশা
নজনাকৈয়ে গালখন
শুকান কৰি দিছিলো তোমাৰ...
আকাশৰ তৰা হোৱা সপোনবোৰ
পূৰ কিয় সোনকালেই হ'ল ?
মই নুবুজাকৈয়ে
বুজিব নুখুজাকৈয়ে...

• মূলাগাভৰু •

তাই কান্দে 
কৱচ কাপোৰ আঁৰি 
গৰ্ভৱতী নিশাটো বুকুত সাৱতি । 
অবাধ্য ৰিহাখন ইফাল সিফাল 
বঙহৰদেউ... 
চেৰেং চেৰেং তোমালৈ বেথা জাগে । 
পৰহিলৈ শালত 
গোমচেঙৰ চোলা এটি ব'ম । 
( কাইলৈ দিনটো কাউৰীজনীৰ সতে তোমাৰ কথা পাতিম ।)

২১.০৬.২০১৩

15 June, 2013

মোৰ চকু

পূৱাতে আবেলি আবেলি...
শিমলু তুলা যেন ৰঙ
আজাৰ কপৌ মদাৰ সোনাৰু
হাঁহিবোৰ কেতিয়াবা তগৰ আৰু বকুল
খবৰ পাওঁ বতাহত
বহাগৰ... ফাগুনৰ... শাওঁনৰ...
আঘোনৰ মানিকী ধান

ঘৰচিৰিকাই কুটা কঢ়িওৱাৰ বাতৰি পলকতে দিয়ে
দুখত কান্দে
সুখত হাঁহে
পোহৰ হলেই বালিমাহী হয়
মোৰ চকু...
সেউজীয়াৰ গান গাব নাজানে
মোৰ চকু...
গোলাপৰ প্ৰেম...
মোৰ চকু...

আইৰ তাঁতশালৰ নাচনী কেইযোৰা
মিতিৰো নাপাতে
মোৰ চকু...

(২৭.০৫.২০১৩)

সময়ৰ পকনীয়া খেদি ...২

ঘৰলৈ আহিলে লাচিতক কওঁ- ক'ৰবাত ফুৰিবলৈ যাওঁ ব'ল । দুদিনৰ কাৰণে ঘৰলৈ অহাৰ পাছত কেনিও নোযোৱাকে ঘৰতে সোমাই থাকিলে কিবা বেকাৰ বেকাৰ লাগে । সেইমতেই ৰ'দেই হওঁক, বৰষুণেই হওঁক চাইকেল খন লৈ ওলাই যাওঁ । গধূলি সময়ত ওলাই গৈ পাছদিনা ঘূৰি অহাৰো দৃষ্টান্ত আছে । সেই সময়বোৰ পাৰ হয় বিকু হতঁৰ ঘৰত । তাচ জাঁপ উলিয়াই ল'লে কেতিয়া ১২ বাজে, কেতিয়া ৪ বাজে খবৰ নাথাকে । কাগজৰ দুপৃষ্টা অন্ত হয় । হাজাৰী খেলি আমনি লাগিলে শেষত বিচনাত তাচপাতবোৰ ওপৰলৈ দলিয়াই দি যিয়ে যেনেকে থাকে তেনেকেই শুই পৰো । আটাইকৈ গণ্ডগোল কৰা ঘৰ আছে যদি আমি বিকু হতঁৰ ঘৰৰ নামেই প্ৰথম লব লাগিব । ৰাতি আমাৰ উৎপাতত ঘৰৰ মানুহৰ টোপনি খতি হয় । ৰাতিপুৱা মায়ে চাহদিয়ে খাওঁ ঘৰলৈ আহো । দেউটাই গালিদিয়ে বিকুহতঁৰ । আকৌ পৰৱৰ্তী বাৰ যাওঁতে সেইবোৰ পাহৰে । আমিওঁ । দুঘণ্টাৰ কাৰণে গলেও ৰাতিপুৱাই যায়গৈ । আমাৰ লগত গৌতম গ'লে কথা সুকীয়া হয় । খেলৰ প্ৰকাৰৰ সালসলনি হয় । দহ কৰ্ট খেলো । তেনেকৈয়ে যেন ঘৰলৈ অহাৰ আজৰি সময়খিনি বেকাৰ নোহোৱাকে পাৰ হয় । ঘৰত ভাত ঢাকোনত থাকে, আমাৰ ভাত খোৱা নহয় । ভোক নালাগে কাৰো । সময়বোৰ চকুৰ প্ৰচাৰতেই পাৰ হৈ যায় । সকলোৰে অলক্ষিতে । আনন্দৰে ।

নকুল । সদায় লগত নাথাকে যদিও প্ৰায়বোৰ আনন্দৰ মূহুৰ্তত আমাৰ লগৰীয়া সি হৈছে । সেইদিনা আৰু এটাআমাৰ লগ হ'ল । দেবজ্যোতি । তাৰ ঘৰটো আমাৰ কেইটাত কৈ ১০ কি.মি. মান আতঁৰৰ যদিও সেইদিনা ভালকৈয়ে তাচ খেলাৰ মতলবত তাক মতাই আনিলো । আৰম্ভ কৰাৰ আগতেই কাৰ মনলৈ আহিল পাহৰিলো, বিয়েৰ খাম । নকুলে হাত উজান দিলে ৫০ টকা দিব সি । লাচিত ১০, বিকুৱে ১০, মই ২০। হৈ গ'ল ৯০ টকীয়া বিয়েৰৰ দাম । প্ৰথমবাৰৰ কাৰণে বিয়েৰ খাম আটাইকেইটাই । কোনোবাই ক'লে নিচা ধৰিব । নাই নধৰে, ফলৰ ৰস হে । সিদ্ধান্ত পক্কা । আনিবলৈ কোন যাব ; লাচিত আৰু নকুল । কাহানিও বিয়েৰ নিকিনা মানুহ আটাইকেইটা । চিনাকী মানুহ থাকিলে কি হ'ব ? ঘৰতে আলোচনা কৰি দেব, বিকু আৰু মোক থৈ সিহঁত দুয়োটা ওলাই গ'ল । অৱশেষত বহু সময়ৰ পিছত ওলালহি হাতত বিয়ৰৰ বটললৈ । চিনাকী মানুহ থকাৰ কাৰণে কেইবাখনো দোকান বগাব লগা হ'ল । পাঁচটা বহি ললো, গিলাচ পাঁচটা লৈ । বিয়েৰ খাম । নকুলে পেগ বনালে, ফ্ৰিজৰ পানী ঢালি । বাহ কি মদাহী মদাহী লাগিছিল আমাক নিজকে ।
তাচ এজাঁপ বিলাই ল'... খায়ে ভাল লাগিব ।
বিলাই লোৱা হ'ল । এহাতত তাচ, আনখন হাতত বিয়েৰৰ গিলাচ । প্ৰথমটো ঢোক মাৰিলো । ৰাম ৰাম... ডিঙিয়েদি পুৰণা এ. এছ. টি. চি. ৰঙা বাছ খন পাৰ হৈ যোৱা দৰে লাগিল ঘেৰঘেৰাই । জঁপিয়াই উঠিলো । ইম্মান চোকা । ঢেত বাকী থকা ঢোক কেনেকে খাম ? মাইকী নেকি, খা চকু মুদি । সৰুতে মায়ে মানিমুনি পিহি ৰস খাবলৈ দিছিল । পেট ভাল হৈ থকাৰ স্বাৰ্থত, সদায় ৰাতিপুৱা । খাবলৈ বেয়া পাইছিলো । মায়ে কৈছিল, চকু মুদি গিলি দে হৈ যাব । তেনেকৈয়ে শেষৰ ঢোক বিয়েৰ গলাধঃকৰণ কৰিলো । আৰু এপেগ দে । মোৰ দৰে বাকী কেইটাৰো একেই অৱস্থা । চকু কাণ বন্ধ কৰি দুপেগ...
দুপেগ মাৰি দেখো বিয়েৰৰ আধা বটল এতিয়াও বাকী আছে । কোনে খাব মই হাত ডাঙিলো । ভাল একো নালাগিলেই জীৱনত আৰু নোখোৱাৰ সিদ্ধান্ত লৈ পেলালো । বাকী কেইটাই কি ভাবিছে নাজানো নকুলে ক'লে- কোনেও নাখালে সিয়ে বাকীখিনি খাব । মোৰ কব লগা নাই ; খা কোনে খাৱ । মোৰ আগ্ৰহ নাই । লাচিতে ক'লে, বাকীখিনি খাই দিলে কেইটকা দিবি ? কাহানিও নোখোৱা মানুহ, তাৰো অৱস্থা মোৰ দৰেই । মই দহটকা দিম, বমি হলে কৰিব নোৱাৰিবি... কৰিলে মোক ২০ টকা দিব লাগিব । আৰু এটাই দহ টকা দিয়া চুক্তিত সি আধাখিনি বিয়েৰ খাবলে সাজু হ'ল । কোনেও ভবা নাই সি খাব যে পাৰিব । চকুৰ আগতেই কোট কোট কে সোপাকে গিলিলে সি । খাই উঠিয়ে উগাৰ এটা মাৰিলে । মুৰকত ২০ টকা দিব লগা হ'ল । ৰাতিটো ৰখিলো তাক, তাচ খেলি খেলি, কিজানি বমি কৰে । ৰাতিটো শেষ হ'ল, বমি নকৰিলে । নকুলে পুৱালেকে কান্দি থাকিল আৰুখাবলৈ নোপোৱাৰ দুখত । প্ৰথম বিয়েৰ খোৱাৰ পৰ্ব অন্ত পৰিল । তাচখেলাৰ চিৰিজটো শেষ নহ'ল । এতিয়াও চলি আছে । বিয়েৰ খোৱাৰ কথা কোনেও নুলিয়াই এতিয়া । তাচ খেলাৰ লগত জড়িত বহু ঘটনা আছে, কথাত কথা ওলালে লিখিম । শৈশৱ, কৈশোৰৰ আনন্দৰ দিনবোৰৰ লগত এই সমীকৰণসমুহ মিলি আছে । আধৰুৱা নোহোৱাকৈ ৰাখিছে সময়বোৰ । কেতিয়াবা নষ্টালজিয়া হৈ পৰিব, কেতিয়াবা স্মৃতি হৈ উজাব । সোঁৱৰীম সময়ৰ জটিল মূহুৰ্তবোৰত... ।

সময়ৰ পকনিয়া খেদি... ১

''...ফাগুনি পলাশৰ ৰঙা ৰঙ
নাজানো জোনমনিৰ কালৈ মন...''

ম'বাইলৰ প্লে বুটামটো হেচা দিলে কি গান বাজিব মোৰ ধাৰণা নাছিল । গানটো বাজি উঠিল । নিজা বুলিবলৈ অভ্যাস এটা গঢ় লৈ উঠিছে, মিউজিক প্লেয়াৰত বজা গানটোকে বহু বাৰ নবজালৈকে ভালেই নালাগে । ৰিপিট কৰি থোৱা আছে । তাৰেই ফলশ্ৰুটি । সেইদিনা ছাৰৰ ছোৱালীজনীয়ে সুধিলে- 'চন্দন দা, এইটো গান আছেনে?'
'নাই ।'
'কি, এইটো গান নাই, কি গান শুনে অ' আপুনি ?লৈ লওঁক ।'
'দিয়া ।'
ললো । সন্ধিয়া সময়খিনিত ইচ্ছা বা অনিচ্ছাতেই কোনো কাম নাথাকে । শুৱাটো যদি কামৰ ভিতৰত পৰে, নিতান্তই মই সেই সময়ত ব্যস্ত মানুহ । অৱশ্যে দিনটোৰ মোৰ প্ৰয়োজনীয় অকলশৰে থাকি ভালপোৱা সময়খিনি এই সুযোগতে উপভোগ কৰিবলৈ লোৱা বহুত বেছি দিনো হোৱা নাই । এই ধৰক আঠমাহ- ন মাহ । ঘৰৰ পৰা দূৰত থাকিবৰ দিন ধৰি এই সময়ছোৱা কেৱল মোৰ । গান এটা বজাই লওঁ অথবা কৰবাত দবা-উৰুলিৰ মাত অথবা আজান দিয়াৰ শব্দত ধিৰে ধিৰে শেষ হৈ যায় মোৰ সময়খিনি ।

গৰম দিন আহিল বুলিলেই লগতে আহে মহৰ পালটো । নাতৰিবই যেন । বিচনাখনত আঠুৱাটো তৰি নললে কিমান গ্ৰাম তেজ শুহি লৈ যায় খবৰ নাথাকে কাৰণেহে । আঠুৱাটো তৰি লোৱাটো প্ৰয়োজনীয় । লগত গৰম ফ্ৰি। ঠাণ্ডা দিনত কেইটা মান পৰিৱৰ্তন হয় । কম্বল এখন ললে চাউলো সিজে, মিতিৰো ৰয় । বিশেষ অসুবিধা নাই ।

কৰ্চৰ কিতাপ কেইখন দোকান দোকান গোন্ধাই আছে । পৰীক্ষালৈ এমাহ থাকোতে কিনিবৰ সময় সমাগত বুলি কিনি আনিলো হয়, পিছে হাতী ঘোঁৰা কি ক'ত আছে চাবলৈহে হোৱা নাই । পৰীক্ষা দিব লাগে দিছো যেন মনোভাব এটা লোৱা বেছি দিন নোহোৱাও নহয় । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছৰ পৰা পৰীক্ষালৈ এমাহ থাকোতে পঢ়াটো অঘোষিত নিয়মত পৰিনত হ'ল । কমাৰ্চ বিভাগটো প্ৰথমৰেই পৰাই সোৱাদ নাইপোৱা বুলি ক'লে ভূল হ'ব । নিজেই বাছি ললো। ছমাহ মনপুতিয়েই পঢ়িলো । তাৰ পাছতেই কেনা লাগিল । এতিয়া অহি নকুল সম্পৰ্ক । উচ্চতৰ মাধ্যমিক দেউনাখন পাৰ হৈয়ে এবাৰ কথাটো উলিয়াইছিলো । অসমীয়াত মেজৰ লৈ পঢ়ো । সৰুৰে পৰা বিষয়টোৰ প্ৰতি টান এটা আছে । ঘৰত নামানিলে । স্নাতকত নাম লিখালো । সেই দিন ধৰি পৰীক্ষা দিবলৈকে কিতাপ পঢ়ি আছো । ফলাফল সেইমতেই । ফেল নকৰাকে বৰ্তমানলৈ চলি গৈছে ।

স্কুলত দুজন শিক্ষক । সদায় শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতি । ৯ বজাত শ্ৰেণী কোঠাত সোমোৱাৰ পৰা ১-৩০ বজাত শেষ নোহোৱালৈকে পিৰিয়দৰ ভাগ নাই । নাথাকিবৰ কথাই । দুজনে পাঁচটা শ্ৰেণী পঢ়োৱাবলৈ ইয়াৰ বাহিৰে গত্যন্তৰ নাই । এটা শ্ৰেণীত কিছুসময় পঢ়োৱাই সিটো শ্ৰেণী কিছুসময় । ৰুটিন সেইখনেই । তাৰ মাজতে মৰা মৰি, দবিয়া দবি আছেই । যিদিনা একমাত্ৰ সাৰথি প্ৰধান শিক্ষকজন নাথাকে গোটেই বিদ্যালয়খন গৰু পাল ৰখাদি ৰখিব লাগে । প্ৰধান শিক্ষক, অফিচিয়েল কাম সপ্তাহটোত থাকেই । সেইখিনিৰ পৰা ওলাই আহি চিকিউৰিটি প্ৰিমিয়াম, কোম্পানী ল', পৰ্টফলিঅ' মেনেজমেণ্ট, চিকিউৰিটি এনালাইছিছ কৰিব পৰা মাথা হৈ নাথাকে । কানৰ ওচৰৰ পৰা দুয়ো দিশে গধুৰ হৈ কপালৰ পাৰ্শ্ব ভাগৰ শিৰ দুদালেদি তীব্ৰ গতিত তেজৰ সৰবৰাহ কৰে । নাই নোৱাৰি । সচাঁকৈ নোৱাৰি। চখ নলগা বিষয় এটা ভাতৌৱে গিলাদি গিলিবলৈ মোৰ সামৰ্থ নাই । সিদ্ধান্তটো ঠিকেই ললো নে নাই নাজানো । ডিগ্ৰী লেংকেছডাল চিঙি ডিচটেন্সত এডমিচন লম । অসমীয়াত মেজৰ । দেখা যাওঁক সময়ে কি দেখুৱাই ।

• মাজুলী : মাজুলী • ( চতুৰ্থ খণ্ড )

[. . . . মাজুলী বুলি ক'লে সাধাৰণতে প্ৰায়ভাগ মানুহৰ মনলে অহা ছবিখনৰ বিপৰীতে থকা জ্বলন্ত ছবি এখন তুলি দিবলৈ ক্ষুদ্ৰ প্ৰয়াস মোৰ এই অভিজ্ঞতাৰ যোগেদি । ]


ঘৰ পায়ে হাত মুখ ধুই চাহ খালো । বৰদেউতাই জনালে মোৰ কাৰনে সকলো ব্যৱস্থা কৰি থোৱা আছে । বৰমায়ে ভাত বাঢ়ি দিব আৰু খায়ে তালৈ মানে বৰুৱাচুকলৈ যাব লাগিব । মোৰ খুড়া আৰু দেউতাই মনে মনে মোৰ লগতে কৰ্মস্থানলৈ যোৱাৰ আশা মনতে পুহি ৰাখিছিল । সকলোতে চেচাঁ পানী পৰিল । কেইটামান ফোন নম্বৰ লিখিলৈ ভাত খাই বৰদেউতাৰ লগতে তেখেতৰ ঘৰৰ সমুখতে থকা মাজুলীৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় পালোগৈ । তাতে যাৱতীয় কাম কাজ কৰি আজৰি হ'লো । লক্ষিমপুৰ জিলাৰ নাৰায়নপুৰৰ শিক্ষক বৈৰাগী উপাধিৰ এজন কাৰ্যালয়ত তেওঁলোকৰ বিল জমা দিবলৈ আহিছিল । মোৰ সুভাগ্যই নে কি নাজানো, সেইজন চাৰক লগ নোপোৱা হ'লে সেই দিনটোত মোৰ কৰ্মস্থলীৰ কোনো যুগসুত্ৰ পাবলৈ সক্ষম নহলোহেতেন । খণ্ড উন্নয়ন বিষয়াজনে মোক কৌতুক কৰি ক'লে- 'ডেকা ল'ৰা, দেশ জয় কৰি আহাগৈ যোৱা ।' মই বিশেষ বুজি নাপালো । তেনেকৈয়ে থাকি গ'ল ।

আমাৰ যাত্ৰা আৰম্ভ হ'ল বাইকত । মোক নি আমাৰ বিদ্যালয়ৰ প্ৰধানৰ ঘৰত থবগৈ আৰু ৰাতিটো তাত থাকি পুৱাই লুইত পাৰহৈ বিদ্যালয় পামগৈ । আমাৰ বিদ্যালয়ৰ প্ৰধান দেহিৰাম বৰুৱা ডাঙৰীয়াৰ ঘৰ লক্ষিমপুৰ জিলাৰ ঢলপুৰ অঞ্চলত । অতি প্ৰয়োজনীয় কেইটামান কাপোৰ থকা বেগটো আৰু নথি পত্ৰৰ বেগটো লৈ বাইকেৰে আমি লক্ষিমপুৰ অভিমুখে ৰাওনা হলো । তেতিয়া ১১ বাজিছিল ।

দুঘণ্টামান অবিৰাম গৈ থকাৰ পাছত আমি লুইত নামৰ সুতীঁৰ কাষ পালোগৈ। মাজুলী নদীদ্বীপ সৃষ্টি হোৱাৰ মূলতে ব্ৰহ্মপুত্ৰই শিৱসাগৰ জিলাৰ প্ৰান্তলৈ লুইত আৰু খেৰকটীয়া ( খৰিকটীয়া নে খেৰকটীয়া মোৰ সন্দেহ আছে, দুভাগকৈ শুনিছিলো ।) নামৰ দুটি ডাঙৰ সুতীঁৰ নামলৈ দুভাগকৈ বৈ যাবলৈ লয় । লক্ষিমপুৰৰ দিশলৈ থকাভাগ লুইত অথবা লোহিত নাম আৰু যোৰহাটৰ ফালে থকাভাগ খেৰকটীয়া । দেৰগাওঁৰ ওচৰত দুইটা পুনৰ লগ হৈ ব্ৰহ্মপুত্ৰ নামেৰে বৈ গৈছে । আমোদজনক কথা মাজুলীত এখনো নৈ নাই। মাথো মাজে মাজে ব্ৰহ্মপুত্ৰৰ পানী এসোতা বৈ যায় যেনিতেনি । অৱশ্যে সেইবোৰ খৰালীহে চকুত পৰে। বাৰিষা মাজুলী গোটেইখন পানীয়েই ভৰি থাকে । লুইত সুতীঁৰ পাৰ পাইয়ে আমাৰ লাগিল লেথা । ২-৩ বজালৈ ৰৈ থাকিব লাগিব । সেইটো ঘাটৰ একমাত্ৰ মেচিন নাওঁখন বিয়া এখনৰ ভাড়াত গ'ল । সোনকালে ঘূৰি অহাৰ আশা নাই । বাহেঁৰে নিৰ্মিত বেঞ্চজাতীয় এখনত বেগকেইটা থৈ আন বহুতৰে লগতে ককাঁলটো পোনালো । ম'বাইলৰ নেটৱৰ্ক সমুলি নাছিল তেতিয়া ।

সময়তকৈ আধাঘণ্টামান দেৰীকৈ মেচিন নাওঁখন ঘাটত লাগিলহি । দুখন ডাঙৰ নাওঁ সংযোগ কৰি তাৰ ওপৰত ঘৰৰ দৰে টিঙেৰে চালি আকাৰত সাজি দিছে । ২৫ জন মান মানুহ কঢ়িয়াব পৰা এখন মিনি ফেৰী । ঘাটত লগাৰ লগে লগে সকলোৰে ব্যস্ততা বাঢ়িল । নিজৰ লাম-লাটুম লৈ সকলো নাওঁখনৰ ফালে গ'ল । জেপত মোৰ গড়মুড়তে কিনা লুজন আছিল । তাৰে এটা মুখত ভৰাই নাৱত উঠিলো । ২০ জনমান মানুহ । তিনিখন মটৰ চাইকেল । বহিবলৈ বাহেঁৰে গাধৈ পাৰি বেঞ্চ আকাৰে বান্ধি দিছে । বৈৰাগী ছাৰে মটৰ চাইকেলখন ঠিক ঠাক কৰি বাহঁৰ বেঞ্চখনতে দীঘল দিলে । বেগটো কান্ধৰ পৰা নমাই মইও হেলান দি চকুকেইটা জপাই দিলো । গাটো অৱশ লাগিছিল । নাওঁখনে তীব্ৰগতিত পানী ফালি আগবাঢ়িছিল লক্ষীমপুৰ অভিমুখে ।

আগলৈ...

www.anubhab.org
www.anubhab.org

স্বাগতম


আপোনালোক সকলোলৈ স্বাগতম।
এইয়া মোৰ হৃদয়ৰ ৰাগ, জীৱনৰ ৰাগ, সপোনৰ ৰাগ।
মোৰ সত্তাত ঢৌ খেলা এমুঠি ৰাগক বুটলি ঠাই দিছো।
আপোনালোকৰ সময়বোৰ শুভ হওঁক।