: ''ককা, মনিয়ে কান্দি আছে । মায়ে মনিৰ মাকক কাটিলে ।''
কনমাইহঁতৰ বৰঘৰতে গোটেইমখাই খিকিন্দালি মাৰি আছিল । ন-বোৱাৰীয়েকজনীয়ে চুৱাখন পাছচোতাললৈ নি কথমপি থৈছিলগৈ । ৰেণুৱে দৌৰি আহি ককাকক মাতিলে । ককাকে এহাতে কনমাইয়ে চকলিয়াই দিয়া তামোলখিনি মুখত ভৰাবলৈ লৈও ৰৈ গ'ল । পাঁচ বছৰীয়া ছোৱালীজনীয়ে কয় কি অ' ? ককাকে সেইবাৰত তামোলখিনি মুখত সুমুৱাই একাষে থৈ ললে । দাঁত নাই, কথা পাতিলে তামোল ওলাই অহাৰ সম্ভাৱনা সৰহ । নতুন বোৱাৰীয়েকজনী অনা চাৰিমাহ হৈছে । কামিলা । আহিয়ে ঘৰ ধৰিছে । তাই ঢপলিয়াই আহি বৰঘৰ নোপোৱা হ'লে তাত থকা কোনেও ৰেণুৰ কথা বিশ্বাস নকৰিলেইহেতেন চাগে । বৰঘৰটোৰ দুৱাৰখনৰ পৰা আতঁৰি মজিয়াতে কথাৰ মহলা মাৰি আছিল গোটেইমখাই । দুপৰীয়া ভাত খাই অতোৱাৰ পাছত এনেদৰে কিছুসময় বহা সিহঁতৰ পুৰণি অভ্যাস । বৰঘৰৰ দুৱাৰখনৰ পোনে পোনে তামোলৰ ঢকুৱাৰে চকুৱা এখন দিয়া আছে । তাৰ পৰাই সেইখন পথাৰ । পথাৰখন শেষ হ'লেই ৰেণুহঁতৰ ঘৰ । এবিঘা মাটিৰ পথাৰখন ৰেণুহঁতৰে । পথাৰখন আৰু ৰেণুহঁতৰ ঘৰটোৰ মাজেৰেই লুংলুঙিয়া বাটটোৱে গৈ মথাউৰি লাগিছেগৈ । পাছচোতালৰ পৰা সেই বাটটো সম্পূৰ্ণকৈ দেখি । বোৱাৰীয়েকেও সেইটো বাটেদি ৰেণুৰ মাকক তেজেৰে ৰাঙলী দা এখন হাতত লৈ ৰণচণ্ডী মুৰ্তী ধৰি মথাউৰিৰ ফালে গৈ থকা কথাটো ঢপলিয়াই আহি বৰঘৰৰ মেলত জনালে । গোটেইমখাৰ তেতিয়াহে চেতনা আহিল । বোৱাৰীয়েকজনীয়ে কথাষাৰ কৈয়ে লৰ মাৰিলে । পাছচোতালেদি পথাৰখনলৈ সৰু জপনা এখন আছে । সেইফালেদি চকুৰ পলকতে লুংলুঙিয়া বাটটোত উঠি ৰেণুৰ মাকৰ পাছে পাছে বোৱাৰীয়েক জনী দৌৰিছে । পাছে পাছে বাকীমখা । চিঞৰ বাখৰ কৰি গোটেই গাওঁখনত খবৰটো জনা জনি হ'ল । গাঁৱৰ বাকীমখাও মথাউৰিত উঠিলগৈ । ৰেণুৰ মাকে মুখেৰে কিবা কিবি ভোৰভোৰাই গৈ আছে । চকুত যেন মাঘৰ কেচাঁ মেজিৰ জুই হে জ্বলিব । কোনো ওচৰ চাপিবলৈ সাহস কৰা নাই । কোনোবাটোৱে ক'লে বিপুলক খবৰ দিব লাগে । গিৰিয়েকটো ক'ত গ'ল ? ক'ত আছে সি ?
- সি আজি পুখুৰী খান্দিবলৈ কদমগুৰিলৈ গ'ল । ঘটনাস্থলিৰ পৰা দুমাইল বাট । খবৰা খবৰি কৰিবলৈ চেঙেলীয়া দুটাক পঠালে । সচাঁ কথাটো বিপুলক যাতে কোৱা নহয় সেইকথা দহাই দহাই কৈ পঠোৱা হ'ল । বিপুলে নহ'লে কি কৰে ঠিক নাই । যি হ'ল হৈ গ'ল, ভালে থকাবোৰ অন্ততঃ ভালহৈ থাকক ।
মথাউৰিয়েদি গৈ থাকিলে চাচঁনি থানাখন পাবগৈ । ৰেণুৰ মাকো সেইটো মতলবেৰেই গৈ থকা বুলি মানুহখিনিয়ে ভাবি লৈছে । হত্যাকাৰিণী নিজৰ মতত অটল । ইফালে বেলি মূৰৰ ওপৰত । দহ গজমান আতঁৰি বাকী মানুহখিনিও ৰেণুৰ মাকৰ পাছ লৈছে । আজি মানুহখিনিৰ দুখ ভাগৰ নাই, ভোক পিয়াহ নাই । ৰেণুৰ মাকক চাইছে সিহঁতে । দাগী অপৰাধীক দেখিছে সিহঁতে । বহুতে অনুনয় বিনয় কৰিও তাইৰ হাতৰ পৰা দাখন কাঢ়ি আনিব পৰা নাই । ওচৰ চাপি গৈ টানি আজুৰি অনাটোও সমুচিন নহ'ব । এই অৱস্থাত তাই আকৌ কি কৰে ঠিক নাই । কদমগুৰিত আঠ নে ন বছৰৰ আগতে একেই ঘটনা এটাত মানুহ এজনীয়ে পুলিচ এটাকে ঘাপ মাৰি দিছিল । ভাগ্যক্ৰমে পাছত পুলিচটো বাছিল । সেইজনী মানুহৰ গোটেই জীৱনটো জেল হ'ল । ৰেণুৰ মাকৰো হ'ব । ৰেণুজনীলৈহে বেয়া লাগে । মানুহবোৰে কোৱা কুই কৰিবলৈ ধৰিলে ।
: 'খবৰদাৰ । কোনো ওচৰলৈ নাহিবি । চফা কৰি দিম । এজনীক শেষ কৰি থৈ আহিছো । তাই নাওনমুৱাজনীয়ে মোক চাকৰ পাইছিল ।'
ৰেণুৰ মাকৰ মাতষাৰ এইবাৰ ডাঙৰকৈয়ে ওলাল । গোটেই মানুহমখাই ভালকৈ শুনিলে । তাইৰ পাছে পাছে গৈ থকা দলটোৰ প্ৰথমশাৰী থমকিল । মানুহখিনিৰ ফালে চায়ে মানুহজনীয়ে কৈছে । এইজনীক বলোৱাতো আজি টান হ'ব । শেষৰফালে গুনগুননি উঠিল ।
: 'নবৌ দাখন দলিমাৰি দেছোন । বাঁহ এডাল কাটি লওঁ । আকৌ তোকে দি দিম ।'
সমন্ধীয় দেওঁৰেক এটাই ৰেণুৰ মাকক উদ্দেশ্যি কথাষাৰ ক'লে ।
মানুহখিনিয়ে ভাবিলে ফল নধৰে । তাই এতিয়া কাৰো কথা শুনাত নাই । তাই অন্য এক নাৰীলৈ সলনি হৈছে । খঙ মূৰত উঠি আছে । মানুহজনীৰ সচাঁকৈয়ে সহ্যৰ সীমা অতিক্ৰম কৰিছিল । নহ'লে এনেকুৱা এটা কাম কৰিবলৈ মাইকী মানুহ এজনীয়ে সাহস নকৰে । কিমান অসহ্য হ'লে মাইকী মানুহ এজনীয়ে মানুহ কাটিব পাৰে ? কিমান খঙ উঠিলে পাৰে ? তাত থকা কোনো এজনী মাইকী মানুহেও উত্তৰটো ভাবি পাৰ নাপালে । সকলোকে আচৰিত কৰি ৰেণুৰ মাক ৰ'ল । পাছে পাছে যোৱা মানুহমখাও । দাখন দেওঁৰেকৰ ফালে দলিমাৰি দি ৰেণুৰ মাকে খোপাটো খুলি দিলে । তাইৰ কিচকিচিয়া চুলিকোচা ককাঁললৈকে বৈ পৰিল । নাই, মানুহজনীৰ খঙ উঠিয়েই আছে । কমা নাই অলপো । কিজানি বাঢ়িছেহে । চকুকেইটা ৰঙা । পিন্ধি থকা কাপোৰবোৰ অসংযত । গাৱৰ বয়োজেষ্ঠ সকলৰ আগত কেতিয়াও মূৰ দাঙি কথা নোকোৱা, ওৰনিৰে মুখ ঢাকি থকা ৰেণুৰ মাক আজি সেইসকলোৰে সমুখত অৰ্ধউলংগ । আজিৰ কথা সুকীয়া । তাই আঠুলৈকে মেখেলাখন কোচাই থৈছে । দলিমাৰি দিয়া দাখন আতঁৰাই মানুহখিনি তাইৰ ফালে আগুৱাই গ'ল । পাঁচটা মানুহে যেনেতেনে ধৰি বান্ধি তাইক ঘৰলৈ ওভটাই লৈ অনা হল । বাটটোত আহোতে জোখতকৈ চাৰিগুণ সৰহ সময় লৈছিল ।
ৰেণুৰ মাকক আনি চ'ৰাঘৰতে বহুৱালে। চকী কেইখনে ঘৰটো পূৰ কৰি থয় । বৰ এটা পুৰণি নহয় । চাৰিবছৰমানৰ পুৰণি । চ'ৰাঘৰটোৰ পাছতে ঘৰটো দুভাগ হৈছে । সিফালে এটা ঘৰ , ইফালে এটা ঘৰ । মাজতে নেওঁৰা দি ঘৰদুটাক একেলগ কৰা । শেষলৈ পাকঘৰটো । ৰেণুহতঁৰ চোতালত বিৰ দি বাট নোপোৱা অৱস্থা । চ'ৰাঘৰত মানুহ সোমাবলৈ দিয়া নাই । মাইকী মানুহ দুজনী আৰু পাঁচটা মতা মানুহে ৰেণুৰ মাকক ৰখি আছে । তাই ক্ষান্ত হোৱা নাই । তললৈ মূৰ কৰি খৰকৈ উশাহ লৈছে । গাওঁবুঢ়াক খবৰ দিলে । আহিল । গাওঁবুঢ়াক বাটটো এৰি দি মানুহমখাই জুমিবলৈ ধৰিলে । আহিয়ে ষাঠিৰোৰ্দ্ধ বুঢ়ামানুহজনে চ'ৰাঘৰটোৰ পৰা সকলোকে বাহিৰলৈ পঠালে । দুৱাৰ খিড়িকী সকলো মাৰি ৰেণু মাকৰ সমুখলৈ চকী এখন টানি আনিলে । ৰেণুৰ মাকৰ চুলিখিনি তেতিয়াও খুলি থোৱাই আছিল । মেখেলাখন মাথো তললৈ নামিল ।
: 'ফুল, আইজনী অ' । কি হ'ল কছোন ? কিয় তই এনেকুৱা এটা কাম কৰিলি ?'গাওঁবুঢ়াই ৰেণুৰ মাকৰ মুখলৈ চালে । তাই মাজতে এবাৰ বুঢ়াৰ চকুলৈ পোন্দোৱাকৈ চাই পুনৰ তললৈ মূৰ কৰিলে । কিছু সময় নিৰৱ হৈয়ে থাকিল কোঠাটো । ক'ৰবাত জেঠিৰ টিকটিকনি । টিকাফটা ৰ'দৰ কাৰণে ঘৰৰ চালত থকা টিঙবোৰে কিটিক কিটিক মাত দিছে । চোতালত গুনগুননি । মানুহ ক্ৰমান্বয়ে বাঢ়িছেহে । কমা নাই ।
দুৱাৰমুখতে মনিৰ মাকৰ লাচটো চিতভুলুঙা খাই পৰি আছে । মনিজনী কান্দি কান্দি শুলে । কোনোবাই ভিতৰৰ বিচনাখনত থৈ আহিলগৈ । মনি ৰেণুতকৈও সৰু । থিয় দঙা দিয়াই নাই । তাইৰ গাতো তেজ । ৰেণুজনীকহে কোনেও বিচাৰি পোৱা নাই । কোনোবা এজনীয়ে ক'লে ৰেণুক কনমায়ে ফুচুলাই ফুচুলাই শুৱাইছে । দুৱাৰমুখৰ ঠাইখিনিত ডাঠ কেচাঁ তেজবোৰে ডাঙা পাতি পৰি আছে । বগীকৈ মানুহজনী ঐ । চুলিখিনি ভালৈ শুকুৱাই নাছিল । তেজ লাগি কোনো কোনো ঠাইত কৰাল বান্ধিছে । মনি মাকৰো চুলিকোছা দীঘল । ওচৰতে সৰু আইনাখন পৰি আছে । দেহি ঐ বেচেৰীয়ে চুলি কেইডালো আচুৰিবলৈ নাপালে । হাত এখনে তেতিয়াও ফনিখন খামোচ মাৰি ধৰি আছে । মুঠিটো টান । লাচটো কোনেও চুবলৈ সাহস কৰা নাই । পুলিচক খবৰ দিয়া হৈছে । আহিব ।
' ভগৱান আছে বুইছ । সকলো চাই থাকে । দোষীক শাস্তি দিয়ে ।'
মাইকী মানুহবোৰে ফুচফুচাই কথা পাতিছে । ৰ'দত মানুহখিনিয়ে ক'ৰবাত ছাঁ বিচাৰি পাই নেকি ভাৱত ইফাল সিফাল কৰি ফুৰিছে । মূৰৰ ওপৰৰ বেলিটো থকাৰ কাৰণে ছাঁ বৰকৈ নাই । তথাপিও যি যেনকৈ পাৰে মাটিয়ে বালিয়ে বহিছে । আজি মানুহমখাই সিহতঁৰ ঘৰত ফুৰিবলৈ অহা নাই । ৰেণুৰ মাকক চাবলৈ আহিছে । মানুহজনীয়ে মানুহ কাটিলে । দুঘাপ । এঘাপ কানৰ ওচৰত আৰু সিটো ডিঙিত । ডিঘিত পৰা ঘাপটো বাওঁকানখনৰ ঠিক তলতেই । মৰা মানুহজনীয়ে ছটফটাই ছটফটাই মৰিল । কষ্ট খালে মৰোতে । কাপোৰতেই চিন । তথাপি যেন মানুহখিনিৰ মৰা মানুহজনীলৈ বেয়া লগা নাই । তেওঁলোকৰ বেয়া লাগিছে ৰেণুৰ মাকলৈ । তাইক পুলিচে ধৰি নিব । পিটিব । জেলত ভৰাই থব । ৰেণুজনী আলৈ আথানি হ'ব । পাঁচবছৰীয়া ছোৱালীজনীয়ে কষ্ট পাব । মানুহবোৰৰ চকুত সেইবোৰ কথাই ।
কোনোবা এটাই ঢপলিয়াই আহি ক'লেহি পুলিচক খবৰ দিয়া হ'ল । আহিব । বিপুল কাই অহাই নাই নেকি ?অ'তো বিপুলৰ কথা সকলোৱে পাহৰিছিলেই । সিটো এতিয়াও পোৱাহি নাই । কি বা হৈছে তাৰ ? কথাটো গম পাই সি কিবা কৰি দিয়া নাইতো ? মানুহখিনিৰ নতুন চিন্তা এটা হ'ল । সেইটো কথাকে কিছুসময় আলোচনা চলিল ।
খবৰ দিবলৈ যোৱা ল'ৰাকেইটাই বিপুলক পহিলাতে ৰেণুৰ গাটো খুব বেয়া বুলি ঘৰলৈ আনিবলৈ চেষ্টা কৰিলে । বিপুল কামলৈ আহোতে ৰেণু আৰু মাক শুই উঠায়ে নাছিল । মাত এটাও নমতাকে আহিল বিপুল । নিজকে তাৰ বৰ দোষী দোষী লাগিল । মাকৰহে জ্বৰ উঠিব লাগিছিল, ছোৱালীজনীৰ আকৌ কি হ'ল । ল'ৰাকেইটাই কিবা মিছা মাতিছে নি ? বিপুলে পাকে প্ৰতি ল'ৰাকেইটাক পেঘেনীয়াই পেঘেনীয়াই আহিল । ল'ৰাকেইটাই কিবা কথা তাৰ পৰা লুকুৱাইছে । ঘৰত কিবা এটা হ'ল নেকি ? নহ'লে ইহঁতে তাক কিয় এনেকৈ মাতি আনিলে ? মনিৰ মাক ঠিকেই আছেনে ? ৰেণুৰ মাক একা ?' ফুল বৌয়ে মনিৰ মাকক ঘপিয়ালে । দুঘাপ । লগে লগেই সকলো শেষ ।'বাৰে প্ৰতি নকবলৈ সকীয়াই পঠিওৱা স্বত্তেও কথাটো কোনোবাটোৰ মুখেৰে ওলাল । বিপুলে বিকত চিঞৰ এটা মাৰি বাটটোৰ কাষৰ দ' খালটোলৈ জাঁপ মাৰি দিলে । ল'ৰা কেইটা সাজু হৈ আছিলেই । ভাগ্যে খালটোত পানী নাছিল । পানীৰে জুৰুলি জুপুৰি বিপুলক ল'ৰাকেইটাই ধৰি ধৰি ঘৰলৈ আনি আছে । এতিয়াও ঘৰ পাবলৈ এমাইলতকৈও বেছি বাট বাকী । বিপুলে চিঞৰিছে । কান্দিছে । সিহঁতি কি বুলি সান্ত্বনা দিব ?
ৰেণুৰ মাকে মুখ খুলিছে । গোটেই মানুহমখাৰ মাজত গুনগুনিৰ ঢৌ এটাই খেলি গ'ল । যি যেনেকৈ পাৰে বিপুলহতঁৰ চ'ৰাঘৰটোৰ বেৰত কান থৈ বাহিৰৰ পৰা ৰেণুৰ মাকৰ কথাবোৰ শুনিবলৈ যত্ন কৰিলে । এনেও পাছত কথাবোৰ গম পামেই বুলি একে ঠাইতে বহি থকা মানুহৰ সংখ্যা তাকৰ । সকলোৰে মুখত উৎকণ্ঠা । মানুহবোৰে ভালদৰে একো শুনা নাই । ভিতৰলৈ কাকো সোমাবলৈ দিয়া নাই । ৰেণুৰ মাকে গাওঁবুঢ়াক সকলো কৈছে । চোতালখন নিজম পৰিল । আগফালৰ পথাৰডৰাৰ পৰা ছাগলী পোৱালী এটাৰ বেবনি এটা আহি মানুহবোৰৰ কানত পৰিল । সকলোৱে সেইফালে ঘূৰি চালে । মাকজনী দূৰলৈ গ'ল বোধহয় ।
: ''কালি ৰাতি ৰেণুৰ বাপেকে মোক মাৰিছিল । পিঠিখন তেনেই অৱস্থা নাই । আপোনাকনো কি বুজাম ফুকন দেউতা । বয়োজেষ্ঠ আৰু গাওঁখনৰ মুৰব্বী । ক'লেই বুজি পাব । সৰু সৰু কথা নহয় দেউতা । সকলো ক'ম । পুলিচে নিয়াৰ আগতেই সকলো কৈ যাম ।'' ৰেণুৰ মাকে মুখ খুলিলে । তাই তললৈ মূৰ কৰি মাথো কৈ গ'ল । কেতিয়াবা সৰুকৈ, কেতিয়াবা খঙত ডাঙৰকৈ । কেতিয়াবা কেতিয়াবা আকৌ খৰকৈ কয় । গাওঁবুঢ়াই শুনি যায় ।
: ''ঘৰৰ শিপাডালেই কলি । তেখেতৰ কাৰণেই সকলো হৈছে । তেওঁ ৰেণুকে মোকে মানুহ যেনেই নেদেখা হ'ল । খোৱা-বোৱা, থকা-মেলা সেই বনৰী জনীৰ ফালেই কৰে । সিহঁতৰ হাঁহি খিকিন্দালি শুনি কেনেকৈ সহি থাকো অ' দেউতা । ৰেণু কাইলৈ ডাঙৰ হ'ব । বাপেকটোৰ মৰম বুলি এতিয়া নুবুজিলেও এসময়ত বুজিব । যদি তেখেতৰ আৰু এজনী আনিবলৈয়ে মন আছিল আমাৰ হালক মাৰি নেপেলালে কিয় ? ৰেণু গাত আছিল তেতিয়া । চফা হ'বলৈ দুমাহ আছিল কি নাছিল । নতিনীজনীক আনি সোমোৱালেহি । বহুদিনৰ পৰা লিলিমাই হেনো । মই লোকৰ মুখেৰে শুনা । নাচ গান কৰা পটেশ্বৰী । তেজখাতীয়ে মানুহটোৰ মূৰটো খালে । সতিনী মাইকী ক'ত সংসাৰ চলিব কওঁক আপুনিয়ে । ঘৰ, দুটা কৰি বেলেগ কৰি দিলে । তেখেত ইফালে থাকে । সেইখিনিলৈকে আপুনি জানে হ'বপায় । তাই অহা দিন ধৰি এই বান্দীয়ে লেদেনা উকটিয়ে আছো । ৰ'বলৈ আহৰি নাই । সিহঁতি ভালৰ ভাল বস্তুটো খাব । মোক নালাগে, ৰেণুলৈও কেও কিছু সৰি পৰিব নাপায় নে ? সেইটো মতাৰে মই পাটীৰ তিৰী আছিলোনে ? ভাবিলে খুব দুখ লাগে দেউতা কেতিয়াবা । খুব কান্দো অকলে অকলে বিচনাখনতে পৰি । ৰেণুৱে চকুপানীবোৰ মচি দিয়ে । তাইক বুকুত লৈ শুই থাকো । তেনেকৈয়ে জীয়াই থাকিলোহেতেন । পিছে তাই মোক ইমানতো ৰেহাই নিদিলে অ' দেউতা । মতাটোক মোৰ কথা মিছাতে কিবা লগায় । পহিলা একো চমজিবই নোৱাৰিছিলো । ৰাতি মাথো কেতিয়াবা কথা নাই বতৰা নাই ৰেণুৰ বাপেকে মোক মাৰে । কেতিয়াবা ৰেণুকো মাৰে । এদিন তাইৰ মুখতে ওলাল নহয় কথাটো । এখেত নাথাকোতে হেনো মোৰ ওচৰলৈ ক'ৰবাৰ মতা এটা আহে । মই চপাই লৈছো হেনো । তাই থাকে সিটো কোঠাত, এইটো কোঠাত মই । ফুচফুচাই কথা ক'লেও শুনে । দেউতা অ' এইয়া ঘৰৰ মাজত আছো, কোনো মতাক মই লাই দিয়া নাই অ' । মই মা-ৰ ঘৰলৈও যাবগৈ পাৰিলোহেতেন অ' দেউতা । নগ'লো । মানুহটোক কেনেকৈ এৰিম ? সেইটো মানুহৰ লগতে জুইক সাক্ষী কৰি বিয়াত সোমাইছিলো মই । সেইটো মানুহৰ বাদে আজিলৈকে মোক কোনেও চুই পোৱা নাই অ' দেউতা । তাই কালিও সেইবোৰ কথা লগায় লগায়ে মোক মাৰ খোৱালে । গোটেই ৰাতি মোক মাৰধৰ কৰিছে দেউতা । ৰাতি তিনি মান বজালৈকে বাজতে আছো । পিৰালিতে বহি থাকিলো । ৰেণুৱে সাৰ পাই কন্দাৰ কাৰণে ভিতৰলৈ গ'লো । মই কালিয়ে চাদৰ এখন ফাচ লগাই উলমি দিবলৈ মন আছিল । ৰেণুৰ মুখখনে নিদিলে । পিঠিৰ বিষত বিছনাত শুবও পৰা নাই, বহি আছিলো কান্দি কান্দি । কাউৰীয়ে কা কা কৰাৰ কথা গম নাপাওঁ । টোপনি গৈছিল সম্ভৱ । এই পাখৰীজনীৰ চিঞৰত সাৰ পাই গ'লো । তাই মনিক উদ্দেশ্যিয়ে কথা কৈছে, শুনাইছে মোক ।''
একেলেথাৰিয়ে ইমানবোৰ কোৱাৰ পিছত ৰেণুৰ মাক অলপ ৰ'ল । আকৌ আৰম্ভ কৰিলে ।
: ''মনি ঐ, বাপেৰটো পুখুৰী খান্দিবলৈ গ'ল পুৱাতে, মইও ঢলপুৱাতে উঠিলো । তই হে শুই থাক' । কুলক্ষনী হবি তই আগলৈ । তোৰ চেহেৰাতে আছে । দেৰীলৈকে শুই থকাবোৰ কুলক্ষনী । ঘৰ ভাঙে ।''
থিয় দঙা দিবলৈকে বাকী থকা ছোৱালীজনীক এইবোৰ কথা কয় নেকি দেউতা ? মোকেই শুনাইছে । মোকেই কৈছে তাই । মই ৰৈ থাকিব নোৱাৰিলো । কি হৈ গ'ল নাজানো একো । আগৰাতিৰ খঙ খিনি আছিলেই মূৰত । বিচনা তলতে দা এখন থওঁ । ৰাতি বাজলে যাওঁতে লৈ যাওঁ । সেইখন টানি আনি মই কি কৰিলো নিজেই নাজানো । মনি ওচৰতে বহি কল এটা খাই আছিল । মাকজনীয়ে সিহঁতৰ ফালৰ দুৱাৰডলিতে আইনাখন থৈ চুলি আচুৰিছিল । আমাৰ কোঠাৰ দুৱাৰখন আৰু সিহঁতৰখন প্ৰায় মুখামুখি । এইফালে পিঠি দি থকাৰ কাৰণে তাই একো তৎ ধৰিব নোৱাৰিলে । মনিয়ে কান্দিছিল । মোৰ অলপো বেয়া নালাগিল । ৰেণুজনী বিচনাত নাছিল । ক'ত আছিল নাজানো । বাহিৰে বাহিৰে থানাত হাজিৰ হওঁগৈ বুলি গৈছিলোগৈ ।''
ৰেণুৰ মাকে পানী খাবলৈ বিচাৰিলে । মাকৰ ঘৰৰ ফালৰ ককায়েকটো পালেহি । মনি মাকৰ ফালে ঘৰত কোনো নাই । একমাত্ৰ মাকজনী কেতিয়াবাই মৰি ভূত হ'ল । বিপুল আহি নৌপাওঁতেই পুলিচে একেখন গাড়ীতে লাচটো আৰু ৰেণুৰ মাকক থানালৈ লৈ গ'ল । মানুহবোৰ কমি কমি শেষ হ'ল । বিপুল আহি ঘৰখনত একো নাপালে । বিচনাত মনি দুৱাৰমুখতে তেজৰ ডোঙা । সি শুঙি চালে । হয়, তেজবোৰ নিৰুৰ । মৰমৰ নিৰুৰ । ¤¤
সমাপ্ত ।